Logo
image

আছু-ছাত্ৰ পৰিষদৰ সংঘাতৰ আঁৰত লুৰীণ

ছাত্ৰ পৰিষদৰ বিস্ফোৰক অভিযোগ  

আমাৰ অসম, ২৯ ডিচেম্বৰঃ আছু আৰু অসম ছাত্ৰ পৰিষদৰ একাংশ নেতা-কৰ্মীৰ মাজত মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি অব্যাহত থকা যুঁজ-বাগৰে উত্তপ্ত কৰি ৰাখিছে সমগ্ৰ ডিব্ৰুগড় জিলা৷ ইয়াৰ মাজতে চল চাই কঠীয়া পাৰিছে শাসকীয় বিজেপিৰ ভাতৃ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে৷ ডিব্ৰু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনক কেন্দ্ৰ কৰি সংঘটিত হোৱা মাৰপিটৰ ঘটনাক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিৰুদ্ধে ৰাজনীতিকৰণৰ অভিযোগ আনিছে অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদে৷ সোমবাৰে নিশা অগপৰ  চৌকিডিঙ্গিস্থিত কাৰ্যালয়ত অসম ছাত্ৰ পৰিষদে অনুষ্ঠিত কৰা এক সংবাদ মেলত এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি কন্দৰ্প দিহিঙ্গীয়াই৷ তেওঁ জানিবলৈ দিয়া মতে, শুকুৰবাৰে অনুষ্ঠিত ডিব্ৰু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ১৩টা পদৰ বিপৰীতে ১১টা পদতে বিজয়ী হৈছিল অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী৷ এই নিৰ্বাচনত এবিভিপিয়ে ছাত্ৰ পৰিষদক সমৰ্থন আগবঢ়াইছিল৷ কিন্তু সমৰ্থন আগবঢ়ালেও এবিভিপিৰ এই ৰাজনীতিকৰণ আমি মানি ল’ব পৰা নাই৷ সেইদৰে আছুৱে এই পৰাজয় মানি ল’ব নোৱাৰিহে পৰিষদৰ চাৰিজনকৈ ছাত্ৰৰ ওপৰত চোকা অস্ত্ৰৰে আক্ৰমণ কৰা বুলি অভিযোগ তুলিছে৷ ছাত্ৰ পৰিষদৰ প্ৰাৰ্থী আৰু সমৰ্থনকাৰী ছাত্ৰ-ছাত্ৰীক মাৰধৰ কৰি ভয়-ভাবুকি দিয়া বুলিও আছুৰ বিৰুদ্ধে অভিযোগ আনিছে ছাত্ৰ পৰিষদৰ নেতাজনে৷ আছুকৰ্মীৰ চোকা অস্ত্ৰৰ আক্ৰমণত ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী জ্যোতিৰ্ময় গগৈ, ঋতুকল্প গগৈ, ছাত্ৰ পৰিষদৰ জিলা উপ-সভাপতি বিতুপন দিহিঙ্গীয়া, পৰশজ্যোতি গগৈ গুৰুতৰভাৱে আহত হৈ বৰ্তমান চিকিৎসাধীন হৈ থকাৰ কথাও প্ৰকাশ কৰিছে৷ আনহাতে, এই অপ্ৰীতিকৰ ঘটনাটোত এবিভিপিৰ সৈতে অসম ছাত্ৰ পৰিষদৰ কোনোধৰণৰ সম্পৰ্ক নাই বুলি মন্তব্য কৰি পৰিষদৰ কোনো ছাত্ৰ এবিভিপিত যোগদান কৰা নাই বুলিও স্পষ্ট কৰি দিছে৷ কূটকৌশলী ৰাজনীতিৰে এবিভিপিয়ে আছুৰ সৈতে সংঘাত বৃদ্ধি কৰিব বিচৰা বুলিও অভিযোগ তুলিছে৷ অন্যহাতে, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধেও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ছাত্ৰ পৰিষদৰ নেতৃত্বই৷ আছু আৰু ছাত্ৰ পৰিষদৰ মাজত সৃষ্টি হোৱা সংঘাতৰ আঁৰত লুৰীণজ্যোতি গগৈৰ হাত থকা বুলি ছাত্ৰ পৰিষদে অভিযোগ কৰে৷ অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ এই মাৰপিটৰ ঘটনাত জড়িত থকা বুলি ছাত্ৰ পৰিষদে অভিযোগ কৰে৷ ইফলে, ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশত আছুৰ কৰ্মীসকলৰ ওপৰত আক্ৰমণ কৰা বুলি উত্থাপিত অভিযোগক ভিত্তিহীন আখ্যা দিছে ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সভাপতি ভাস্কৰজ্যোতি দত্তই৷ 

চাবুৱাৰ খেলপথাৰতো আছুৰ প্ৰতিবাদ

আছুৰ শ্বহীদ বেদীক আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই কৰা অপমানৰ বিৰুদ্ধে অব্যাহত আছে আছুৰ প্ৰতিবাদ৷ ২৭ ডিচেম্বৰৰ পৰা ৰাজ্যজুৰি আছুৱে ঘোষণা কৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশস্বৰূপে আজি চাবুৱাৰ খেলপথাৰতো আছুৱে ৰূপায়ণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী৷ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত চাবুৱাত অনুষ্ঠিত হৈ থকা শিক্ষাবিদ  নন্দলাল বৰগোহাঁই সোঁৱৰণী আন্তঃআঞ্চলিক দিবা-নৈশ ভলীবল খেল প্ৰতিযোগিতাত ক’লা বেজ পৰিধান কৰি ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা আৰু আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ আনহাতে, খেলখনৰ শুভাৰম্ভ কাৰ্যসূচী উপলক্ষে পতাকা উত্তোলনৰ সময়তো ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ কৰে৷ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্তই কয় যে, ৮৫৫জন শ্বহীদৰ স্মৃতি বিজড়িত পৱিত্ৰ শ্বহীদ ভৱনত আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰাই কাৰ সাহসত জোতা পিন্ধি শ্বহীদ বেদীত উঠিলে বুলি প্ৰশ্ন উত্থাপন কৰে৷ ছাত্ৰ সন্থাৰ কৰ্মীক শ্বহীদ ভৱনৰ পৰা মাৰপিট কৰি ওৰে নিশা থানাত মাৰপিট কৰাক লৈ জবাব বিচাৰিছে আছুৱে৷ ইফালে এটা বিশেষ ৰাজনৈতিক দল আৰু ছাত্ৰ সংগঠনৰ আৰ্শীবাদপুষ্ট ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰক চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰালৈকে ছাত্ৰ সন্থাই প্ৰতিবাদ অব্যাহত থাকিব বুলি সকীয়নি প্ৰদান কৰিছে৷ বুধবাৰে আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভটাচাৰ্যৰ নেতৃত্বত ডিব্ৰুগড়ৰ সদৰত বৃহৎ প্ৰতিবাদ হ’ব বুলি জানিবলৈ দিছে জিলা ছাত্ৰ সন্থাই৷

এছপি সন্মিলনত আছুৱে অঘটন ঘটোৱাৰ আশংকা

আমাৰ অসমঃ দুলীয়াজানত এখন ডাঙৰ সন্মিলন অনুষ্ঠিত হ’বলৈ গৈ আছে৷ গতিকে এইক্ষেত্ৰত আমি আছুক সহযোগ কৰিবলৈ কৈছোঁ৷ তেওঁলোকে যদি সন্মিলনৰ সময়ত কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে তেনেহ’লে আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম৷ এই মন্তব্য ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ৷ আৰক্ষী অধীক্ষক সন্মিলনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে মন্ত্ৰী বিমল বৰা¸ ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগুসহ দুলীয়াজানত উপস্থিত হৈ এই মন্তব্য কৰে আৰক্ষী অধীক্ষকজনে৷ ডিব্ৰু মহাবিদ্যালয়ৰ নিৰ্বাচনকেন্দ্ৰিক সংঘাতৰ পাছত যুদ্ধংদেহী হৈ পৰিছে আছু আৰু আৰক্ষী প্ৰশাসন৷ ইতিমধ্যে আছুৱে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা আৰু ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰি ১৩ জানুৱাৰীলৈকে এলানী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে৷ এই কাৰ্যসূচীৰ মাজতে জানুৱাৰীৰ প্ৰথম সপ্তাহত দুলীয়াজানৰ অভিজাত বিনোদনস্থলী জালনী ক্লাবত আৰক্ষী অধীক্ষকৰ সন্মিলন অনুষ্ঠিত হ’ব আৰু উক্ত কাৰ্যসূচী আছুৰ তৰফৰ পৰা প্ৰবল প্ৰতিবাদৰ সন্মুখীন হোৱাৰ ইংগিত পোৱা গৈছে৷ ইতিমধ্যে জিলা উপায়ুক্তৰে আছু নেতৃত্বৰ এখন বৈঠক সম্পন্ন হৈছে যদিও প্ৰশাসনৰ তৰফৰ পৰা কোনো নিশ্চিত হ’ব পৰা আশ্বাস লাভ নকৰাত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে৷ ইফালে¸৩ আৰু ৪ জানুৱাৰীত অনুষ্ঠিত হ’ব লগা আৰক্ষী অধীক্ষকৰ সন্মিলনৰ প্ৰস্তুতিৰ বুজ ল’বলৈ দুলীয়াজানত উপস্থিত হয় শক্তি আৰু ক্ৰীড়ামন্ত্ৰী বিমল বৰা৷ ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগু আৰু দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰচ গোৱালাৰ লগতে দুলীয়াজান মণ্ডল বিজেপিৰ সভাপতি সুদৰ্শন বসুমতাৰীৰ লগতে বিজেপিৰ নেতা-কৰ্মীয়ে মন্ত্ৰীজনক সংগ দিয়ে৷ মন্ত্ৰীজনে সাংবাদিকৰ আগত অৱগত কৰে যে ইংৰাজী নৱবৰ্ষৰ তৃতীয়টো দিনতেই তৈলনগৰী দুলীয়াজানত উপস্থিত হ’ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰  হিমন্ত বিশ্ব শৰ্মা৷  অসম আৰক্ষী অধীক্ষকৰ দ্বিতীয়খন সন্মিলনত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰীজন৷ এই উদ্দেশ্যৰে মুখ্যমন্ত্ৰী ড॰  হিমন্ত বিশ্ব শৰ্মাই দুটা দিন দুলীয়াজানত কটোৱাৰ লগতে প্ত জানুৱাৰীত চাচনি মেৰবিল পৰ্যটন প্ৰকল্পত নিশা থাকিব বুলিও তেওঁ জানিবলৈ দিয়ে৷  চৰকাৰ-প্ৰশাসনৰ লগতে অইল ইণ্ডিয়াৰ মুখ্য আবাসীক বিষয়া প্ৰশান্ত বৰকাকতীৰ লগতে তৈল প্ৰতিষ্ঠানটোৰ উচ্ছপদস্থ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়৷

চাবুৱাত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ 

আমাৰ অসমৰঃ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত চাবুৱাৰ নিকটৱৰ্তী চেতিয়া গাঁৱত আজিৰে পৰা অনুষ্ঠিত হৈছে নন্দলাল বৰগোহাঁই আন্তঃআঞ্চলিক ভলীবল প্ৰতিযোগিতা৷ এই প্ৰতিযোগিতাৰ মাজতে মূৰত ক’লা কাপোৰ বান্ধি এক প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ কৰ্মীসকলে৷  ডিব্ৰুগড়ৰ এখন কলেজত অনুষ্ঠিত নিৰ্বাচনকেন্দ্ৰিক এক সংঘাতৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় আৰক্ষীয়ে জিলা ছাত্ৰ সন্থাৰ শ্বহীদ ভৱনত প্ৰৱেশ কৰি কেইবাজনো ছাত্ৰ নেতাক আটক কৰা কাৰ্যক জিলাৰ অধীক্ষক শ্বেতাংক মিশ্ৰক গৰিহণা দিয়াৰ লগতে তেওঁৰ এই অনীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ আটকাধীন ছাত্ৰ নেতাসকলক মুক্তি নিদিয়াপৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৰ নেতৃত্বই৷ ইফালে পুলিচ প্ৰশাসনে ছাত্ৰ নেতাকেইজনক ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত আটক কৰা বুলি অভিযোগ তুলি কাইলৈ ডিব্ৰুগড় সদৰত এক বিক্ষোভ কাৰ্যসূচীও গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে সংগঠনটোৰ নেতাসকলে৷ বিক্ষোভ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি- সম্পাদকৰ লগতে মুখ্য উপদেষ্টা সমুজ্বল কুমাৰ ভাট্ৰাচাৰ্য উপস্থিত থাকিব বুলি জনাইছে৷