Logo
image

আজিৰ পৰা অসম গ্ৰন্থমেলা

  ঢাকাৰ ১০খন বিপণীৰো যোগদান

আমাৰ অসম, ২৯ ডিচেম্বৰঃ ‘২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব ‘অসম গ্ৰন্থমেলা’৷  অসম অভিযন্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত মঙলবাৰে অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই৷ তেওঁ লগতে কয়- অসম অভিযন্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত এইবাৰ প্ৰথম বাৰৰ বাবে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত ১২ দিনীয়া কাৰ্যসূচীৰে  ‘অসম গ্ৰন্থমেলাৰ’ অনুষ্ঠিত হ’ব৷ এইবাৰ ১৫০টা গ্ৰন্থ প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিব৷ ইয়াৰ ভিতৰত ঢাকাৰ পৰা ১০টা গ্ৰন্থ প্ৰতিষ্ঠানে অংশ গ্ৰহণ কৰিব৷ বুধবাৰে বিয়লি ৩ বজাত অসম গ্ৰন্থমেলা উদ্বোধন কৰিব অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ, শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে৷ উদ্বোধনী অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড॰ কুলধৰ শইকীয়া, উপস্থিত থাকিব৷ আনহাতে বিশিষ্ট লেখক, প্ৰকাশক লীলাধৰ মাণ্ডলই শাৰীৰিক অসুস্থতাৰ বাবে এতিয়াও বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ নি(য়তা দিয়া নাই৷ সভাত সন্মানীয় অতিথি হিচাপে শিক্ষা বিভাগৰ উপদেষ্টা ড॰ ননীগোপাল মহন্ত উপস্থিত থাকিব৷ লগতে প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২১ প্ৰদান কৰা হ’ব৷ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে৷ বৃহস্পতিবাৰে জ্ঞানপীঠ বঁটাৰে সন্মানিত কবি নীলমণি ফুকনক সম্বৰ্ধনা জনোৱা হ’ব৷ অসম গ্ৰন্থমেলা পুৱা ১১ বজাৰ পৰা নিশা ৮ বজালৈ গ্ৰন্থানুৰাগীৰ বাবে মুকলি থাকিব৷ তদুপৰি প্ৰৱেশ টিকটৰ মূল্য ১০ টকা ধাৰ্য কৰা হৈছে আৰু ১০০ টকীয়া চিজন টিকটৰ ব্যৱস্থা কৰা হৈছে৷ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰৱেশ বিনামূলীয়া হ’ব৷ সেইদৰে ৩১ ডিচেম্বৰত ‘আসাম বিলাসিনী’ কাকতৰ প্ৰকাশৰ ডেৰশ বছৰ উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ পহিলা জানুৱাৰীত যুৱ লেখকৰ সাহিত্যানুষ্ঠান অনুষ্ঠিত হ’ব৷ ৯ দিনীয়া অসম গ্ৰন্থমেলাৰ কাৰ্যসূচীত সাহিত্য অকাডেমিৰ অনুষ্ঠান, শিশুৰ দিন আদি বিভিন্ন কাৰ্যসূচী থাকিব৷ সেইদৰে জ্ঝ জানুৱাৰীৰ সামৰণি অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে গোৱাৰ বিশিষ্ট সাহিত্যিক, জ্ঞানপীঠ বঁটাৰে সন্মানিত দামোদৰ মাউজো, বিশিষ্ট অতিথি হিচাপে বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো উপস্থিত থাকিব৷ সিদিনা সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীয়ে৷ ক’ভিড বিধি মানি এইবাৰ ‘অসম গ্ৰন্থ মেলাৰ’ আয়োজন কৰা হৈছে৷ লগতে পাৰ্কিংৰো সু-ব্যবস্থা কৰা হৈছে৷ ‘ সংবাদ মেলত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীয়ে কয় অসম গ্ৰন্থমেলা উপলক্ষে অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে৷এইবাৰ সৰহ সংখ্যক অসমৰ গ্ৰন্থ প্ৰতিষ্ঠানে অংশ গ্ৰহণ কৰিছে৷ এইবাৰ তিনি শতাধিক নতুন গ্ৰন্থ অসম গ্ৰন্থমেলাত গ্ৰন্থানুৰাগীয়ে দেখা পাব৷’ সংবাদ মেলত সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থাৰ সভাপতি ইমৰাণ আহমেদ উপস্থিত থাকি অসম গ্ৰন্থ মেলাৰ সফলতা কামনা কৰে৷