Logo
image

শীতত ঊলৰ পোছাক পিন্ধি শোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক

শীতকালত ঠাণ্ডাৰ পৰা হাত সাৰিবৰ বাবে বহুতৰে ঊলৰ পোছাক পৰিধান কৰি শোৱাৰ অভ্যাস আছে৷ ঊলৰ ছুৱেটাৰ, মোজা আদি পৰিধান কৰি শুলে স্বাস্থ্যৰ বাবে আহিব পাৰে ভয়ংকৰ বিপদ৷ 

১/ ঊলৰ পোছাক পৰিধান কৰিলে শৰীৰৰ তাপমাত্ৰা যথেষ্ট বৃদ্ধি পাব পাৰে৷ বিশেষতঃ হূদযন্ত্ৰৰ কোনো সমস্যা থাকিলে এই ক্ষেত্ৰত বিপদ বাঢ়িব পাৰে৷ 

২/ ৰাতি শোৱাৰ সময়ত ছুৱেটাৰ পিন্ধি শুলে ছাল শুকান হৈ উঠে, যিহেতু ঊলৰ ছুৱেটাৰ আদি পিন্ধি শুলে ৰক্ত সঞ্চালন আদিতো বাধাৰ সৃষ্টি হ’ব পাৰে৷

৩/ সাধাৰণতে ছুৱেটাৰ আদি যি ধৰণৰ উপাদানেৰে তৈয়াৰ কৰা হয় তাৰ জৰিয়তে তাপমাত্ৰা অটুত ৰাখিব পৰা যায়৷ সাধাৰণ সূতাৰ পোছাকতকৈ  ঊলৰ পোছাকে তাপমাত্ৰা ধৰি ৰাখে৷ যাৰ ফলত এনেধৰণৰ পোছাক পৰিধান কৰিলে শৰীৰ উষ্ণতা বৃদ্ধি পায়৷ অতিৰিক্ত এই উষ্ণতা ডায়েবেটিছ ৰোগীৰ বাবে বিপজ্জনক হৈ উঠিব পাৰে৷ 

৪/ শোওতে ঊলৰ মোজা পিন্ধাটো ভাল অভ্যাস নহয়৷ ঊলে তাপমাত্ৰা অটুত ৰাখিলেও ঘাম শোষণ কৰিব নোৱাৰে৷ যাৰ বাবে এনেধৰণৰ ঊলৰ মোজা পৰিধান কৰি শুলে ঘাম জমা হোৱাৰ সমস্যা সৃষ্টি হ’ব পাৰে৷ ইয়াৰ ফলত নানাধৰণৰ চৰ্মৰোগত ভোগাৰ আশংকা থাকে৷ 

৫/ শিশুক সাধাৰণতে ঠাণ্ডা দিনত গৰম পোছাক পিন্ধাই শুবলৈ দিয়া হয়৷ এনে কৰিলে উপকাৰতকৈ অপকাৰহে হয় বেছি৷ গৰম পোছাক পৰিধান কৰি শোৱাৰ ফলত যি উষ্ণতাৰ সৃষ্টি হয় তাৰ বাবে শিশুটোৰ শৰীৰৰ পৰা ঘাম বাহিৰ হয়৷ সেই ঘাম ৰৈ যোৱাৰ ফলত বুকুত ঠাণ্ডা জমা হ’ব পাৰে৷ সেইবাবে শীতকালৰ দিনকেইটাত ঠাণ্ডাৰ পৰা হাত সাৰিবৰ বাবে ঊলৰ  পোছাক পৰিধান কৰি শোৱাৰ অভ্যাস এৰিব লাগে৷