Logo
image

মদ খাওক আৰু আৰক্ষীক মাতক

আমাৰ অসম, ৩০ ডিচেম্বৰঃ গাড়ীৰ আৰোহীসকলে সুৰাপান কৰাত আপত্তি নাই যদিও গাড়ীচালকে মদ খাব নোৱাৰিব৷ এয়া সকলো দিনতে প্ৰযোজ্য হয় যদিও ৩১ ডিচেম্বৰৰ কথাটো সুকীয়া৷ ইংৰাজী নৱবৰ্ষক আদৰণি জনোৱাৰ নামত একাংশ লোক ইমানেই আনন্দত মত্ত হৈ পৰে যে এই দিনটোত দুৰ্ঘটনাৰ সংখ্যা কেইবাগুণো বৃদ্ধি পায়৷ সেইবাবেই উক্ত আহ৩ান জনাই মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই কিছুদিন পূৰ্বেই ঘোষণা কৰিছিল যে ৩১ ডিচেম্বৰত মদ খাই গাড়ী চলোৱাসকলক আৰক্ষীয়ে বাধা দিব, তেওঁলোক কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব৷ লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰীৰ এই আহ৩ানৰ আঁত ধৰি বিশ্বনাথ জিলা আৰক্ষীয়ে ৩১ ডিচেম্বৰৰ নিশা সুৰাপান কৰাসকলৰ বাবে ঘোষণা কৰিছে বিশেষ অফাৰ৷ ইয়াৰ জৰিয়তে বিশ্বনাথ আৰক্ষীয়ে কাৰ্যতঃ প্ৰমাণ কৰি দিলে যে তেওঁলোক অসমৰ বহুচৰ্চিত স্মাৰ্ট আৰক্ষীতকৈ বহুখিনি আগুৱাই গৈছে৷ বিশ্বনাথৰ উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত জিলাখনৰ আৰক্ষী অধীক্ষক লীনা দলেই এই কথা ঘোষণা কৰে৷ সংবাদমেলত আৰক্ষী অধীক্ষকগৰাকীয়ে কয়– মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত কোনো লোকে যাতে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া নহয়, তাৰ বাবে বিশ্বনাথ আৰক্ষী তৎপৰ হৈ পৰিছে৷ নতুন বছৰ আৰম্ভ হোৱাৰ এসপ্তাহ আগৰে পৰাই আৰক্ষীয়ে ঠায়ে ঠায়ে ব্ৰেথ এনালাইজাৰ ব্যৱহাৰ কৰি সুৰাপায়ীসকলক চিনাক্ত কৰিছে, জৰিমনা বিহিছে বা বুজাই-বঢ়াই ঘৰলৈ পঠিয়াই দিছে৷ ৰাইজৰ মাজতো সজাগতা সৃষ্টিৰ চেষ্টা চলাই আছে বিশ্বনাথ আৰক্ষী আৰু অসামৰিক প্ৰশাসনে৷ ৩১ ডিচেম্বৰৰ নিশা পাৰ্টী কৰি বিপদত পৰাসকলক সহায় কৰিব বিশ্বনাথ আৰক্ষীয়ে৷ সুৰাপান কৰি ঘৰলৈ উভতি আহিব নোৱৰা বা গন্তব্যস্থানলৈ যাবলৈ অসুবিধা পোৱাসকলক জিলা প্ৰশাসনৰ সহযোগত আৰক্ষীয়ে গাড়ীৰে নিৰ্দিষ্ট স্থানত থৈ অহাৰ ব্যৱস্থা কৰিছে৷ ইয়াৰ বাবে মুকলি কৰা হৈছে দুটা হেল্পলাইন নম্বৰ– ৯৯৫৪৭-৫৮৯৬১ আৰু ৯৮৫৪৬-৮৪৭৬০৷ এই দুটা নম্বৰত ফোন কৰিলেই সুৰাপায়ীক সহায় কৰিবৰ বাবে নিৰ্দিষ্ট স্থানত উপস্থিত হ’ব আৰক্ষী৷ সুৰাপান কৰি গাড়ী চলাই যাতে দুৰ্ঘটনা সংঘটিত নকৰে, তাৰ বাবেই এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বিশ্বনাথ আৰক্ষীয়ে৷ সেইসূত্ৰে ৩১ ডিচেম্বৰত বিশ্বনাথ জিলাৰ সকলো থানাত অনবৰতে সাজু হৈ থাকিব আৰক্ষীৰ গাড়ী৷ বিশ্বনাথ চাৰিআলি থানাত তিনিখন, গহপুৰ থানাত দুখন, চতিয়া থানাত দুখন, জিনজিয়া থানাত এখন, হেলেম থানাত এখন আৰু বিহালী থানাত এখন আৰক্ষীৰ গাড়ী ৰখা হ’ব এই বিশেষ উদ্দেশ্যত৷ নিৰ্দিষ্ট হেল্পলাইন নম্বৰত ফোন কৰিলেই হাজিৰ হ’ব আৰক্ষীৰ গাড়ী৷ জিলাখনৰ সকলো নাগৰিকেই যাতে সুৰক্ষিত হৈ বছৰৰ শেষ নিশাটো উদ্‌যাপন কৰাৰ উপৰি নৱবৰ্ষ আদৰাৰ আনন্দ ল’ব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই ব্যৱস্থা গ্ৰহণ কৰা বুলি সদৰী কৰিছে বিশ্বনাথৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে৷ ইফালে, ৩১ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ এই তিনি দিন বনভোজ খাবলৈ যোৱা আৰু বনভোজৰ পৰা উভতি অহা সকলো যান-বাহনৰ ওপৰত চোকা নজৰ ৰাখিব আৰক্ষীয়ে৷