Logo
image

ল’ ব্লাড প্ৰেছাৰ? এই উপায়েৰে নিৰাপদে থাকক

এজন সুস্থ তথা পূৰ্ণবয়স্ক লোকৰ ছিষ্ট’লিক আৰু ডায়াষ্ট’লিক চাপৰ পৰিমাপ হৈছে ১২০/৮০৷ অৱশ্যে এই পৰিমাপ বয়স, লিংগ তথা শাৰীৰিক অৱস্থাৰ পৰিপ্ৰেক্ষিতত পৰিৱৰ্তিত হয়৷ ৰক্তচাপৰ পৰিমাপ যদি ১২০/৮০ৰ ওপৰত থাকে, তেন্তে সেয়া উচ্ছ ৰক্তচাপ, আৰু যদি তলত থাকে তেন্তে সেয়া নিম্ন ৰক্তচাপৰ সমস্যা হোৱা বুলি কোৱা হয়৷

পৰিৱৰ্তিত খাদ্যাভ্যাস, মানসিক উদ্বেগ, অতিৰিক্ত পৰিশ্ৰম, স্নায়ৱিক দুৰ্বলতা আদিয়ে ৰক্তচাপক প্ৰভাৱিত কৰে৷ বহুতৰে ধাৰণা যে উচ্ছ ৰক্তচাপতকৈ নিম্ন ৰক্তচাপ কম ভয়ৰ৷ কিন্তু এই ধাৰণা ভুল৷ চিকিৎসকৰ মতে উচ্ছ ৰক্তচাপৰ দৰে নিম্ন ৰক্তচাপেও হৃদযন্ত্ৰত প্ৰভাৱ পেলায়৷

ৰক্তচাপ কমিলে মস্তিষ্ক, কিডনী আৰু হৃদপিণ্ডত সঠিকভাৱে তেজৰ সৰবৰাহ নহয়৷ ফলত অজ্ঞান হৈ পৰা, বুকুত ধপ্‌ধপনি বঢ়া, চকুৰে এন্ধাৰ দেখা, বমি বমি ভাব আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যাই দেখা দিয়ে৷ এনেকুৱা হ’লে লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে৷ অৱশ্যে নিম্ন ৰক্তচাপত ভুগিলে চিকিৎসকৰ কাষ চপাৰ পূৰ্বে কেইটামান উপায় অৱলম্বন কৰিব পাৰে৷ উল্লেখ কৰা হ’ল হঠাৎ ৰক্তচাপ কমিলে গ্ৰহণ কৰিব উপায়সমূহ–

[১] নিম্ন ৰক্তচাপত অসুস্থ হ’লে ৰোগীৰ কাণৰ লতিৰ দুপাশে আৰু চকু-মুখত ঠাণ্ডাপানী লগাব লাগে৷ এই কাম কৰিলে ৰোগীজন সুস্থ হৈ উঠে৷

[২] কেফেইন এনে এবিধ পানীয় যিবিধে শীঘ্ৰেই ৰক্তচাপ বঢ়াব পাৰে৷ নিম্ন ৰক্তচাপত অসুস্থ হ’লে লগে লগে কফি খাব পাৰে৷

[৩] দেহত প্ৰ’টিন কমিলেও ৰক্তচাপৰ ওপৰত প্ৰভাৱ পৰে৷ গাখীৰ আৰু কণীত আটাইতকৈ বেছি প্ৰ’টিন থাকে৷ সেয়ে নিম্ন ৰক্তচাপত অসুস্থ হোৱা লোকক কণীৰ কুহুম আৰু গাখীৰ খুৱাব  লাগে৷