Logo
image

সুৰাৰ পাছত বিদ্যুতৰ মাচুল বৃদ্ধিৰে ৰাজকোষ ভৰোৱাৰ ফন্দি চৰকাৰৰ

আমাৰ অসম, ৩০ ডিচেম্বৰঃ ৰাজকোষ শূন্যপ্ৰায় হোৱা ৰাজ্য চৰকাৰৰ বাবে এতিয়া জনসাধাৰণক মাধমাৰ দি ৰাজহ সংগ্ৰহ কৰাৰ বিকল্প নোহোৱা হৈছে৷ উৎপাদনহীন এখন ৰাজ্যত ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত নিত্য ব্যৱহাৰ্য আৰু মৌলিক প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি তথা কৰ বৃদ্ধি কৰিয়েই ৰাজকোষ ভৰাবলৈ অসমৰ বিজেপি চৰকাৰে সৰ্বোত্তম পন্থা হিচাপে নিৰ্বাচন কৰি লৈছে৷ মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে নিৰ্বাচন কৰি লৈছে জনসাধাৰণৰ দুৰ্বলতা থকা আৰু মৌলিক প্ৰয়োজনীয় সামগ্ৰী৷ সেই উদ্দেশ্যে অসম চৰকাৰে প্ৰথমে বৃদ্ধি কৰি ল’লে সুৰাৰ মূল্য৷ সেইবিধ সামগ্ৰীৰ প্ৰতি অনেকৰে দুৰ্বলতা আছে আৰু দাম বৃদ্ধি হ’লেও সুৰাপায়ীয়ে সুৰাপান নকৰাকৈ নাথাকে৷ সেয়ে বৰ্ধিত মূল্যৰ সুৰাৰ সৈতে সমানুপাতিকভাৱে বৃদ্ধি হোৱা কৰেৰে ৰাজ্যৰ ৰাজকোষৰ শক্তি বৃদ্ধি হোৱাতো নিশ্চিত৷ সেই দিশটো নিশ্চিত হোৱাৰ পাছত এইবাৰ ৰাজ্য চৰকাৰ আগবাঢ়িছে মৌলিক প্ৰয়োজনীয় এবিধ সামগ্ৰীৰ মাচুল বৃদ্ধি কৰিবলৈ, য’ত চৰকাৰে হাত দিলেও অসহায় জনসাধাৰণে বৰ্ধিত মাচুল ভৰিবলৈ বাধ্য৷ সেই উদ্দেশ্য সন্মুখত লৈ বিজেপি চৰকাৰখনে ৰাজ্যত বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ বাবে তৎপৰতা আৰম্ভ কৰিছে৷ বিগত দুটা বিত্তীয় বৰ্ষত লোকচান ভিৰ থকাৰ অজুহাত দেখুৱাই ৰাজ্য চৰকাৰে প্ৰতি ইউনিট বিদ্যুৎ প্ৰায় ২৭ শতাংশ মাচুল বৃদ্ধিৰ পৰিকল্পনা কৰিছে৷ সাম্প্ৰতিক মূল্যতকৈ প্ৰতি ইউনিট বিদ্যুতৰ ক্ষেত্ৰত দুটাকৈ বৃদ্ধিৰ প্ৰস্তাৱ উত্থাপন কৰিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড অৰ্থাৎ এ পি ডি চি এল-এ৷ প্ৰতি ইউনিটত দুটকাকৈ বৃদ্ধি কৰিলে সেয়া হ’ব সাম্প্ৰতিক মাচুলৰ তুলনাত ২৬.৪৯ শতাংশ বৃদ্ধি৷ এই ক্ষেত্ৰত এ পি ডি চি এল-এ কোনো খণ্ডকে ৰেহাই দিব খোজা নাই৷ অৰ্থাৎ চৰকাৰী আঁচনিৰ জৰিয়তে কম হাৰত বিদ্যুৎ লাভ কৰি থকা হিতাধিকাৰী আৰু আনকি কৃষিক্ষেত্ৰৰ বাবে ৰেহাই মূল্যত যোগান ধৰা বিদ্যুতৰ মাচুলো বৃদ্ধি কৰিবলৈ এ পি ডি চি এল-এ প্ৰস্তাব সাজু কৰি অসম বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত দাখিল কৰিছে৷ নিয়ামক আয়োগে সেই প্ৰস্তাবত অনুমোদন জনোৱাৰ লগে লগে সৰ্বসাধাৰণে বৰ্ধিত মূল্যত বিদ্যুতৰ মাচুল ভৰিবলৈ বাধ্য হ’ব৷ এতিয়া এই বিষয়টো লৈ জনসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু অনেকেই এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে৷ অনেকৰে মত, মুখ্যমন্ত্ৰীয়ে সম্ভবতঃ এইক্ষেত্ৰত হস্তক্ষেপ কৰিব আৰু প্ৰস্তাৱিত মূল্য সামান্য হ্ৰাস কৰি প্ৰস্তাৱৰ সংশোধনী ঘটাব, কিন্তু যিকোনো পৰিস্থিতিতে বিদ্যুতৰ মাচুল বৃদ্ধি হ’বই আৰু জনসাধাৰণৰ ওপৰত মাধমাৰ পৰাতো নিশ্চিত৷ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ অবিহনে বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাটো কাৰ্যতঃ নিশ্চিত৷

সম্প্ৰতি ঘৰুৱা ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰতি ইউনিট বিদ্যুতত গড়ে ৭.৫৫ টকাকৈ মাচুল ভৰিব লাগে৷ সেই ক্ষেত্ৰত নতুন প্ৰস্তাবত ৯.৫৫ টকা কৰা হৈছে, অৰ্থাৎ প্ৰতি ইউনিটত ২ টকাকৈ বৃদ্ধি ঘটোৱাৰ প্ৰস্তাব দিয়া হৈছে৷ আনহাতে চৰকাৰী আঁচনি জীৱনধাৰাৰ অধীনত প্ৰতিমাহে ৩০ কিলোৱাট ব্যৱহাৰ কৰা গ্ৰাহকে প্ৰতি ইউনিটত ২৬.২৫ টকাকৈ মাচুল ভৰে৷ সেই মাচুল ৬ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ দিছে এ পি ডি চি এল-এ৷ অৰ্থাৎ আঁচনিৰ হিতাধিকাৰীয়ে ভৰিব লাগিব প্ৰতি ইউনিটত ১.৭৫ টকাকৈ অতিৰিক্ত মাচুল৷ তেনেক্ষেত্ৰত জীৱনধাৰা আঁচনিৰ মাচুল বৃদ্ধিৰ হাৰ হ’ব ৪১.১৭ শতাংশ৷ আনহাতে মাহে পাঁচ কিলোৱাটৰ কম বিদ্যুৎ ব্যৱহাৰ কৰা গ্ৰাহকে এতিয়া প্ৰতি ইউনিটত ২৬.৯০ টকা মাচুল ভৰি আছে৷ এওঁলোকৰ ক্ষেত্ৰত নতুন প্ৰস্তাৱত মাচুল ৬.৭৫ টকালৈ বৃদ্ধি খৰা হ’ব৷ এইক্ষেত্ৰত মাচুল বৃদ্ধিৰ হাৰ হ’ব ৩৭.৭৫ শতাংশ৷ আনহাতে এতিয়া সাধাৰণ গ্ৰাহকে দি থকা ২০ টকাৰ ‘ফিক্সড চাৰ্জ’ ৪০ টকালৈ বৃদ্ধি কৰিবলৈ প্ৰস্তাৱ দাখিল কৰিছে, য’ৰ বৃদ্ধিৰ হাৰ এশ শতাংশ৷ পাঁচ কিলোৱাটৰ তলৰ গ্ৰাহকৰ ‘ফিক্সড চাৰ্জ’ ৫০ টকাৰ পৰা ৭৫ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে৷ তদুপৰি কৃষি সংযোগৰ মাচুল ১.৭৫ টকাকৈ প্ৰতি ইউনিটত আৰু ‘ফিক্সড চাৰ্জ’ ২৫ টকা বৃদ্ধিৰ প্ৰস্তাৱ দিছে৷ একেদৰে ৰাজহুৱা আলোকসজ্জাৰ মাচুল প্ৰতি ইউনিটত ১.৪৫ টকা আৰু ‘ফিক্সড চাৰ্জ’ ২৫ টকাকৈ বৃদ্ধিৰ প্ৰস্তাৱ দাখিল কৰা হৈছে৷ উল্লেখ্য, ২০২০-২১ বিত্তীয় বৰ্ষত ৯৭৩.৪৯ কোটি  আৰু ২০২১-২২ বৰ্ষত ৬৪৫.৬৭ কোটি টকাৰ লোকচান ভৰা বুলি প্ৰস্তাৱত জনাইছে এ পি ডি চি এল-এ৷ সেয়ে, নিয়ামক সংস্থাই অনতিবিলম্বে এই প্ৰস্তাৱত অনুমোদন জনোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷