Logo
image

দিল্লীত মৃত্যু হোৱা অজন্তাৰ স্বামীক গ্ৰেপ্তাৰ, মৃতদেহ লৈ ডুমডুমাত প্ৰতিবাদ

আমাৰ অসম, ০৯ অক্টোবৰঃ ডুমডুমা নগৰৰ চুক্ৰেটিং ৮ নম্বৰ নিৱাসী কমল লহকৰৰ কনিষ্ঠ কন্যা নৱবিবাহিতা অজন্তা লহকৰৰ [২৭] দিল্লীত সন্দেহজনকভাৱে মৃত্যু হোৱাৰ ঘটনাই গৃহ নগৰ ডুমডুমাত চাঞ্চল্য সৃষ্টি কৰিছে৷ ডুমডুমা জি এন বি ৰ’ডত এসময়ত বাস কৰা প্ৰয়াত শ্ৰীৰেশ ধৰৰ পুত্ৰ কৰ্মসূত্ৰে দিল্লী নিৱাসী অভিজিৎ ধৰৰ [৩৫] সৈতে প্ৰথমে কৰ্টমেৰেজ আৰু পৰৱৰ্তী সময়ত সামাজিক নীতিনিয়মেৰে বিবাহপাশ¸ত আবদ্ধ হৈছিল৷ যোৱা ৪ অক্টোবৰৰ পুৱতি নিশা অজন্তাই চিপ লৈ আত্মহত্যা কৰা বুলি জানিব পাৰি পিতৃ গৃহৰ পৰা অজন্তাৰ মোমায়েক আৰু বায়েক দিল্লীলৈ ৰাওনা হয়৷ দিল্লীৰ চফদৰজং এলেকাৰ অভিজিতৰ ঘৰ পাই অজন্তাই চিপ লোৱা কোঠাটো পৰ্যাবেক্ষণ কৰাৰ লগতে মৃতদেহ প্ৰত্যক্ষ কৰি অজন্তাৰ মৃত্য সম্পৰ্কে অভিজিতৰ পৰিয়ালে দিয়া ভাষ্যত সন্দেহ ওপজে৷ মৃতদেহৰ দিঙিত কোনো দাগ নথকাৰ লগতে যিখন চিলিং ফেনত চিপ লোৱা বুলি কোৱা হৈছিল সেইখন তেনেই চাপৰত আছে বুলি মোমায়েকৰ সূত্ৰত প্ৰকাশ৷ তদুপৰি অভিজিতৰ মাতৃ কল্পনা ধৰৰ ভাষ্যত বাথৰুমতহে চিপ লোৱা বুলি প্ৰকাশ পাইছিল৷ ইফালে মৃত্যুৰ দিনা নিশা ৯ বজালৈকে অজন্তাই ভিডিঅ’ কলৰ জৰিয়তে পৰিয়ালৰ সৈতে হাঁহিমাতি কথা পাতিছিল৷ উল্লেখ্য যে ডুমডুমাৰ এ আৰ চিৰ চাকৰি কৰি থকা অভিজিতৰ পিতৃয়ে অৱসৰ লৈ দিল্লীত নিগাজিকৈ থাকিবলৈ লৈছিল৷ ডুমডুমাত পৰিয়ালৰ আন লোক থকাৰ হেতুকে অভিজিতৰ সঘন অহাযোৱা আছিল আৰু তাৰে মাজতে অজন্তাৰ সৈতে প্ৰেমৰ সূত্ৰপাত হয়৷ তেওঁলোকে তিনিচুকীয়াৰ আদালতত ৰেজিষ্টাৰী বিৱাহ সম্পন্নও কৰিছিল৷ ইয়াৰ মাজতে ঘৰৰ লোকক কোনো খবৰ নিদিয়াকৈ হঠাতে অজন্তাক লৈ অভিজিৎ দিল্লী পাইছিলগৈ৷ বিষয়টো জ্ঞাত হোৱাৰ পাছত উপায়হীনহৈ পৰিয়ালৰ লোকে তেওঁলোকক মতাই আনি তিনিচুকীয়াৰ কৃষ্ণ মন্দিৰত ১১ ছেপ্টেম্বৰত সামাজিক নীতি--নিয়মেৰে বিৱাহ কৰোৱাই দিছিল৷ ইতিমধ্যে পৰিয়ালৰ লোকে ডুমডুমা থানাৰ যোগেৰে চফদৰজং এনক্লেভ থানাত অজন্তা যৌতুকৰ বলি হোৱা বুলি অভিজিৎ আৰু তেওঁৰ মাতৃৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’বৰ বাবে এখন এজাহাৰ দিছে৷ এই এজাহাৰৰ ভিত্তিত চফদৰজং আৰক্ষীয়ে অভিজিত ধৰক গ্ৰেপ্তাৰ কৰাৰ লগতে মাতৃ কল্পনা ধৰ আৰু বায়েক সুস্মিতা দাসক [৪২] সোধাপোচা কৰিছে৷ আজি দুপৰীয়া অজন্তাৰ মৃতদেহ ডুমডুমালৈ অনা হয় আৰু শেষকৃত্য সম্পন্ন কৰা হয়৷ অজন্তাৰ মৃতদেহ ডুমডুমাৰ মাতৃগৃহ পোৱাৰ পাছতেই কলিতা জনগোষ্ঠী মহিলা পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ মহিলাৰ দল এটা উপস্থিত হৈ প্ৰতিবাদমুখৰ হৈ পৰে৷