Logo
image

থাৰ্টী ফাষ্টৰ্ত নিয়ম ভাঙিলেই লকআপ

ৰাজ্যৰ বাহিৰৰ পৰাই মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ সকীয়নি

আমাৰ অসম, ৩১ ডিচেম্বৰঃ ৩১ ডিচেম্বৰৰ নিশাক লৈ যুদ্ধংদেহী ৰূপত অৱতীৰ্ণ হৈছে আৰক্ষী-প্ৰশাসন৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ স্থিতি আৰু নিৰ্দেশৰ পাছতে আৰক্ষী আৰু পৰিবহণ বিভাগে সুৰা সেৱন কৰি আৰু দ্ৰুতগতিত যান-বাহন চলোৱা লোকৰ বিৰুদ্ধে ইতিমধ্যে ৰাজপথত নিজৰ অভিযান অধিক তীব্ৰতৰ কৰি তুলিছে৷ ৩১ ডিচেম্বৰ আৰু ৰ জানুৱাৰী অসমখনক পথ দুৰ্ঘটনাৰ ঘটনাৰ পৰা আঁতৰাই ৰখাৰ সংকল্প লৈছে স্বয়ং মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীৰ এই সংকল্পৰ পাছতে ৰাজপথত নামি পৰিছে আৰক্ষী প্ৰশাসন৷ ইতিমধ্যে সুৰাপায়ী চালক আৰু যান-বাহন আইন উলংঘা কৰা লোকৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰিছে আৰক্ষী-প্ৰশাসনে৷ ৰাজ্যৰ সৰু-ডাঙৰ প্ৰতিখন চহৰ-নগৰত চলিছে এই অভিযান৷ অৱশ্যে বৰ্তমান ক’ভিড বিধি অনুসৰি নিশা ১১.৩০ বজাৰ পৰা সান্ধ্য আইনৰ যি নিৰ্দেশনা আছে সেয়া ৩১ ডিচেম্বৰৰ নিশা প্ৰযোজ্য নহ’ব৷ ইংৰাজী নৱবৰ্ষৰ আদৰণিৰ বাবে কোনোবাই অনুষ্ঠানৰ আয়োজন কৰিলে জিলা প্ৰশাসনৰ পৰা আগতীয়াকৈ অনুমতি ল’ব লাগিব৷ ক’ভিড প্ৰট’কল সম্পূৰ্ণৰূপে মানি চলিব লাগিব এনে অনুষ্ঠানসমূহত৷ পকিনিকলৈ যোৱা যান-বাহনৰ চালককো পৰীক্ষা কৰিব প্ৰশাসনে ৩১ ডিচেম্বৰ আৰু ৰ জানুৱাৰীত৷ এনে যান-বাহনৰ চালকে সুৰাপান কৰি গাড়ী চলাব নোৱাৰিব৷ কামৰূপ মহানগৰ জিলাত প্ৰশাসনৰ ৩টা দলে সমগ্ৰ ব্যৱস্থাটো নিৰীক্ষণ কৰিব৷ প্ৰতিটো দলতে ১০/১২জনীয়া বিষয়া থাকিব৷ যিবিলাক বাৰৰ অনুমতি আছে সেইসমূহে নিশা ১২ বজালৈ খোলা ৰাখিব পাৰিব৷ কামৰূপ মহানগৰ জিলাত এনে বাৰৰ সংখ্যা অৰ্ধশতাধিক৷ আনহাতে, অন্য বাৰসমূহে সাধাৰণভাৱে নিশা ১০ বজাত বন্ধ কৰিব লাগিব৷ এই নিয়ম বাৰসমূহত নৱবৰ্ষ আদৰাৰ বাবে আয়োজন কৰা অনুষ্ঠানৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব৷ শেহতীয়াভাৱে অসম আৰক্ষীয়ে এখন ব্যংগাত্মক নিমন্ত্ৰণ পত্ৰ ৰাজহুৱা কৰিছে৷ য’ত যান-বাহন আইন উলংঘা কৰা, সুৰাপায়ী চালকক আমন্ত্ৰণ জনোৱা হৈছে আৰক্ষীৰ আলহী হ’বলৈ ৩১ ডিচেম্বৰৰ নিশা৷ স্থানীয় থানাত ইয়াৰ প্ৰৱেশ সম্পূৰ্ণ বিনামূলীয়া হ’ব৷ এনে লোকৰ বাবে ডিজে লকআপৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে আৰক্ষীয়ে৷ আৰক্ষীৰ অতিথি হোৱা লোকসকলৰ বাবে আছে খাদ্যৰ বিশেষ ব্যৱস্থা৷ আৰক্ষী কেক আৰু অন্যান্য খাদ্যবস্তু পৰিৱেশন কৰা হ’ব আৰক্ষীৰ জিম্মাত থকাৰ সময়চোৱাত৷ এনেদৰে ব্যংগাত্মক আমন্ত্ৰণি-পত্ৰৰেও আৰক্ষীয়ে সকীয়াই দিছে অসমবাসীক৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাও আৰক্ষীৰ এই বিশেষ আমন্ত্ৰিত-পত্ৰক নিজৰ টুইটাৰ হেণ্ডলযোগে শ্বেয়াৰ কৰি ৰাজ্যবাসীক শেষবাৰৰ কাৰণে কঠোৰভাৱে সকীয়াই দিয়ে৷ আৰক্ষী-প্ৰশাসনৰ স্পষ্ট নিৰ্দেশ– ‘হয় নিয়ম মানক, নহয় লকআপত ডিজে পাৰ্টী কৰক৷ নৱবৰ্ষক আদৰাৰ নামত উদ্ভণ্ডালি নকৰিব৷ নিয়ম-নীতি মানি শান্তিপূৰ্ণভাৱে উৎসৱ উদ্‌যাপন কৰক৷’ উল্লেখ্য যে, বিভিন্ন ঠাইত চলা নৱবৰ্ষৰ অনুষ্ঠান তথা বাৰ-হোটেলসমূহ কঠোৰভাৱে নিৰীক্ষণ কৰিব জিলা প্ৰশাসনে৷ ইয়াৰ বাবে জিলাই জিলাই গঠন কৰা হৈছে নিৰীক্ষণকাৰী দল৷ এই নিৰীক্ষণৰ পৰা অ’লা, উবেৰ আদি কেব চালকসকলো সাৰি নাযাব৷