Logo
image

ধৰ্মতকৈ ভাষা শক্তিশালী

কলগাছিয়া গ্ৰন্থমেলাৰ সামৰণী অনুষ্ঠানত সাংবাদিক, গল্পকাৰ মনোজ কুমাৰ গোস্বামী

আমাৰ অসম, ৩১ ডিচেম্বৰঃ ধৰ্মতকৈ ভাষা শক্তিশালী৷ ভাষাইহে জাতি গঠনত সহায় কৰে, ধৰ্মই নহয়৷ –এই মন্তব্য ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক তথা গল্পকাৰ মনোজ কুমাৰ গোস্বামীৰ৷ বৃহস্পতিবাৰে কলগাছিয়া গ্ৰন্থমেলাৰ সামৰণী অনুষ্ঠানত গ্ৰন্থমেলাৰ স্মৰণিকা উন্মোচন কৰি সাংবাদিক-সাহিত্যিকজনে কয় যে ধৰ্ম যদি ইমানেই শক্তিশালী, তেন্তে বাংলাদেশৰ সৃষ্টিয়েই নহ’লহেঁতেন৷ মাথোঁ ভাষাৰ বাবেই একেধৰ্মীয় পাকিস্তানৰ পৰা স্বাধীন হৈ ওলাই আহিছিল বাংলাদেশ৷ কলগাছিয়াত কেইবাহাজাৰ শ্ৰোতাৰ সন্মুখত গোস্বামীৰ ভাষ্য– জাতি গঠনত ধৰ্মতকৈ ভাষাৰ ভূমিকা বহু বেছি গুৰুত্বপূৰ্ণ৷ উল্লেখ্য, ২৫ ডিচেম্বৰৰ পৰা ছদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত একাদশ কলগাছিয়া গ্ৰন্থমেলাৰ বৃহস্পতিবাৰে সফলতাৰে সামৰণি পৰে৷ বৃহস্পতিবাৰে দিনৰ ২ বজাত গ্ৰন্থমেলা আয়োজক সমিতিৰ সভাপতি তথা বৰপেটাৰ সাংসদ আব্দুল খালেকৰ সভাপতিত্বত অনুষ্ঠিত সামৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কলকাতাৰ বিশিষ্ট সাংবাদিক বাহাৰউদ্দিন৷ অনুষ্ঠান উদ্বোধন কৰি কলগাছিয়া গ্ৰন্থমেলাৰ ধাৰাবাহিকতা অব্যাহত ৰাখিবলৈ আহ্বান জনায় ‘অসম বাণী’ কাকতৰ সম্পাদক দিলীপ চন্দনে৷ অনুষ্ঠানত অন্যতম মুখ্য অতিথি তথা গ্ৰন্থমেলাৰ স্মৰণিকা ‘কলগাছিয়া দৰ্পণ’ৰ উন্মোচক হিচাপে উপস্থিত থাকে ‘আমাৰ অসম’ আৰু ‘এন কে টিভি’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামী৷ স্মৰণিকাৰ মুখ্য সম্পাদক ড॰ আনোৱাৰ হুছেইন, কাৰ্যবাহী সম্পাদক আতিকুৰ ৰহমান আৰু সম্পাদক জাহিদুল ইছলাম৷ ‘কলগাছিয়া দৰ্পণ’ উন্মোচন কৰি ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে কলগাছিয়া গ্ৰন্থমেলাত জনসমাগম দেখি অভিভূত হৈ কয়– গ্ৰন্থমেলাত এই জনসমাগমে নিশ্চিতভাৱে অসমীয়া ভাষাৰ বিকাশত বৰঙণি যোগোৱাৰ লগতে ভাষাটো আৰু অধিক সমৃদ্ধ কৰিব৷ গুৱাহাটী বিশ্ববিদ্যালয়ে যিটো কৰিবলৈ সক্ষম হোৱা নাই সেই কাম কলগাছিয়াত আৰম্ভ কৰা হৈছে৷ ধৰ্মীয় সংখ্যালঘুসকলে মূলসুঁতিৰ লগত মিলি যাবলৈ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে সেই প্ৰচেষ্টাত একাংশই বাৰে বাৰে বাধা দি  আহিছে৷ ইয়াৰ বিপৰীতে কলগাছিয়াবাসীয়ে অসমীয়া ভাষাৰ চৰ্চা আৰু গ্ৰন্থ অধ্যয়নৰ ধাৰা অব্যাহত ৰাখিছে, ই এক শুভ লক্ষণ৷ এই ধাৰা অব্যাহত ৰাখিলে এদিন কলগাছিয়াবাসী ৰাইজেই ৰক্ষা কৰিব অসমীয়া ভাষা, আৰু অধিক সমৃদ্ধ কৰিব অসমীয়া সাহিত্য৷ সামৰণী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়া, উত্তৰ অভয়াপুৰীৰ বিধায়ক আব্দুল বাতেন খন্দকাৰ, সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ লগতে অভিনেত্ৰী জেৰিণা বৰুৱা, লিজা গোস্বামী আদি৷ অনুষ্ঠানৰ আৰম্ভণিতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে অতিথিসকলক মঞ্চলৈ আদৰি অনা হয় আৰু ফুলাম গামোচা, শৰাই, জাপি তথা¸ ধৰ্মীয় সংখ্যালঘূৰ পৰম্পৰাগত কেথাৰে সম্বৰ্ধনা জনোৱা হয়৷ বিশিষ্ট সাংবাদিক খবিৰ আহমেদ,উচ্ছ শিক্ষাৰ প্ৰাক্তন সঞ্চালক দেলোৱাৰ হুছেইন আৰু বিশিষ্ট সমাজকৰ্মী আব্দুল কাদেৰক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়৷ একাদশ কলগাছিয়া গ্ৰন্থমেলাৰ সম্পাদকপ্ৰধান ৰবিউল ৰছুল হকে উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে বিভিন্ন শিল্পীৰ দ্বাৰা পৰিৱেশিত গীত-মাতে মুখৰ কৰি তোলে গ্ৰন্থমেলাৰ বাকৰি৷ নিশা অনুষ্ঠিত হয় বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান৷