Logo
image

স্বাগতম ২০২২, দূৰ হওক ক’ভিডাসুৰ

আমাৰ অসম, ১ জানুৱাৰীঃ সামাজিক ব্যৱধান নামৰ দুটা শব্দই বন্ধু-বান্ধৱ, পৰিয়াল-আত্মীয়ক যোৱা দুবছৰ ধৰি এটা বিষাক্ত ভাইৰাছৰ বাবে দূৰলৈ ঠেলি পঠোৱাৰ পাছত সকলো ভয়-ভীতি আঁতৰাই এইবাৰ সমগ্ৰ বিশ্বৰ লগতে অসমবাসীয়েও নৱবৰ্ষত, ২০২২ চনত সেই কৰ্কশ শব্দ দুটা দূৰ কৰি পৰস্পৰৰ কাষ চাপি যাব পাৰিব বুলি আশা কৰিছে৷ যোৱা দুটা বছৰত ক’ভিড নামৰ এটা ভয়ংকৰ ভাইৰাছে সমগ্ৰ বিশ্বকে জ্বলাকলা খুৱাইছে, সেয়া আৰু এতিয়া বিশ্ববাসীৰ বাবে নতুন খবৰ বা নতুন ঘটনা হৈ থকা নাই৷ কল্পনাৰসিকৰ ভাষাত ই যেন ৰক্তবীজৰ বংশধৰ– যিমান টোপাল তেজ মাটিত পৰে সিমানেই জন্ম হয় নতুন ৰক্তবীজৰ৷ এই ৰক্তবীজ ক’ভিডাসুৰ৷ ক’ভিডাসুৰৰ আতংক ২০২১ চনৰ শেষ দিনটোত একেবাৰে এৰি নতুন আশাৰে ২০২২ চন আৰম্ভ কৰিবলৈ সাজু হৈছে সকলো৷ এটা দিন আছিল কাৰোবাৰ বাবে চেম্পেইেনৰে, কাৰোবাৰ বাবে স্কটছেৰে আৰু আন কাৰোবাৰ বাবে কমদামী সুৰাৰে আৰম্ভ হৈছিল নৱবৰ্ষবৰণ৷ অসমতো আছিল একেই নিৰ্ভয় পৰিস্থিতি৷ সুৰাপান কৰিও নৱবৰ্ষক আদৰি ঘৰলৈ নিচাগ্ৰস্ত হৈও সাহসেৰে ঘূৰি আহিব পাৰিছিল সকলো৷ পিছে তেওঁলোকৰ বাবে এতিয়া গছত উঠাই গুৰি কাটি দিয়া বুলি যাক কয় যেন সেই অৱস্থা৷ অন্ততঃ অসমত নৱবৰ্ষবৰণৰ দিনটোত সুৰাপায়ীৰ বাবে তেনে অৱস্থাই সৃষ্টি কৰিছে অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে৷ সুৰাপান কৰিবলৈ এফালে উৎসাহিত কৰিছে আৰু আনফালে সুৰাপান কৰি গৃহাভিমুখী চালকক বন্দী কৰাৰ পৰিকল্পনা ৰচিছে৷ এনে পৰিস্থিতিত দোদুল্যমান স্থিতিত পৰিছে নৱবৰ্ষৰ আদৰণিৰ পাৰ্টী উদ্‌যাপনকাৰী অসমৰ অসংখ্য লোক৷ ইফালে সামাজিক ব্যৱধান নামৰ ক’ভিডৰ প্ৰট’কলে সকলোকে পৃথক কৰি ৰাখিছে৷ তাৰ মাজতে গভীৰ শংকা আৰু নতুন আশাৰে নৱবৰ্ষবৰণৰ বাবে সাজু হৈছে দেশ আৰু বিশ্বৰ লগতে অসমবাসীও৷ ভয়াৱহ শংকাৰ মাজত ২০২০ চনৰ সামৰণি পৰিলেও ২০২১ চনত আশাৰ সঞ্চাৰ কৰিছিল মূলতঃ ক’ভিডৰ প্ৰতিষেধকে৷ ইতিমধ্যে ক’ভিডৰ প্ৰতিষেধক উদ্ভাৱন আৰু দেশতে উৎপাদন আৰম্ভ হৈছিল৷ ২০২১ চনৰ ১৬ জানুৱাৰীৰ পৰা ভাৰতত প্ৰতিষেধক প্ৰদান অৰ্থাৎ ক’ভিডৰ টিকাকৰণ আৰম্ভ হৈছিল৷ কিন্তু এপ্ৰিলৰ পৰা আৰম্ভ হোৱা ক’ভিডৰ দ্বিতীয়টো ঢৌৱে সমগ্ৰ দেশ চাৰখাৰ কৰি পেলালে৷ প্ৰায় তিনিমাহ জুৰি ক’ভিড অতিমাৰীৰ দ্বিতীয় ঢৌৰ অন্তত দেশত এই অতিমাৰীত ৪,৭৯,৯৯৭ জন লোকৰ মৃত্যু হ’ল৷ ক’ভিডৰ দ্বিতীয় ঢৌ দেশত স্বাস্থ্য ব্যৱস্থা সম্পূৰ্ণৰূপে চাৰখাৰ হৈ গ’ল আৰু অক্সিজেনৰ অভাৱতে হাজাৰ হাজাৰ লোকে মৃত্যুবৰণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল৷ চিকিৎসালয়ত ঠাই নোহোৱা হ’ল আৰু উত্তৰ প্ৰদেশ আৰু বিহাৰত ক’ভিডত নিহতৰ দেহ গংগাত উটুৱাই দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল৷ কিন্তু সমান্তৰালভাৱে দেশত ক’ভিডৰ টিকাকৰণ চলি থাকিল আৰু এতিয়া বছৰটোৰ শেষলৈ মুঠ জনসংখ্যাৰ প্ৰায় ৪১.৭ শতাংশ লোকক দুপালিকৈ ক’ভিডৰ প্ৰতিষেধক প্ৰদান কৰা হ’ল৷ বছৰটোত দেশত প্ৰথম পালি প্ৰতিষেধক দিয়া হ’ল ৮৩,৭২,৯৪,২২৮ জনক আৰু দুপালিকৈ দিয়া হ’ল ৫৭,৭৪,৩৭,৩১৫ জনক৷ ১৩০ কোটি জনসংখ্যাৰ এখন দেশত সৰ্বাধিক সংখ্যকক সামৰি সম্পূৰ্ণ টিকাকৰণ অতিকৈ কঠিন কাম যদিও সেই দিশত এতিয়ালৈকে চৰকাৰ সঠিক দিশত আগবাঢ়িছে৷ অসমৰ বাবে ৰাজনৈতিক কাৰণত ২০২১ চনটো ব্যতিক্ৰমী৷ অসমৰ শাসন ক্ষমতা সলনি নহ’লেও শীৰ্ষ নেতৃত্বৰ সালসলনিৰ লগে লগে ৰাজ্যখনৰ প্ৰশাসনৰ ৰূপো সলনি হৈছে৷ ক’ভিডৰ দ্বিতীয় ঢৌৰ ঠিক আগে আগে পুনৰ বিজেপি চৰকাৰে ক্ষমতা দখল কৰিলেও কঠিন আৰু কৌশলী স্থিতি লৈ অবিতৰ্কিত নেতা সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰীৰ আসনৰ পৰা আঁতৰাই ড॰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হ’ল৷ নামনি অসমৰ আৰু উচ্ছ বৰ্ণৰ লোক ৰাজ্যত মুখ্যমন্ত্ৰী হ’ব নোৱাৰে বুলি দীৰ্ঘদিন চলি থকা ধাৰণা সলনি কৰি হিমন্ত বিশ্ব শৰ্মাই আঠমাহ পূৰ্বে অসম চৰকাৰৰ নেতৃত্ব দখল কৰিলে৷ বিগত সময়ছোৱাত বৃহৎ উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰিলেও হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কিছুমান জনপ্ৰিয় পদক্ষেপ চৰকাৰে গ্ৰহণ কৰি আছে৷ ড্ৰাগছৰ বিৰুদ্ধে অভিযান, ক্ষুদ্ৰ ঋণৰ ৰেহাই, দালালৰাজ উৎখাত ইত্যাদিৰ পদক্ষেপ লৈ জনপ্ৰিয়তা অক্ষুন্ন ৰাখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ অপৰাধমূলক কাম-কাজ নোহোৱা কৰিবৰ বাবে অৱশ্যে হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগৰ অধীনস্থ অসম আৰক্ষীয়ে এতিয়া প্ৰতিনিয়ত সৰু-সুৰা অপৰাধীৰ এনকাউণ্টৰ ঘটোৱা ঘটনাই দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰিছে৷ পিছে ডাঙৰ অপৰাধীক ধৰিব নোৱাৰি সৰু-সুৰা অপৰাধীৰ ওপৰত অসম চৰকাৰ আৰু আৰক্ষী বিভাগ হাঁহৰ ওপৰত শিয়াল ৰজা হোৱাৰ দৰে হোৱা বুলি অনেকেই মন্তব্য কৰিছে৷ কিয়নো মাটিৰ দালালক লকআপত ভৰোৱা চৰকাৰখনে ঘোষিত মাটিৰ দালাল এজনক দললৈ আনি বিধায়ক ৰূপে নিৰ্বাচিত কৰি অনাৰো অভিযোগ উঠিছে৷ উন্নয়নমূলক কাম-কাজ এতিয়ালৈকে চকুত পৰাকৈ নহ’লেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সক্ৰিয়তা অৱশ্যে সকলো ক্ষেত্ৰতে ৰাষ্ট্ৰীয় পৰ্যায়তো চকুত পৰিছে৷ অসমৰ বাবে শংকাৰে ভৰা বছৰটোত বৃহৎ সাফল্য কঢ়িয়াই আনিলে তৰুণী বক্সাৰ লাভলীনা বৰগোহাঁয়ে৷ টকিঅ’ অলিম্পিকত মহিলা বক্সিঙৰ ব্ৰঞ্জৰ পদক লাভ কৰি লাভলীনাই অসমৰ খেলৰ ইতিহাসত প্ৰথমটো অলিম্পিক পদক সংযোগ কৰিলে৷ কোৱা বাহুল্য মাথোঁ, ইয়াৰ আগলৈকে অসমে শতাব্দী প্ৰাচীন অলিম্পিকৰ পৰা কোনোকালেই পদক লাভ কৰা নাছিল৷ চৰ্চা হৈছে, এতিয়াৰ পৰা অসমৰ ক্ৰীড়া ইতিহাস লাভলীনাৰ পূৰ্ব আৰু উত্তৰ-লাভলীনা যুগ হিচাপে বিবেচিত হ’ব৷ বছৰৰ প্ৰায় শেষত ২১ বছৰৰ ব্যৱধানত কবি নীলমণি ফুকনে জ্ঞানপীঠ অৰ্জন কৰাটো অতিমাৰী পৰিস্থিতিৰ এটা উৎসাহজনক বিষয় হিচাপে বিবেচিত হৈ ৰ’ব৷ ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মামণি ৰয়চম গোস্বামীৰ পাছত অনতিপৰ কবি নীলমণি ফুকনৰ জ্ঞানপীঠ অসমৰ ইতিহাসৰ তৃতীয়টো এনে সন্মান৷ এই বছৰতে বজালীৰ এগৰাকী উদীয়মান বিজ্ঞানী বৰ্ণালী দাসে সূৰ্যতকৈ অধিক পোহৰ থকা জ্জ্ব টাকৈ নক্ষত্ৰৰ সন্ধান উলিয়াই দেশৰ মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত যুগান্তকাৰী ইতিহাস সৃষ্টি কৰাটো অসমৰ বাবে অভাৱনীয় সফলতা৷ দেশৰ ইতিহাসত ক’ভিড অতিমাৰীৰ মাজত পঞ্জাৱকে ধৰি উত্তৰ ভাৰতৰ কৃষকে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সফল কৃষক আন্দোলন কৰি সকলোকে চমক দিলে৷ কোনো গণতান্ত্ৰিক আন্দোলনক গুৰুত্ব নিদিয়া আৰু নিজৰ সিদ্ধান্তৰ পৰা লৰচৰ নোহোৱা নৰেন্দ্ৰ মোদী চৰকাৰে প্ৰায় এবছৰ ধৰি চলা কৃষক আন্দোলনৰ ওচৰত হাৰ মনাটো দেশৰ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ ঘটনা হিচাপে পৰিগণিত হৈছে৷ নৰেন্দ্ৰ মোদী চৰকাৰে বলৱৎ কৰা তিনিখন বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰৰ দাবীত কৃষকসকলে এবছৰ ধৰি আন্দোলন চলাইছিল৷ প্ৰায় সমগ্ৰ আন্দোলনকালৰ আগভাগতে চৰকাৰে আন্দোলনকাৰীৰ সৈতে আলোচনা কৰাৰ বাহিৰে পৰৱৰ্তী আঠ-ন মাহত তেওঁলোকক কোনো গুৰুত্বই দিয়া নাছিল৷ আনকি কেন্দ্ৰীয় মন্ত্ৰীয়েও আন্দোলনকাৰীৰ মাজত খালিস্তানৰ উগ্ৰপন্থী সোমোৱা আৰু বিদেশী শক্তিৰ পৰা সহায় লোৱাৰ অভিযোগ তুলিছিল৷ কিন্তু দৃঢ়মনা আন্দোলনকাৰীৰ ওচৰত অৱশেষত নৰেন্দ্ৰ মোদী চৰকাৰে হাৰ মানিবলৈ বাধ্য হ’ল ঘাইকৈ উত্তৰ প্ৰদেশৰ নিৰ্বাচনত বিৰূপ প্ৰভাৱ পৰাৰ আশংকাত৷ বিজ্ঞানীসকলে দাবী কৰিছিল, দেশৰ অধিকাংশ নাগৰিকক প্ৰতিষেধক প্ৰদান কৰাৰ পাছত আৰু বৃহৎ হাৰত ক’ভিডত আক্ৰান্ত হোৱাৰ পাছত নাগৰিকৰ মাজত ‘হাৰ্ড ইনিউনিটী’ (Herd Immunity) অৰ্থাৎ গণপ্ৰতিৰোধী ক্ষমতাৰ সৃষ্টি হ’ব৷ তেতিয়া দুনাই ক’ভিডত তেনে লোক আক্ৰান্ত নহ’ব৷ ফলত ক’ভিড নামৰ ভাইৰাছে বিশেষ সুবিধা কৰিব নোৱাৰিব৷ পিছে বছৰটো শেষ হোৱাৰ ঠিক পূৰ্বে অমিক্ৰন নামৰ ক’ভিডৰ এবিধ নতুন ভাইৰাছে পুনৰ আতংকৰ সৃষ্টি কৰিছে৷ কেৱল আশংকাই নহয়, মহাৰাষ্ট্ৰ আৰু দিল্লীত অমিক্ৰনে গণসংক্ৰমণ আৰম্ভ কৰিছে৷ সেয়ে নতুন বছৰৰ আৰম্ভণিতে দেশত ক’ভিডৰ তৃতীয়টো প্ৰবল ঢৌৰ সৃষ্টি হ’ব বুলি আশংকা কৰা হৈছে৷ এখন শংকামুক্ত পৃথিৱীৰ আশাৰে নতুন বছৰ আৰম্ভ কৰিবলৈ আগবঢ়া ভাৰতৰ নাগৰিকৰ বাবে এতিয়া মূল শংকাৰ কাৰণ হৈ পৰিছে অমিক্ৰন৷ কিন্তু বিগত দুটা বছৰত ক’ভিডৰ সংহাৰ দেখাৰ পাছত ভাৰতৰ নাগৰিকৰ এই অতিমাৰীৰ প্ৰতি ভয় ভাৱ কমি আহিছে৷ এতিয়া অতিমাৰীৰ সৈতে সহাৱস্থান কৰিয়েই জীৱন আৰু জীৱিকা আগবঢ়াব লাগিব বুলি সকলো সংকল্পবদ্ধ হৈছে৷ এই সংকল্পৰ বাবেই আহিবলগীয়া ২০২২ চন কিমান শংকামুক্ত হ’ব সেয়া এতিয়াও অনিশ্চিত কিন্তু ভীতিহীনভাৱে আগবাঢ়িব বুলি দেশবাসীয়ে আশা কৰিছে৷