Logo
image

‘ছয়’ত লাগিল গাঁঠি

আমাৰ অসম, ২ জানুৱাৰীঃ ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ আৰু অসম চুক্তিৰ ৬ নম্বৰ দফা কমিটীৰ প্ৰতিবেদন ৰূপায়ণৰ বিষয়টো যেন এক অমীমাংসিত সমস্যা হিচাপে চিৰদিনলৈ থাকি যাব৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্যৰ পৰাই শনিবাৰে স্পষ্ট হ’ল ৰাজ্যৰ এই দুই জ্বলন্ত আৰু স্পৰ্শকাতৰ বিষয়ৰ অনিশ্চিত ভৱিষ্যতৰ কথা৷ নৱবৰ্ষ উপলক্ষে ৰাজ্যৰ বিশিষ্ট সাংবাদিকসকলৰে গুৱাহাটীৰ কইনাধৰাস্থিত ১নং ৰাজ্যিক অতিথিশালাত শনিবাৰে পুৱা অনুষ্ঠিত বাৰ্তালাপ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয়– ‘৬ নম্বৰ দফাক লৈ আমি আগবাঢ়িব পৰা নাই৷ ৬ নম্বৰ দফা কমিটীৰ যিখিনি পৰামৰ্শ আগবঢ়াইছে সেই পৰামৰ্শবোৰে আইনৰ চৰ্তাৱলী পূৰণ নকৰে৷ উচ্ছতম ন্যায়ালয়ে কৈ থৈছে যে ৫০ শতাংশতকৈ বেছি ক’তো সংৰক্ষণৰ ব্যৱস্থা হ’ব নোৱাৰিব৷ কিন্তু ৬ নম্বৰ দফা কমিটীয়ে ১০০ শতাংশ সংৰক্ষণৰ কথা কৈছে৷ উচ্ছতম ন্যায়ালয়ক বাদ দি ক’তো আইন নহয়৷ আমি আছুৰ সৈতে কথা পাতি আছোঁ, কি কৰিব পাৰোঁ৷ আছুৰ লগত আলাপ-আলোচনা চলি আছে৷’ আনহাতে, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়– ‘বৰ্তমানৰ জনজাতিসমূহে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি আছে৷ মৰাণ আৰু মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁলোকে সন্মতি প্ৰকাশ কৰিছে৷ চুতীয়া জনগোষ্ঠীৰ ক্ষেত্ৰতো কিছু আগবাঢ়িছে৷ এটা এটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ে আমি কথা পাতি আছোঁ৷ ছয় জনগোষ্ঠী আৰু বৰ্তমানৰ জনজাতিসমূহক মুখামুখিকৈ বহুৱাই দিব লাগে৷ সেই দিশত আমি আগবাঢ়ি আছোঁ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ যিখন প্ৰতিবেদন ৰাজ্য চৰকাৰে কেন্দ্ৰক দিবলগীয়া আছে সেইখন ৰাজ্য চৰকাৰে দিবই নোৱাৰে৷ সেইখন প্ৰতিবেদন দিলে অসমত ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি হ’ব৷ পোৱা-নোপোৱাৰ মাজত ৰক্তাক্ত সংঘাট হ’ব৷ চুতীয়া জনগোষ্ঠীৰ ক্ষেত্ৰত ৭০ শতাংশ মানি লৈছে বৰ্তমানৰ জনজাতিসমূহে৷ অবিভক্ত গোৱালপাৰা জিলাৰ কোঁচ-ৰাজবংশীসকলৰ ক্ষেত্ৰত মানি লৈছে৷ আদিবাসীৰ কিছুমান জনগোষ্ঠীৰ ক্ষেত্ৰত বৰ্তমানৰ জনজাতিসমূহে জনজাতিকৰণৰ কথাটো মানি লৈছে৷ বৰ্তমানৰ সকলো জনজাতিয়ে চৰকাৰৰ সিদ্ধান্তত আপত্তি নাই বুলি কেন্দ্ৰক ক’ব লাগিব৷ লাহে লাহে পৰিৱেশটো হৈ গৈ থাকিব৷ কাৰোবাৰ আৱেগত বাস্তৱক নামানি আগবাঢ়ি গ’লে এইটোৱে বিপৰীত ক্ৰিয়াহে কৰিব৷’ অসম চুক্তিৰ ছয় নং দফা আৰু এই দফা ৰূপায়ণৰ বাবে গঠন কৰা উচ্ছ পৰ্যায়ৰ কমিটীৰ প্ৰতিবেদনৰ লগতে ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত কৰা মন্তব্যই এই কথা স্পষ্ট কৰি দিলে যে দুয়োটা ‘ছয়’ত এতিয়া গাঁঠি লাগিব৷ এই গাঁঠি চৰকাৰে যে সহজে ভাঙিব নোৱাৰে সেই কথাও কাৰ্যতঃ স্পষ্ট হৈ পৰিল৷ কাজেই এই দুয়োটা প্ৰসংগত ৰাজ্যজুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাতো একপ্ৰকাৰে নিশ্চিত হৈ পৰিল– মুখ্যমন্ত্ৰীৰ ভাষ্যৰ ফলত৷ ইফালে, নৱবৰ্ষৰ প্ৰথম দিনটোত অসমীয়া ভাষা সন্দৰ্ভত মত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়– ‘অসম লোকসেৱা আয়োগৰ পৰীক্ষাত আগতে কেতিয়াও অসমীয়া ভাষাটো নাছিলেই৷ পৰীক্ষামূলকভাবেহে আমি ইয়াক প্ৰৱৰ্তন কৰিব বিচাৰিছিলোঁ৷ কিন্তু এই ক্ষেত্ৰত এটা ভুল ধাৰণা বিয়পাই দিয়া হ’ল৷ আগন্তুক সময়ত অসমীয়া মাধ্যমতে আয়োগৰ পৰীক্ষা দিব পাৰিব৷ ২০২৩ বৰ্ষৰ মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশ পৰীক্ষাও অসমীয়াতে দিব পাৰিব৷ তাৰ বাবে অসমীয়াতে পাঠ্যপুথিও প্ৰস্তুত কৰা হ’ব৷ অসমীয়া ভাষাটো জীয়াই ৰখাৰ দায়িত্ব ৰাইজৰ, চৰকাৰৰ নহয়৷ কিন্তু সাহিত্য সভায়ো আহি চৰকাৰকে কয়– অসমীয়া ভাষা বচাবলৈ৷ আজি যদি আজমল মুখ্যমন্ত্ৰী হয় তেওঁ অসমীয়া ভাষা ৰক্ষা কৰিলেহেঁতেননে? অসমীয়া মাধ্যমৰ বিদ্যালয়ত প্ৰতি প্তজন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে ২৫জনকৈ শিক্ষকক চৰকাৰে দৰমহা দি আছে৷ ইয়াতকৈ বেছি আৰু চৰকাৰ এখনে কি কৰিব? অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ দায়িত্ব প্ৰাক্তন ছাত্ৰসকলে লওক৷ কটন কলেজিয়েটতকৈ শংকৰদেৱ বিদ্যালয়ৰ আন্তঃগাঁথনি বহুত বেয়া৷ দেউতাক-মাকে যদি নিজৰ ল’ৰা-ছোৱালীক অসমীয়া মাধ্যমৰ বিদ্যালয়ত নপঢ়ুৱাই, তেন্তে চৰকাৰে কি কৰিব৷ আমি ভোটাৰৰ কথা শুনিব লাগিব৷ চৰকাৰ এখন প্ৰথমে সমাজৰ দুখীয়া লোকৰ বাবে দায়বদ্ধ৷ নিজৰ নিজৰ ল’ৰা-ছোৱালীক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাই অভিভাৱকসকলে ভাবে যে ঠেলাৱালা, ৰিক্সাৱালাৰ ল’ৰা-ছোৱালীয়ে অসমীয়া মাধ্যমৰ চৰকাৰী স্কুলত পঢ়ক৷ গোপীনাথ বৰদলৈ, শৰৎ চন্দ্ৰ সিংহৰ দিনতে হাফলঙত বাংলাভাষাৰ বিদ্যালয় স্থাপন হৈছিল৷ পল্টনবজাৰৰ মাজ মজিয়াত বাংলা ভাষাৰ বিদ্যালয় পতা হৈছিল৷ অসমৰ প্ৰতিটো ৰে’ল কলনীত চৰকাৰে বাংলা ভাষাৰ বিদ্যালয় পাতিছিল৷ ইঞ্জিনিয়াৰিং আৰু মেডিকেলত আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষিত আসনত এজনো মূলসূতিৰ অসমীয়াই আসন লাভ কৰা নাই৷ ভাষাৰ নামত জাতিটোক আৰু কিমান ভাঙিম আমি? অসমীয়া মাধ্যমৰ বিদ্যালয় ৯০ শতাংশ থাকিব আৰু অন্য মাধ্যমৰ বিদ্যালয় ১০ শতাংশ থাকিব লাগিব৷ দুখীয়া ঘৰৰ ল’ৰা-ছোৱালীয়েও ইংৰাজী মাধ্যমৰ বিদ্যালয়ত যাতে পঢ়িব পাৰে সেইটো চৰকাৰে চাব লাগিব৷ ধুবুৰীৰ সীমান্তৰ নেক্স ঘৰটোৰ পৰাও কোনো প্ৰাৰ্থী অসম লোকসেৱা আয়োগত সোমাব নোৱাৰে৷’