Logo
image

নোৰা ফাতেহি ক’ভিডত আক্ৰান্ত

ক’ভিডত আক্ৰান্ত হৈ শয্যাশায়ী হৈ আছে বলীউডৰ জনপ্ৰিয় নৃত্যশিল্পী অভিনেত্ৰী, ফেশ্বন কুইন নোৰা ফাতেহি৷ ৩০ ডিচেম্বৰত আইটেমগাৰ্লগৰাকীয়ে ক’ভিড পজিটিভ হোৱাৰ কথা নিজে সদৰি কৰে৷ ক’ভিডৰ সমষ্ট বিধি মানি চলা আৰু চিকিৎসকৰ পৰ্যবেক্ষণত থকা ‘দিলবৰ গাৰ্ল’ খ্যাত নোৰা বৰ্তমান কোৱাৰেণ্টিনত  আছে৷ নন সাজ পোচাকেৰে ইষ্টাগ্ৰাম কঁপাই থকা আবেদময়ী অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিচয়াযোগে কৈছে– ক’ভিডৰ সৈতে যুঁজ দি বৰ্তমান মই শয্যাশায়ী৷ সকলো সচেতন হৈ থাকক৷’ বিউটি কুইন নোৰাৰ সমসাময়িকভাৱে শেহতীয়াকৈ বলীউডৰ বহু সংখ্যক তাৰাকা ক’ভিডত আক্ৰান্ত  হোৱাৰ বাতৰি পোৱা গৈছে৷ খবৰ মতে কৰীণা কাপুৰ, অমৃত্য আৰোৰা, কমল হাচান, অৰ্জুন কাপুৰ আদি কৰ’নাত আক্ৰান্ত হৈ গৃহবন্দী হোৱাৰ খবৰ পোৱা গছে৷