Logo
image

স্বাস্থ্য সচেতনতা দীৰ্ঘ জীৱনৰ আধাৰ

প্ৰতিবছৰে ইংৰাজী নৱবৰ্ষ আৰম্ভ হোৱাৰ লগে লগে মানুহে বহু সংকল্প গ্ৰহণ কৰে৷ সংকল্প লোৱা সহজ, কিন্তু তাক সফল ৰূপায়ণ কৰা বৰ টান৷ প্ৰায়ভাগ মানুহেই নৱবৰ্ষত লোৱা সংকল্প নানা অজুহাত দেখুৱাই এসপ্তাহ বা এমাহতে এৰি পেলায়৷ যিহেতু আমাৰ শৰীৰটোৱে কেৱল নিজৰ সম্পদ, সেয়েহে শৰীৰটোক স্বাস্থ্যৱান আৰু নিৰোগী কৰি ৰখাটো আমাৰ কৰ্তব্য৷ নিজকে সুস্থ আৰু নিৰোগী কৰি ৰাখিবলৈ তলত উল্লেখ কৰা সংকল্পৰ পৰা অন্তত এটা সংকল্প ২০২২ত অন্তৰেৰে গ্ৰহণ কৰি তাক সফলভাৱে ৰূপায়ণ কৰাৰ চেষ্টা কৰক৷

উচিত খাদ্য সঠিক সময়ত গ্ৰহণ

নতুন বছৰটোত পুষ্টিযুক্ত  সুষম খাদ্য সঠিক সময়ত খোৱাৰ অভ্যাস গঢ়ি তোলো আহক৷ সময় মতে উপযুক্ত পৰিমাণে সন্তুলিত আহাৰ গ্ৰহণে শৰীৰৰ প্ৰতিৰক্ষা ব্যৱস্থাক শীৰ্ষবিন্দুত ৰাখে৷ অধিক মচলাযুক্ত, ঘৃতাক্ত আৰু তৈলাক্ত খাদ্য বেছি পৰিমাণে খাব নালাগে৷ অনিয়মিত খাদ্য গ্ৰহণ আৰু অতিৰিক্ত ভোজনে স্বাস্থ্যজনিত সমস্যা বৃদ্ধি কৰে৷ নৱবৰ্ষতে বৰ্তমান খাদ্য তালিকাখন সলাই পুষ্টি বিষেশজ্ঞৰ সহায়ত ওজন, উচ্ছতা আৰু দৈনন্দিন কৰ্মৰ বাবে উপযুক্ত দৈনিক আহাৰৰ এখন তালিকা প্ৰস্তুত কৰি লওক৷ আহাৰৰ লগতে প্ৰচুৰ পৰিমাণে সতেজ ফল-মূল, চালাদ, শাক-পাচলি আৰু দৈ আদি খোৱাৰ অভ্যাস কৰক৷ খোৱা খাদ্যৰ আধা অংশ ফল-মূল, চালাদ, শাক-পাচলি হ’ব লাগে৷ ২০২২ত জাংকফুড, ফাষ্ট ফুড আৰু শীতল পানীয় খোৱাৰ অভ্যাস এৰি দিয়ক৷ শৰীৰৰ বাবে অপকাৰী চেচুৰেটেড চৰ্বিযুক্ত তেলেৰে তৈয়াৰী ফাষ্টফুড আৰু কাৰ্বনযুক্ত শীতল পানীয়ত ভিটামিন আৰু শৰীৰৰ লাগতিয়াল খনিজ পদাৰ্থ নাথাকে; অত্যধিক চৰ্বি, অধিক চেনি, অধিক নিমখ, মনোছডিয়াম গ্লুটামেট, কৃত্ৰিম ৰং, কৃত্ৰিম স্বাদ আৰু কৃত্ৰিম সুগন্ধি দিয়া নানা প্ৰিজাৰভেটিভ ৰাসায়নিক পদাৰ্থ থাকে৷ ধূমপানৰ পাছতেই  দ্বিতীয়  ঘাতকৰূপে পৰিচিত ফাষ্টফুড আৰু শীতল পানীয়ই তেজত কলেষ্টেৰলৰ পৰিমাণ আৰু দেহৰ ওজন বঢ়োৱাৰ উপৰি ডায়েবেটিছ, উচ্ছ ৰক্তচাপ, হৃদৰোগ, ষ্ট্ৰ’ক, কল’নৰ কেন্সাৰ, মেদবহুলতা, দন্তক্ষয় আদি ৰোগ সৃষ্টি কৰে৷ জাংকফুডৰ সলনি সতেজ ফল-মূল, শাক-পাচলি আৰু শীতল পানীয়ৰ সলনি ফলৰ ৰস, ফল-মূলৰ চৰবত, ডাবৰ পানী, কুঁহিয়াৰৰ ৰস আৰু লাচ্ছি আদি খোৱাৰ অভ্যাস গঢ়ি তোলক৷ প্ৰতিদিনে কমেও তিনিৰ পৰা চাৰি লিটাৰ বিশুদ্ধ পানী খোৱাৰ অভ্যাস কৰক৷ নিমখ কমাই খাওক৷ অত্যধিক নিমখ গ্ৰহণে ৰক্তচাপ বৃদ্ধি, হাৰ্ট এটেক, বৃক্ক আৰু মূত্ৰবাহী নলীত পাথৰ জমা হোৱা, শৰীৰত কেলছিয়াম শোষণত বাধা দি অষ্টিঅ’পৰ’ছিছ অৱস্থাৰ সৃষ্টি কৰিব পাৰে৷ পাৰিলে নিৰামিষভোজী হওক৷ আমিষভোজী ব্যক্তিয়ে মাংস খোৱাতকৈ মাছ বেছিকৈ খোৱাৰ অভ্যাস কৰক৷ মাছৰ শৰীৰত মজুত থকা  ইউৰ’টেছিন-২ নামৰ পেপ্টাইডবিধৰ হৃদযন্ত্ৰ, বৃক্ক আৰু স্নায়ুতন্ত্ৰক প্ৰভাৱিত কৰি সুস্থ কৰি ৰখাৰ ক্ষমতা আছে৷ নতুন বছৰতে সংকল্প লওক যে নিতৌ কমেও এবিধ ফল আৰু শাক-পাচলি খাম, কাৰ্যালয়লৈ যাওঁতে লগত খোৱাৰ বাবে এবিধ হ’লেও ফল আৰু খোৱাপানী নিম, সপ্তাহত এদিন হ’লেও কষ্ট কৰি শাক-পাচলি ৰান্ধি খাম, বজাৰ কৰোঁতে তৈয়াৰী খাদ্য নিকিনো আৰু এই অভ্যাস পৰিয়ালৰ আটাইৰে বাবে কৰাৰ চেষ্টা কৰিম৷

শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰি  শাৰীৰিকভাৱে ফিট থকা

বয়স অনুপাতে শৰীৰৰ ওজন কিমান হোৱা উচিত সেয়া নিৰ্ণয় কৰি, ওজনৰ ঊধবৰ্সীমা  অতিক্ৰম কৰিবলৈ নিদি শাৰীৰিকভাৱে ফিট হৈ থাকিবলৈ এই নৱবৰ্ষতে সংকল্প লওক৷ ফিট্‌নেছ থাকিলেহে এগৰাকী ব্যক্তিয়ে দীৰ্ঘ জীৱন উপভোগ কৰিব পাৰে৷ এই সংকল্প ৰূপায়ণৰ নিমিত্তে শৰীৰৰ বাবে উপযুক্ত আহাৰ গ্ৰহণৰ পাছতে তাক দহন কৰিবলৈ শিকক৷ দহনে শৰীৰৰ অতিৰিক্ত ওজন কমোৱাৰ লগতে আমাক ফিট কৰি ৰাখে৷ ইয়াৰ বাবে শাৰীৰিক শ্ৰম আৰু ব্যায়াম কৰক, খোজ কাঢ়ক, সাঁতোৰক, স্কিপিং কৰক, পুৱা আৰু গধূলি দৌৰাৰ উপৰি বাগিচাত কাম কৰা, গাড়ী ধোৱা, কুকুৰ ফুৰাবলৈ নিয়া, চাইকেল চলোৱা আদি কৰক৷ নৱবৰ্ষতে প্ৰতিদিনে পুৱা সোনকালে উঠি আধা ঘণ্টাকৈ খোজ কঢ়াৰ সংকল্প লওক৷ নিতৌ তেনেদৰে খোজ কাঢ়িলে শৰীৰৰ ওজন কমোৱাৰ লগতে শৰীৰলৈ পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন পৰিবাহিত কৰি প্ৰকৃতিৰ লগত সম্পৰ্ক সুদৃঢ় কৰি শৰীৰটো মজবুত ৰাখিব আৰু শাৰীৰিক তথা মানসিকভাৱে সুস্থ আৰু সবল অনুভৱ কৰিব৷ ওজন কমাই ফিট্‌নেছ অটুট ৰাখিবলৈ  শাৰীৰিক পৰিশ্ৰমৰ লগতে ব্যায়ামত গুৰুত্ব দিবলৈ সংকল্প লওক৷ শাৰীৰিক পৰিশ্ৰম আৰু ব্যায়ামে ডায়বেটিছ, উচ্ছ ৰক্তচাপ, অষ্টিঅ’পৰ’ছিছ, মেদবহুলতা আদি ৰোগ প্ৰতিৰোধ তথা নিয়ন্ত্ৰণ কৰাৰ লগতে মনত স্ফূৰ্তিভাৱ, উদ্যম আনে৷

ধূমপান আৰু মাদকদ্ৰব্য ত্যাগ

আপুনি  যদি ধূমপান, মদ অথবা ড্ৰাগ্‌ছ আদিৰ প্ৰতি আসক্ত, তেনেহ’লে এই নাগপাশৰ পৰা মুক্ত হ’বলৈ নৱবৰ্ষতে প্ৰতিজ্ঞাবদ্ধ হওক৷ ধূমপান আৰু মদ্যপানে আমাৰ শৰীৰত যথেষ্ট ক্ষতি কৰে৷ এই নিচাযুক্ত দ্ৰব্যবোৰ আমি জনাতকৈ কেইবাগুণে অধিক ক্ষতিকাৰক৷ এই অভ্যাসে আপোনাৰ শৰীৰটোক ৰোগগ্ৰস্ত [হৃদৰোগ,উচ্ছ ৰক্তচাপ, ষ্ট্ৰোক, কৰ্কট ৰোগ, গেষ্ট্ৰাইটিছ, মানসিক ৰোগ, নিদ্ৰাহীনতা, অষ্টিঅ’পৰ’ছিছ আদি] কৰাৰ উপৰি ঘৰুৱা সমস্যাৰ সৃষ্টি কৰে, সামাজিক বাতাৱৰণৰ …লনত ইন্ধন যোগায়৷ এনে ক্ষতিকাৰক বস্তুৰ প্ৰতি অহৈতুকী প্ৰীতি এই নৱবৰ্ষতে পৰিত্যাগ কৰক৷ যদিহে ধূমপান আৰু মদ্যপান বৰ্জন কৰিব পাৰে; ই আপোনাক ৰোগৰ পৰা বচোৱা, পাৰিবাৰিক আৰু সামাজিক সুখ দি নিৰোগী আৰু দীৰ্ঘায়ু কৰিব৷

মানসিক চাপ ত্যাগ আৰু জীৱনটো উপভোগ

পৰিৱৰ্তিত পৰিৱেশৰ সৈতে তাল মিলাই মানসিক চাপ ত্যাগ কৰি জীৱনটো উপভোগ কৰিবলৈ সংকল্প লওক৷ পোৱাখিনিতে সন্তুষ্ট হৈ ধনাত্মক চিন্তাৰে মন ভৰাই ৰাখিবলৈ সংকল্প লওক৷ দেখিব সকলোফালে পোহৰেৰে মুখৰ হৈ জীৱনটো স্বাস্থ্যৱান হৈ পৰিছে৷ যি কৰিলে মনে আনন্দ আৰু সন্তুষ্টি পায়, তাকে কৰাৰ সংকল্প লওক৷ বন্ধুৰ ঘৰলৈ যাওক, গান শুনক, কিতাপ পঢ়ক, পিকনিক খাবলৈ যাওক, চিনেমা বা থিয়েটাৰ চাবলৈ যাওক, ভ্ৰমণ কৰক, নিয়মিত প্ৰাৰ্থনা কৰক, ওচৰতে থকা মন্দিৰ দৰ্শন কৰক; মুঠতে মনটোক ভাল লগাবলৈকে কিছু সময় খৰচ কৰক৷ সুবিধা পালেই হাঁহক আৰু আনকো হঁহুৱাওক৷ ভালকৈ হাঁহিব পৰাজনৰ শৰীৰ আৰু মন সকলো দিশৰ পৰা স্বাস্থ্যৱান হৈ থাকে৷ এলাহ দূৰ কৰি পুৱা শোৱাপাটী সোনকালে এৰাৰ সংকল্প লওক৷ কামত সময়ৰ নাটনি হ’বলৈ দি মানসিক চাপ নল’ব৷ সদায় প্ৰসন্নচিত্তে থাকি এলাহক জয় কৰাৰ সংকল্প লওক৷

পৰ্যাপ্ত নিদ্ৰা আৰু জিৰণি

শৰীৰটোৰ বাবে  টোপনি আৰু জিৰণি অতি জৰুৰী৷ অকল সুষম আহাৰেৰে সুস্বাস্থ্যৰ গৰাকী হ’ব নোৱাৰি, যদিহে শৰীৰক জিৰণি দিয়া নহয়৷ একেৰাহে কোনো মানুহে কাম কৰিব নোৱাৰে৷ যন্ত্ৰকো জিৰণিৰ প্ৰয়োজন৷ আজিকালি কৰ্মব্যস্ততাৰ বাবে অনেকে বহু নিশালৈকে সাৰে থাকি প্ৰয়োজনীয় টোপনি আৰু জিৰণি নোলোৱাৰ বাবে শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভাগি পৰে৷ নতুন বছৰতে সংকল্প লওক–নিতৌ নিশা ৬১ পৰা জ্জ্ব ঘণ্টাকৈ ভালদৰে টোপনি মাৰিব, প্ৰয়োজনতকৈ বেছি সময় টোপনি নামাৰে, টিভি চাই চাই ৰাতি দেৰিকৈ শোৱাৰ অভ্যাস ত্যাগ কৰিব, শৰীৰক জিৰণি দিব আৰু কামৰ মাজতে সুবিধা পালে তাৎক্ষণিক জিৰণি আৰু টোপনি মাৰিব৷ তাৎক্ষণিক জিৰণি আৰু টোপনিয়ে মন আৰু শৰীৰ সতেজ ৰখাত সহায় কৰে৷

নিজক অনুভৱ কৰা আৰু নিজৰ বাবে সময় 

সুস্বাস্থ্য আৰু সুখ নিজৰ বাবেই অতি দৰকাৰী৷ সেয়েহে ক্ষমতা আৰু সৃজনশীলতা বঢ়াবৰ বাবে নিজকে অনুভৱ কৰি দিনটোৰ অলপ সময় নিজৰ বাবে খৰচ কৰাৰ সংকল্প লওক৷ নিজৰ ভাল লগা কিবা কৰক আৰু সময় উলিয়াই কিবা এটা নতুন কথা শিকাৰ ব্যৱস্থা কৰক৷ আনৰ ওচৰত নিজকে হেয় নকৰাৰ সংকল্প লওক৷ নিজকে পূৰ্ণ বুলি ভাবিবলৈ যত্ন কৰক, নিজৰ শক্তিক স্বীকৃতি দি আৰু সেই শক্তিক গঠনমূলক কামত ব্যৱহাৰ কৰক৷ সাধু, বিনম্ৰ আৰু কৰ্তব্যপৰায়ণ হোৱাৰ সংকল্প লওক৷

পৰিয়ালক গুৰুত্ব, বন্ধুত্ব আৰু আনক সহায় 

পৰিয়ালৰ সদস্য আৰু বন্ধুই আমাৰ আৱেগ-অনুভূতি ভাগ-বাটোৱাৰাত সহায় কৰে, চিন্তাক উৎসাহ যোগায়, ভাল কথা অনুভৱ কৰাত সহায় কৰে আৰু মানসিক শক্তি দিয়ে৷ পৰিয়ালৰ সদস্য আৰু বন্ধুৰ পৰা আঁতৰত থাকিলে ধূমপান, মদ্যপান আদি স্বাস্থ্যৰ বাবে ক্ষতিকাৰক অভ্যাসবোৰ বেছি হয়৷ সেয়েহে এই বদ অভ্যাসবোৰ বাদ দিবলৈ আৰু মানসিক সুস্বাস্থ্য বজাই ৰাখিবলৈ পৰিয়ালৰ সদস্য আৰু বন্ধুৰ সৈতে বেছিকৈ একাত্ম হৈ থকাৰ সংকল্প লওক৷ আনক সহায় কৰি মানসিক আনন্দ পোৱা যায়৷ সেয়েহে বিপদত পৰা মানুহক সহায় কৰা, সমাজৰ কল্যাণমূলক কাম কৰা আৰু অন্ততঃ এবাৰ স্বেচ্ছাই ৰক্তদান কৰাৰ সংকল্প লওক৷

নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসকৰ পৰামৰ্শ 

নতুন বছৰত নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ অভ্যাস গঢ়ি তোলক৷ নিয়মীয়া স্বাস্থ্য পৰীক্ষাই ৰোগ প্ৰতিৰোধ কৰিব নোৱাৰিলেও বহু জটিল ৰোগ প্ৰাৰম্ভিক অৱস্থাতে ধৰা পেলাই আমাক মৃত্যুৰ পৰা হাত সৰাই দীৰ্ঘ আৰু সুস্থ জীৱন দান কৰিব পাৰে৷ ইয়াৰ উপৰি শৰীৰত অসুখে দেখা দিয়াৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক৷ চিকিৎসা নকৰি মিছাতে অসুখীয়া সময় দীঘলীয়া কৰা আৰু নিজে নিজে ঔষধ সেৱন কৰি জটিলতাৰ সৃষ্টি কৰা অভ্যাস এৰক৷