Logo
image

ফ’ৰ্বছৰ তালিকাত আদিল হুছেইন

আমাৰ অসম, ৩ জানুৱাৰীঃ বছৰৰ আৰম্ভণিতে বিশ্ব মঞ্চত স্বীকৃত হৈ বলীউডৰ অভিনেতা আদিল হুছেইনে ৰাজ্যবাসীলৈ নৱবৰ্ষৰ প্ৰথমটো সুসংবাদ কঢ়িয়াই আনিছে৷ বলীউডৰ প্ৰতিষ্ঠিত অসমীয়া অভিনেতা আদিল হুছেইনক প্ৰসিদ্ধ আলোচনী ফ’ৰ্বছে ২০২১ চনৰ হিন্দী মনোৰঞ্জন উদ্যোগৰ ৮ জন অভিনেতাৰ ভিতৰত অন্যতম চমৎকাৰ অভিনেতা [আউটষ্টেণ্ডিং এক্টৰ] হিচাপে স্বীকৃতি দিছে৷ অসমৰ আদিল হুছেইনে অক্ষয় কুমাৰ অভিনীত ‘বেল বটম’ নামৰ ছবিখনত কৰা অভিনয়ৰ বাবে এই স্বীকৃতি লাভ কৰিছে৷ ফ’ৰ্বছৰ এই তালিকাত আদিল হুছেইনৰ উপৰি আশুতোষ ৰানা, সুপ্ৰিয়া পাঠক, অভিষেক বেনাৰ্জী, জিমী শ্বেৰগিল, ছিকণ্ডৰ খেৰ, মানৱ কৌল আৰু অম্ৰুতা সুভাষে স্থান লাভ কৰিছে৷ এই বিশ্বজনীন স্বীকৃতিত উৎসাহিত হোৱা আদিল হুছেইনে কয় যে, মুখ্য চৰিত্ৰত অভিনয় নকৰাকৈ দৃষ্টি আকৰ্ষণ কৰা অতিশয় কঠিন৷ উল্লেখ্য, ছবিখনত আদিল হুছেইনে ভাৰতীয় চোৰাংচোৱা সংস্থাৰ মুৰব্বীৰ চৰিত্ৰত অভিনয় কৰিছে৷ ফ’ৰ্বছে তেওঁক প্ৰশংসা কৰি অতি সাবলীলভাৱে আৰু দৃঢ়তাৰে চৰিত্ৰ ৰূপায়ণ কৰা বুলি মতামত প্ৰকাশ কৰিছে৷