Logo
image

অৰ্ণৱৰ ৰিপাব্লিক টিভিও জড়িত? নেশ্বন ৱাণ্ট্ছ টু ন’

আমাৰ অসম, ০৯ অক্টোবৰঃ টিভি চেনেলৰ ভুৱা টি আৰ পি চক্ৰৰ সৈতে সাঙোৰ খাই পৰিছে ৰিপাব্লিক টিভি৷ এই চাঞ্চল্যকৰ তথ্য বৃহস্পতিবাৰে এক সংবাদ মেলৰ জৰিয়তে ৰাজহুৱা কৰে মুম্বাইৰ আৰক্ষী আয়ুক্ত পৰমবীৰ সিঙে৷ অকল ৰিপাব্লিক টিভিয়েই নহয়, ভুৱা টি আৰ পি চক্ৰৰ সৈতে ‘ফাকট মাৰাঠী’ আৰু ‘বক্স চিনেমা’ নামৰ আন দুটা মাৰাঠী চেনেলৰ নামো সাঙোৰ খাই পৰিছে৷ মুম্বাই আৰক্ষীয়ে চলোৱা অভিযানত ইতিমধ্যে মাৰাঠী চেনেল দুটাৰ দুজন শীৰ্ষ কৰ্মকৰ্তাক নগদ ধনসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰে এজনৰ পৰা আৰক্ষীয়ে নগদ ২০ লাখ টকা আৰু আনজনৰ পৰা ৮ লাখ টকা উদ্ধাৰ কৰে৷ আৰক্ষীয়ে দুয়োজনকে বাৰ্ক অৰ্থাৎ ব্ৰডকাষ্ট অডিয়েন্স ৰিচাৰ্ছ কাউন্সিলৰ জৰিয়তে ভুৱা টিআৰপি ৰেটিং চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে৷ মুম্বাইৰ আৰক্ষী আয়ুক্তগাকীয়ে সাংবাদিকক জনোৱা মতে ৰিপাব্লিক টিভিৰ লগতে কেইবাটাও চেনেলৰ টিআৰপি জালিয়াতিৰে বৃদ্ধি কৰি থকা হৈছে৷ উল্লেখ্য, টিভি চেনেলৰ টিআৰপি নিৰ্ধাৰণ কৰে ‘বাৰ্ক’ অৰ্থাৎ ব্ৰডকাষ্ট অডিয়েন্স ৰিচাৰ্ছ কাউন্সিলে৷ টি আৰ পিৰ তথ্য সংগ্ৰহৰ বাবে সমগ্ৰ মুম্বাইত বাৰ্ক-এ দুহাজাৰৰো অধিক বেৰোমিটাৰ ব্যৱহাৰ কৰে৷ এই বেৰোমিটাৰসমূহ ক’ত স্থাপন কৰা হয় সেই ক্ষেত্ৰত সম্পূৰ্ণ গোপনীয়তা অৱলম্বন কৰাটো বাধ্যতামূলক৷ কিন্তু আৰক্ষীৰ তদন্তকালত এই বেৰোমিটাৰসমূহ স্থাপন কৰাৰ ক্ষেত্ৰত বাৰ্ক-এ হংস ৰিচাৰ্ছ নামৰ যিটো প্ৰতিষ্ঠানৰ সৈতে চুক্তি কৰিছিল, সেই প্ৰতিষ্ঠানটোৰ প্ৰাক্তন কৰ্মচাৰীসকলে এইক্ষেত্ৰত প্ৰভাৱ খটুওৱাতো ধৰা পৰিছে৷ আৰক্ষী আয়ুক্তগৰাকীয়ে উল্লেখ কৰা মতে মুম্বাইৰ বিভিন্ন প্ৰান্তত যিসমূহ দৰ্শকৰ ঘৰত এই বেৰোমিটাৰসমূহ স্থাপন কৰা আছে সেইঘৰৰ গৰাকীসকলক প্ৰতিষ্ঠানটোৱে ধনৰ বিনিময়ত কেইটামান নিৰ্দিষ্ট চেনেল চলাই থাকিবলৈ দিয়ে৷ আনকি যিসকলে ইংৰাজী ভাষা বুজি নাপায় তেওঁলোক ঘৰত নাথাকিলেও চেনেলটো টিভিত চলাই থাকিবলৈ দিয়া হয়৷ এই ভয়ংকৰ কাৰচাজি ধৰা পৰাত মুম্বাই আৰক্ষীয়ে মাৰাঠী চেনেল দুটাৰ দুজন শীৰ্ষ কৰ্মকৰ্তাক গ্ৰেপ্তাৰ কৰাৰ লগতে ৰিপাব্লিক টিভিৰ বেংক একাউণ্টো পৰীক্ষা কৰে৷ তদুপৰি আৰক্ষীয়ে ৰিপাব্লিক টিভিৰ প্ৰম’টাৰ আৰু সঞ্চালক মণ্ডলীক এই সমস্ত বিষয়টো সংক্ৰান্তত সোধা-পোছা কৰাৰ বাবে জাননী প্ৰেৰণ কৰিছে৷ এনে পৰিপ্ৰেক্ষিতত দেশৰ আগশাৰীৰ টিভি চেনেলটোৰ একাধিক শীৰ্ষ কৰ্মকৰ্তা অচিৰেই গ্ৰেপ্তাৰ হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে৷ ইপিনে, ৰিপাব্লিক টিভিৰ বিৰুদ্ধে ভুৱা টিআৰপিৰ অভিযোগ পোনছাটেই অস্বীকাৰ কৰিছে  ‘নেশ্বন ৱাণ্টছ টু ন’’ বুলি উচ্ছ-বাচ্যৰে অনুষ্ঠান আৰম্ভ কৰা চেনেলটোৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীয়ে৷ ভুৱা টিআৰপি চক্ৰৰ সৈতে জড়িত থকা বুলি কৰা মুম্বাই আৰক্ষীৰ অভিযোগক গোস্বামীয়ে চেনেলটোৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰ বুলি অভিহিত কৰাৰ লগতে ইয়াৰ বাবে মুম্বাইৰ আৰক্ষী আয়ুক্তগৰাকীক ক্ষমা খোজাৰ দাবী জনাইছে৷ গোস্বামীয়ে আনকি এইক্ষেত্ৰত মানহানিৰ গোচৰ তৰাৰো সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰে৷ ইপিনে, টিভি চেনেলকেইটাই ভুৱা টিআৰপি চক্ৰত জড়িত হৈ প্ৰায় ৩২,০০০ কোটি টকাৰ কেলেংকাৰিত লিপ্ত হোৱা বুলি দাবী কৰিছে ভুৱা টিআৰপি চক্ৰটোৰ বিষয়ে আৰক্ষীক অভিযোগ দিয়া ‘হংস ৰিচাৰ্ছ’ নামৰ প্ৰতিষ্ঠানটোৱে৷ আনহাতে, সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত অতিৰঞ্জিত আৰু আপত্তিকৰ বাতৰি পৰিৱেশন কৰাৰ অভিযোগত এন বি এছ এ অৰ্থাৎ নিউজ ব্ৰডকাষ্টিং অথৰিটীয়ে আজ টক, জী নিউজ, নিউজ-২৪ আৰু ইণ্ডিয়া টিভিক ক্ষমা খোজাৰ নিৰ্দেশ দিয়াৰ লগতে এক লাখ টকাকৈ জৰিমনা বিহিছে৷