Logo
image

আক্ৰাছু ক্ষুব্ধ আছু নীৰৱ

আমাৰ অসম,৩ জানুৱাৰীঃ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কৰা মন্তব্যক কেন্দ্ৰ কৰি জাঙুৰ খাই উঠিছে আক্ৰাছুকে ধৰি একাংশ দল-সংগঠন৷ মুখ্যমন্ত্ৰীৰ ভাষ্যক লৈ ক্ষুব্ধ হৈ পৰিছে এই দল-সংগঠনসমূহ৷ ইয়াৰ বিপৰীতে অসম চুক্তিৰ ৬নং দফা কমিটীৰ প্ৰতিবেদন ৰূপায়নক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ ওপৰত এই পৰ্যন্ত কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই৷ এই প্ৰতিবেদনৰ আইনী বৈধতাক লৈ মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা প্ৰশ্নৰ ক্ষেত্ৰত ৰহস্যজনকভাৱে চুপ হৈ আছে আছু৷ উল্লেখ্য, কইনাধৰাৰ ১ নং ৰাজ্যিক অতিথিশালাত ৰ জানুৱাৰীৰ পুৱা  মুখ্যমন্ত্ৰী শৰ্মাই  ৰাজ্যৰ বিশিষ্ট সাংবাদিকৰে হোৱা বাৰ্তালাপত কৈছিল – ‘৬ নম্বৰ দফাক লৈ আমি আগবাঢ়িব পৰা নাই৷ ৬ নম্বৰ দফা কমিটীৰ যিখিনি পৰামৰ্শ আগবঢ়াইছে সেই পৰামৰ্শবোৰে আইনৰ চৰ্তাৱলী পূৰণ নকৰে৷ উচ্ছতম ন্যায়ালয়ে কৈ থৈছে যে ৫০ শতাংশতকৈ বেছি ক’তো সংৰক্ষণৰ ব্যৱস্থা হ’ব নোৱাৰিব৷ কিন্তু ৬ নম্বৰ দফা কমিটীয়ে ১০০ শতাংশ সংৰক্ষণৰ কথা কৈছে৷ উচ্ছতম ন্যায়ালয়ক বাদ দি ক’তো আইন নহয়৷ আমি আছুৰ সৈতে কথা পাতি আছোঁ, কি কৰিব পাৰোঁ৷ আছুৰ লগত আলাপ-আলোচনা চলি আছে৷’ আনহাতে, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কৈছিল– ‘বৰ্তমানৰ জনজাতিসমূহে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি আছে৷ মৰাণ আৰু মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁলোকে সন্মতি প্ৰকাশ কৰিছে৷ চুতীয়া জনগোষ্ঠীৰ ক্ষেত্ৰতো কিছু আগবাঢ়িছে৷ এটা এটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ে আমি কথা পাতি আছোঁ৷ ছয় জনগোষ্ঠী আৰু বৰ্তমানৰ জনজাতিসমূহক মুখামুখিকৈ বহুৱাই দিব লাগে৷ সেই দিশত আমি আগবাঢ়ি আছোঁ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ যিখন প্ৰতিবেদন ৰাজ্য চৰকাৰে কেন্দ্ৰক দিবলগীয়া আছে সেইখন ৰাজ্য চৰকাৰে দিবই নোৱাৰে৷ সেইখন প্ৰতিবেদন দিলে অসমত ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি হ’ব৷ পোৱা-নোপোৱাৰ মাজত ৰক্তাক্ত সংঘাট হ’ব৷ চুতীয়া জনগোষ্ঠীৰ ক্ষেত্ৰত ৭০ শতাংশ মানি লৈছে বৰ্তমানৰ জনজাতিসমূহে৷ অবিভক্ত গোৱালপাৰা জিলাৰ কোঁচ-ৰাজবংশীসকলৰ ক্ষেত্ৰত মানি লৈছে৷ আদিবাসীৰ কিছুমান জনগোষ্ঠীৰ ক্ষেত্ৰত বৰ্তমানৰ জনজাতিসমূহে জনজাতিকৰণৰ কথাটো মানি লৈছে৷ বৰ্তমানৰ সকলো জনজাতিয়ে চৰকাৰৰ সিদ্ধান্তত আপত্তি নাই বুলি কেন্দ্ৰক ক’ব লাগিব৷ লাহে লাহে পৰিৱেশটো হৈ গৈ থাকিব৷ কাৰোবাৰ আৱেগত বাস্তৱক নামানি আগবাঢ়ি গ’লে এইটোৱে বিপৰীত ক্ৰিয়াহে কৰিব৷’ উল্লেখ্য, ৬নং দফা ৰূপায়ণ সমিতিত সদৌ অসম ছাত্ৰ সন্থাৰ তিনিজন প্ৰতিনিধি আছিল ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা উক্ত কমিটীৰ সদস্য৷ সমিতিৰ প্ৰতিবেদন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে নিজৰ স্থিতি প্ৰকাশ কৰাৰ ৩৬ ঘণ্টা উকলি গ’ল যদিও এই কমিটী গঠন আৰু ইয়াৰ প্ৰতিবেদন প্ৰস্তুতৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা ছাত্ৰ সন্থাই এই সন্দৰ্ভত নিজৰ স্থিতি ৰাজহুৱা কৰা নাই৷ মুখ্যমন্ত্ৰী শৰ্মাৰ ভাষ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়– মুখ্যমন্ত্ৰী মহোদয়ে কালি অসম চুক্তিৰ ৬নং দফাৰ কাৰ্যকৰীকৰণত কিছুমান বিশেষ বাধা আছে বুলি উল্লেখ কৰিছে৷ কিন্তু ২০১৮ চনৰ ৩১ ডিচেম্বৰলৈকে অসমত প্ৰৱেশ কৰা এক বিশেষ ধৰ্মাৱলম্বী লোকক নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰি মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰা ৰাজনৈতিক দলে অসম চুক্তিখনৰ আত্মাটোকে হত্যা কৰিছে৷ সেয়া সমগ্ৰ অসমীয়া জাতি আৰু অসমৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে অতি মাৰাত্মক৷ অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টোও কেৱল নিৰ্বাচনৰ সময়ত ভোটবেংকৰ আশাত ব্যৱহাৰ কৰা যেন অনুমান হয়৷ ইয়াৰে বহু কেইটা জনগোষ্ঠীয়ে স্বাধীনতাৰ পূৰ্বৰে পৰা সামাজিক-অৰ্থনৈতিক অনগ্ৰসৰতাৰ বাবে নিজৰ জনগোষ্ঠীক সংখ্যালঘু আৰু পৰৱৰ্তী সময়ত জনজাতিৰ তালিকাত অন্তুৰ্ভুক্তিৰ দাবীৰে বহুদিন ধৰি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছে৷ এই দাবীৰ ভিত্তিত  ১৯৯৬ চনৰ ২ আগষ্টত লোকসভাৰ অধ্যক্ষ পূৰ্ণ চাংমাই The Constitution Scheduel Tribes Order, Amendment Bill no ২১, ১৯৯৬ খন বাছনি সমিতিলৈ প্ৰেৰণ কৰে৷ আৰু বাছনি সমিতিখনে পৰৱৰ্তী সময়ত প্ৰদান কৰা প্ৰতিবেদন ভাৰতৰ সংসদ আৰু ভাৰত চৰকাৰৰ হাতত জমা আছে৷ প্ৰতিবেদনৰ ২৯নং দফাত উল্লেখ  আছে যে কোচ ৰাজবংশীৰ উপৰি অসমৰ চুটীয়া, গাৰো, টাই আহোম,হাজং, মৰাণ, মটক, চিংফৌ আদি জনগোষ্ঠীক আৰু অসমত বসবাস কৰা চাহ শ্ৰমিকসকলৰক বিভিন্ন উপজাতিকে ধৰি এই সমূহ জাতিকে জনজাতি হিচাপে জাননি জাৰি কৰা উচিত৷ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উচ্ছতম ন্যায়ালয়ে সংৰক্ষণ সম্পৰ্কত দিয়া ৰায়ৰ কথা উল্লেখ কৰি কৈছে যে মাত্ৰ ৫০ শতাংশহে সংৰক্ষণ কৰিব পৰা যায়৷ কিন্তু অসমৰ ক্ষেত্ৰত বৰ্তমানলৈকে মাত্ৰ ৩৭ শতাংশহে সংৰক্ষণ কৰা হৈছে৷ জনসংখ্যা অনুসৰি ভৈয়ামৰ জনজাতিৰ বাবে ১০ শতাংশ, পাৰ্বত্য জনজাতিৰ বাবে প্ত শতাংশ অনূসূচীত জনজাতিৰ বাবে জ্জ শতাংশ আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে ১৫ শতাংশ মুঠ ৩৭ শতাংশহে সংৰক্ষণ হৈ আছে আৰু ১৩ শতাংশ কোনো জনজাতিকে আবণ্টন  নিদিয়াকৈ সংৰক্ষণ হৈ আছে৷ সেয়েহে নতুন জনজাতি কেইটাক ১৩ শতাংশ আবণ্টন দিয়াৰ ব্যৱস্থা কৰিব পৰা যায়৷ অন্যান্য পিছপৰা শ্ৰেণীৰ নামত আবণ্টিত থকা ১৫ শতাংশৰ পৰা কিছু  কৰ্তন কৰি আনি সংৰক্ষণ বৃদ্ধি কৰিব পৰা যায়৷ কাৰণ বৰ্তমান এইসমূহ জাতি অন্যান্য পিছপৰা জাতিৰ তালিকাত সন্নিৱিষ্ট হৈ আছে৷ গতিকে মুখ্যমন্ত্ৰী ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰক্ৰিয়াৰ ওপৰত দিয়া মন্তব্য গ্ৰহণযোগ্য নহয়৷

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা তীব্ৰ অসন্তুষ্টি

আমাৰ অসমঃ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা [আক্ৰাছু]ৰ সভাপতি পুৰেন ৰায়, সাধাৰণ সম্পাদক দিব্যজ্যোতি কুমাৰ ডেকা আৰু মুখ্য প্ৰচাৰ সম্পাদক হেমন্ত বড়া কোচ-এ এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে– অসমৰ ভূমিপুত্ৰ ছয় জনগোষ্ঠী ক্ৰমে কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া, টাই- আহোম আৰু আদিবাসীসকলে জনজাতিকৰণৰ দাবীত ধাৰাবাহিকভাৱে আন্দোলন চলাই আহিছে৷ আন ৰাজনৈতিক দলৰ সমান্তৰালকৈ বৰ্তমানে শাসনৰ গাদীত অধিষ্ঠিত বিজেপি দলেও নিৰ্বাচনৰ প্ৰাক্‌মুহূৰ্তত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সপক্ষে মত পোষণ কৰি নিৰ্বাচনী বৈতৰণী অতিক্ৰম কৰি শাসনত অধিষ্ঠিত হৈছে৷ কিন্তু পৰিতাপৰ কথা জনগোষ্ঠী কেইটাৰ জনজাতিকৰণৰ সকলো বৈশিষ্ট্য থকাৰ পাছতো কেৱল ৰাজনৈতিক মুনাফা লাভৰ স্বাৰ্থত জনজাতিকৰণ সন্দৰ্ভত চৰকাৰখনে দাখিল কৰিবলগীয়া প্ৰতিবেদন প্ৰস্তুত কৰিও দাখিল নকৰিলে৷ বৰ্তমানৰ জনজাতিসকলৰ বিভিন্ন সংগঠনে উপৰোক্ত ছয় জনগোষ্ঠীৰ জনজাতিকৰণত আপোচ- মীমাংসাৰে সন্মতি জনাই অহাৰ সময়তে খোদ মুখ্যমন্ত্ৰীজনে বছৰৰ প্ৰথম দিনটোতে প্ৰস্তুত কৰা প্ৰতিবেদন দাখিল কৰিলে ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি ঘোষণা কৰি প্ৰকাৰন্তৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণত সহমত প্ৰকাশ কৰা বৰ্তমানৰ জনজাতিসকলৰ সৈতে ছয় জনগোষ্ঠীৰ সংঘাত সৃষ্টিত উদ্‌গণি জনোৱা এই বক্তব্যৰ  তীব্ৰ বিৰোধিতা কৰিছোঁ৷ আকৌ একেজন মুখ্যমন্ত্ৰীয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ বৰ্তমানৰ জনজাতিসকলৰ সৈতে হোৱা আলোচনাত মৰাণ আৰু মটকসকলক জনজাতিৰ মৰ্যাদা দিয়াত আপত্তি নথকা চুতীয়াসকলৰ ক্ষেত্ৰত ৭০ শতাংশ মানি লোৱা আৰু কোচ ৰাজবংশীৰ জনজাতিকৰণৰ ক্ষেত্ৰত বৰ্তমানৰ জনজাতিসকলে কিছু কথা মানি লোৱা বুলি বক্তব্যত উল্লেখ কৰি জনজাতিকৰণৰ ন্যায্য দাবীত সংঘবদ্ধভাৱে আন্দোলন চলাই অহা ছয় জনগোষ্ঠীৰ মাজত  বিভেদৰ বীজ সিঁচিব বিচাৰিছে৷ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰত ছয় জনগোষ্ঠীৰ প্ৰতিবেদনৰ মন্ত্ৰী গোটৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হৈ থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই  জনজাতিকৰণৰ আন্দোলনক বিভ্ৰান্ত কৰাৰ কৌশলেৰে  নৱবৰ্ষৰ প্ৰথম দিনটোত ৰাজ্যবাসীৰ বাবে আশাব্যঞ্জক বতৰা কঢ়িয়াই অনাৰ বিপৰীতে  ভূমিপুত্ৰসকলৰ মাজত বিভেদৰ বীজ সিঁচি ৰাজ্যৰ অন্য সমস্যা লুকুৱাব বিচাৰিছে৷