Logo
image

ভেক্‌চিন দি মেট্ৰিকৰ বাবে সাজু কৰোৱা হ’ল ছাত্ৰ-ছাত্ৰীক

আমাৰ অসম,৪ জানুৱাৰীঃ চলিত বৰ্ষত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া লাখ লাখ ছাত্ৰ-ছাত্ৰীক আজিৰে পৰা ভেক্‌চিন প্ৰদানেৰে পৰীক্ষাৰ বাবে সাজু কৰিলে ৰাজ্য চৰকাৰে৷ ১৫ বছৰৰ পৰা ১৮ বছৰৰ ভিতৰৰ কিশোৰ-কিশোৰীসকলৰ বাবে আজিৰে পৰা দেশজুৰি আৰম্ভ হোৱা ক’ভিড ভেকচিন প্ৰদান কাৰ্যসূচীৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি দুলীয়াজানৰ অইল ইণ্ডিয়া উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত এই বয়স গোটৰ বাবে ৰাজ্যত ভেকচিন প্ৰদান অভিযানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ ডিব্ৰুগড় জিলা প্ৰশাসন আৰু ডিব্ৰুগড় জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত তথা অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত আয়োজিত এই টীকাকৰণ শিৱিৰত মুঠ ৪০৫ গৰাকী ছাত্ৰ-ছাত্ৰীক ভেকচিন প্ৰদান কৰা হয়৷ উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছুদিনৰ পূৰ্বে কৰা ঘোষণা অনুসৰি আজিৰে পৰা সমগ্ৰ দেশত ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ভিতৰৰ কিশোৰ-কিশোৰীসকলৰ বাবে ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ হৈছে৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি ড॰ শৰ্মাই কয় যে আজিৰ দিনটো ক’ভিড-১৯ ৰ বিৰুদ্ধে দীঘলীয়া যুঁজখনৰ আৰু এক নিৰ্ণায়ক দিন৷ টীকাকৰণেই ক’ভিডৰ বিৰুদ্ধে অমোঘ অস্ত্ৰ বুলি মন্তব্য কৰি তেওঁ কয় যে ভেকচিন লোৱা ব্যক্তিসকল পুনৰবাৰ ক’ভিডত আক্ৰান্ত হ’লেও তেওঁলোকৰ দেহত ক’ভিডৰ সংক্ৰমণ অতি ব্যাপক নহয় আৰু তেওঁলোকৰ মৃত্যুৰ হাৰ অতি কম৷ সেয়েহে, ৰাজ্যৰ প্ৰতিগৰাকী যোগ্য লোককে ভেকচিন প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে তৎপৰতা অব্যাহত ৰাখিছে৷ এই পৰ্যন্ত ৰাজ্যখনত মুঠ ৩,৭৬,৮০,০০০  পালি টীকা প্ৰদান  কৰা হৈছে আৰু ইয়াৰে ২,১৭,৩৬,৩৯৭ পালি টীকা প্ৰথম পৰ্যায়ত প্ৰদান কৰা হৈছে বুলি জানিবলৈ দি মুখ্যমন্ত্ৰীয়ে কয় যে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ ৭০ হাজাৰ গৰাকী ব্যক্তিকে ধৰি ৰাজ্যত সৰ্বমুঠ ৰ লাখ লোকেহে প্ৰথম পৰ্যায়ৰ টীকা গ্ৰহণ কৰিবলৈ বাকী আছে৷ ক’ভিডৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ যুঁজখনত এক নতুন পদক্ষেপ হিচাপে অহা ১০ জানুৱাৰীৰ পৰা ৰাজ্যখনৰ ডাক্টৰ, নাৰ্ছ, আৰক্ষী, অংগনৱাড়ী কৰ্মী আদি ফ্ৰণ্টলাইন ক’ভিড যোদ্ধাসকলক ক’ভিড ভেকচিনৰ তৃতীয়টো পালি প্ৰদানৰ কাম আৰম্ভ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে৷ একেদৰে, দ্বিতীয় পালি টীকা গ্ৰহণৰ জ্ঝ মাহ অতিক্ৰম কৰা তথা অন্যান্য স্বাস্থ্য সম্বন্ধীয় জটিলতা থকা জ্যেষ্ঠ নাগৰিকসকলকো অহা ১০ জানুৱাৰীৰ পৰা তৃতীয় পালি টীকা প্ৰদান কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷ ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক যাতে কম সময়ৰ ভিতৰতে ক’ভিডৰ দুয়োপালি টিকা প্ৰদান কৰিব পৰা যায় তাৰ বাবে তেওঁলোকক ভাৰত বায়’টেকৰ কোভাক্সিন টীকা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অহা দুমাহমানৰ ভিতৰতে এই বয়স গোটৰ সকলো কিশোৰ-কিশোৰীকে ভেকচিন প্ৰদানৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে যাতে তেওঁলোকে নিজৰ পৰীক্ষাসমূহত নিৰ্ভয়ে অৱতীৰ্ণ হ’ব পাৰে৷ আজিৰ এই কাৰ্যসূচীত কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, কৃষিমন্ত্ৰী তথা ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিমল বৰা, চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ আৰু স্থানীয় বিধায়ক তেৰচ গোৱালাকে ধৰি স্বাস্থ্য বিভাগ, জিলা প্ৰশাসন আৰু অইল ইণ্ডিয়া লিমিটেডৰ জ্যেষ্ঠ বিষয়ববীয়াসকল উপস্থিত থাকে৷ ইপিনে, গুৱাহাটীৰ গোপালবড়ো উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কামৰূপ মহানগৰ জিলাৰ ১৫-১৮ বছৰৰ ছাত্ৰ-ছাত্ৰী তথা কিশোৰ-কিশোৰীৰ বাবে ক’ভিড টিকাকৰণ অভিযান মুকলি কৰে৷ অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰীৰ সৈতে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মনন আৰু মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজায়ো উপস্থিত থাকে৷ অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে বিগত দুবছৰে ক’ভিডৰ বিৰুদ্ধে অব্যাহত থকা যুঁজখনক ৰাজ্যৰ চিকিৎসক, স্বাস্থ্যকৰ্মী, আশাকৰ্মীসকলে অতি কষ্ট স্বীকাৰ কৰি আগুৱাই নিয়াৰ বাবে তেওঁলোকলৈ ৰাজ্য চৰকাৰৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে৷ পাছত স্বাস্থ্যমন্ত্ৰী মহন্তই গুৱাহাটীৰ ভৰলুমুখস্থিত কালিৰাম উচ্ছতৰ মাধ্যমিক বিদ্যালয়, উজানবজাৰৰ কামৰূপ একাডেমী উচ্ছতৰ মাধ্যমিক বিদ্যালয়তো উপস্থিত হৈ ১৫১ পৰা ১৮ বছৰৰ ভিতৰৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ক’ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী শুভাৰম্ভ কৰে৷ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে মহানগৰীৰ কুমাৰপাৰাৰ হাৰিয়ানা ভৱনত আয়োজিত ১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীৰ বিশেষ ক’ভিড টিকাকৰণ শিবিৰ এটাও আজি উদ্বোধন কৰে৷ এই অভিযানৰ অধীনত ৰাজ্যৰ প্ৰায় ২০.৩৭ লাখ ছাত্ৰ-ছাত্ৰী তথা কিশোৰ-কিশোৰীক সামৰি ল’ব পৰাকৈ স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ আৰু জিলা প্ৰশাসনসমূহে ৩ জানুৱাৰীৰ পৰা জ্ঝ জানুৱাৰীলৈ জিলাসমূহত শিক্ষানুষ্ঠানে শিক্ষানুষ্ঠানে বিশেষ ক’ভিড টিকাকৰণ কাৰ্যসূচী চলাব৷ ভাৰত চৰকাৰৰ সিদ্ধান্তৰ আধাৰত এই বয়সসীমাৰ ছাত্ৰ-ছাত্ৰী তথা কিশোৰ-কিশোৰীসকলক ক’ভাক্সিন প্ৰতিষেধক প্ৰদান কৰা হৈছে৷ ১৫-১৮ বছৰ বয়সসীমাৰ বাবে হাতত লোৱা এই অভিযানৰ প্ৰথম দিনা সোমবাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে শোণিতপুৰ, বিত্তমন্ত্ৰী অজন্তা নেওগে গোলাঘাট, বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই হোজাইত, পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপ, শিক্ষামন্ত্ৰী ড॰ ৰণোজ পেগুৱে নগাঁও, ভূমি সংৰক্ষণ মন্ত্ৰী ঊৰ্খাও গৌড়া ব্ৰহ্মই চিৰাং আৰু ৰাজহ মন্ত্ৰী যোগেন মহনে চৰাইদেউ জিলাৰ শিক্ষানুষ্ঠানত উপস্থিত থাকি সংশ্লিষ্ট জিলাৰ টিকাকৰণ কাৰ্যসূচী মুকলি কৰে৷ একেদৰে, কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ত আয়োজিত টিকাকৰণ শুভাৰম্ভণি অনুষ্ঠানত বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োয়ে অংশগ্ৰহণ কৰি কোকৰাঝাৰ জিলাৰ ১৫-১৮ বছৰৰ ছাত্ৰ-ছাত্ৰী তথা কিশোৰ-কিশোৰীৰ বাবে ক’ভিড টিকাকৰণ অভিযান মুকলি কৰে৷ প্ৰথম দিনা বিয়লি পৰ্যন্ত প্ৰায় পঞ্চাশ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে ক’ভিডৰ টিকা গ্ৰহণ কৰে৷ সন্ধিয়া ৬.৩০ বজালৈ প্ৰাপ্ত তথ্য অনুসৰি আজি ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহত ১৫-১৮ বছৰ বয়সসীমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আৰম্ভ কৰা ক’ভিড টিকাকৰণ অভিযানৰ প্ৰথমদিনা ৯০,০০০১ অধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমপালি ক’ভাক্সিন প্ৰতিষেধক গ্ৰহণ কৰে৷ আজি ৰাজ্যৰ ৫০০ অধিক শিক্ষানুষ্ঠানত স্বাস্থ্য বিভাগে শিক্ষা বিভাগ আৰু জিলা প্ৰশাসনসমূহৰ সহযোগত এই টিকাকৰণ অভিযান চলায়৷ সোমবাৰে শিক্ষানুষ্ঠানসমূহত চলোৱা ক’ভিড টিকাকৰণৰ এই অভিযানত প্ৰায় ৩০০০গৰাকী স্বাস্থ্যকৰ্মীক নিয়োজিত কৰে স্বাস্থ্য বিভাগে৷