Logo
image

সাহিত্য সভাত তলা ওলমালে বিষয়া-কৰ্মীয়ে

আমাৰ অসম, ৪ জানুৱাৰীঃ ১০৫ বছৰীয়া জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ ৯টা কাৰ্যালয়ৰ ৩৯জন স্থায়ী কৰ্মচাৰীয়ে সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কলম বিৰতি কাৰ্যসূচী গ্ৰহণ কৰিছে৷ বিগত চাৰিমাহ ধৰি অসম সাহিত্য সভাৰ ৯ টা কাৰ্যালয়ৰ ৩৯জন স্থায়ী কৰ্মচাৰীয়ে প্ৰাপ্য দৰমহা আৰু সময়মতে পি এফ ই এছ আই জমা নিদিয়াৰ ফলত কলম বিৰতি কাৰ্যসূচী গ্ৰহণ কৰিছে৷ অসম সাহিত্য সভা মুখ্য কাৰ্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভবন, গুৱাহাটীৰ প্ৰশাসনীয় কাৰ্যালয়, ডিফুৰ আঞ্চলিক কাৰ্যালয়, ডিব্ৰুগড়ৰ আঞ্চলিক কাৰ্যালয়, ধুবুৰীৰ আঞ্চলিক কাৰ্যালয়, লখিমপুৰৰ আঞ্চলিক কাৰ্যালয়, নগাঁও আঞ্চলিক কাৰ্যালয় আৰু মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ মুঠ ৩৯জন স্থায়ী কৰ্মচাৰীয়ে কলম বিৰতি কাৰ্যসূচী গ্ৰহণ কৰিছে৷ সাহিত্য সভাৰ জ্জ্ব কাৰ্যালয়ত কৰ্মচাৰীৰসকলে প্ৰৱেশদ্বাৰত বহি প্ৰতিবাদ সাব্যস্ত কৰে৷ লগতে সভাৰ বিষয় ববীয়াসকলক প্ৰৱেশত বাধা দিয়ে৷ উল্লেখ্য, সভাৰ মুঠ ১০টা কাৰ্যালয় যদিও শিলচৰ আৰু বাগ্‌সাৰ কাৰ্যালয়ত এতিয়ালৈকে কোনো কৰ্মচাৰী নিযুক্তি দিয়া হোৱা নাই৷ তদুপৰি ‘কৰ্মচাৰী কল্যাণ সমিতি’ৰ তৰফৰ পৰা অসম সাহিত্য সভাৰ সভাপতি ড॰ কুলধৰ শইকীয়াক বিগত বৰ্ষৰ ২০ নৱেম্বৰ আৰু ১৭ ডিচেম্বৰত প্ৰেৰণ কৰা কৰ্মচাৰীৰ বিভিন্ন সমস্যা সম্পৰ্কত দিয়া দুখন পত্ৰৰ এখন পত্ৰৰো উত্তৰ নিদিয়াত ক্ষোভ প্ৰকাশ কৰি এই কাৰ্যসূচী গ্ৰহণ কৰে কৰ্মচাৰী সকলে৷ গুৱাহাটীৰ প্ৰশাসনীয় কাৰ্যালয় ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সন্মুখতো কৰ্মচাৰী কল্যাণ সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি কনক ডেকা, অভিজিত কলিতা, নিশান্ত তালুকদাৰ, হৰিচন্দ্ৰ কলিতা, কালিচৰণ কলিতা, ৰীমা কলিতা, কবিতা বৰা, বাবুল ৰাজবংশী আদিয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ এই কাৰ্যসূচীৰ জৰিয়তে গুৱাহাটীৰ প্ৰশাসনীয় কাৰ্যালয়ৰ স্থায়ী কৰ্মচাৰী কবিতা বৰাই কয় ‘ আমি বিগত বৰ্ষৰ জুন মাহৰ পৰাই দুই-তিনিমাহৰ মুৰত এমাহৰ দৰমহা প্ৰদানৰ বিপৰীতে শেহতীয়াকৈ ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰ মুঠ চ্ছ্ৰ [চাৰি] মাহ ধাৰাবাহিকভাৱে দৰমহা নোপোৱা আৰু এই সম্পৰ্কত কোনোধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদ গ্ৰহণ কৰিবলৈ বাধ্য হৈছোঁ৷ কৰ্মচাৰীসকলৰ মাহিলী দৰমহাৰ পৰা কৰ্তন কৰা ই পি এফ সময়মতে জমা নোহোৱা আৰু শেহতীয়াকৈ প্ত [পাঁচ] মাহ ই.পি.এফ. বিভাগত ধন জমা দিয়া হোৱা নাই৷ কৰ্মচাৰীক মাহিলী দৰমহা মাহিলী প্ৰদান কৰিব নোৱাৰিলেও যিকোনো পৰিস্থিতিত এই বিভাগত ধন প্ৰতিমাহে জমা দিয়াতো কৰ্মচাৰীৰ স্বাৰ্থত অতি প্ৰয়োজনীয় বিষয়৷ এই বিষয়টোত সভাৰ উৰ্ধতম কতৃৰ্পক্ষই কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই৷ যিহেতু ই.পি.এফ. বিভাগত সময়মতে ধনৰাশি জমা নিদিয়াৰ বাবে সংশ্লিষ্ট বিভাগৰ কৰ্মচাৰী গুৱাহাটী প্ৰশাসনিক কাৰ্যালয়লৈ আহি বিগত বৰ্ষৰ ৩১ ডিচেম্বৰৰ ভিতৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে জনাইছে যদিও ধন জমা দিয়াৰ যাবতীয় ব্যবস্থা গ্ৰহণ কৰা নাই৷ কৰ্মচাৰীসকলৰ ই.এছ. আই সংস্থানৰ মাহিলী বৰঙণি বিগত ৫১ পৰা ৬ মাহ ধৰি সময়মতে জমা নোহোৱাত কৰ্মচাৰীসকল অনি(য়তাত ভুগিছে৷ কৰ্মচাৰীক মাহিলী দৰমহা মাহিলী প্ৰদান কৰিব নোৱাৰিলেও যিকোনো পৰিস্থিতিত ই এছ আই বিভাগৰ মাহেকীয়া বৰঙণি সময়মতে জমা নহ’লে কৰ্মচাৰীসকল স্বাস্থ্যৰ ক্ষেত্ৰত উপলব্ধ সা-সুবিধাৰ পৰা বঞ্চিত হ’ব লগা বিষয়টোবেও কৰ্মচাৰীসকলক অনি(য়তাত পেলাইছে৷ এইক্ষেত্ৰত সভাৰ উৰ্ধতম কতৃৰ্পক্ষ সজাগ নোহোৱাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ৷ অসম চৰকাৰৰ অনুদানৰ ভিত্তিত মৰগীয়া বানচ বৰ্তমান ৩১ শতাংশৰ পৰিৱৰ্তে সভাৰ কৰ্মচাৰীসকলেমাত্ৰ ৰ শতাংশহে লাভ কৰে৷  আমি কৰ্মচাৰীসকলৰ বাৰ্ষিক অভিবৰ্তন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ দাবী জনাইছো৷ লগতে আগন্তুক ভোগালী বিহুৰ পূৰ্বে আমাৰ প্ৰাপ্যখিনি দিবলৈ দাবী জনালোঁ৷’ উল্লেখ্য, ১০৫ বছৰীয়া জাতীয় অনুষ্ঠান এটাৰ স্থায়ী কৰ্মচাৰী সকলে প্ৰাপ্যৰ বাবে কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ বাবে সোমবাৰে সভাৰ কাম কাজ স্থবিৰ হৈ পৰে৷

আন্দোলনকাৰীক আশ্বাস দিলে মৃণালিনী দেৱীয়ে, সঁহাৰি নজনালে সভাপতি-প্ৰধান সম্পাদকে

আমাৰ অসমঃঅসম সাহিত্য সভাৰ যোৰহাটস্থ কেন্দ্ৰীয় কাৰ্যালয়ত ১১জন, গুৱাহাটীস্থ প্ৰশাসনিক কাৰ্যালয়ত ২০জন কৰ্মচাৰীৰ লগতে ডিফু, ডিব্ৰুগড়, লখিমপুৰ, মংগলদৈ আৰু ধুবুৰীৰ আঞ্চলিক কাৰ্যালয়সমূহত সৰ্বমুঠ ৪১জন কৰ্মচাৰী আছে৷ এই কৰ্মচাৰীসকলে ২০২১ চনৰ জুন মাহৰ পৰাই ২-৩ মাহৰ মূৰত এমাহৰ দৰমহা লাভ কৰিছিল যদিও ছেপ্টেম্বৰ মাহৰ পৰা ডিচেম্বৰলৈকে দৰমহা পোৱা নাই৷ ইফালে তেওঁলোকৰ দৰমহাৰ পৰা কাটি ৰখা ইপিএফৰ ধনো জমা হোৱা নাই৷ তদুপৰি, ইএছআইৰ বৰঙণি পাঁচ-ছমাহ ধৰি সময়মতে জমা কৰা নাই৷ ইয়াৰ ফলত কৰ্মচাৰীসকল স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হোৱাৰ আশংকাৰ সৃষ্টি হৈছে৷ তদুপৰি, অসম চৰকাৰৰ অনুদানৰ ভিত্তিত মৰগীয়া বানচ ৩১ শতাংশৰ পৰিৱৰ্তে এক শতাংশহে প্ৰদান কৰা হৈছে৷ এই সন্দৰ্ভত অসম সাহিত্য সভাৰ কৰ্মচাৰী কল্যাণ সমিতিয়ে ২০ নৱেম্বৰ আৰু ১২ ডিচেম্বৰত অসম সাহিত্য সভাৰ সভাপতিলৈ দুখন পত্ৰ প্ৰেৰণ কৰে যদিও সভাপতিজনে কোনো উত্তৰ নিদিলে৷ সেয়ে সভাৰ কৰ্মচাৰীসকলে প্ৰাপ্য আদায়ৰ দাবীত প্ৰথম পৰ্যায়ত দুদিনীয়া অসহযোগ কাৰ্যসূচী ৰূপায়ণ কৰিছে৷ ইয়াৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে জ্জ, জ্জ্ব জানুৱাৰীত পুনৰ অসহযোগ কৰিব বুলি জানিব পৰা গৈছে৷ ইফালে আজি প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত গুৱাহাটীস্থ কাৰ্যালয়ত সভাৰ উপসভানেত্ৰী মৃণালিনী দেৱী উপস্থিত হৈ কৰ্মচাৰীসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে বুলিও জানিব পৰা গৈছে৷ কিন্তু সভাৰ সভাপতি অথবা প্ৰধান সম্পাদকে তেওঁলোকৰ আন্দোলনৰ প্ৰতি কোনো সঁহাৰি জনোৱা নাই৷