Logo
image

সুন্দৰ অসমৰ স্বপ্ন

... অসমৰ বাবে আন সমস্যাৰ দৰে আন্তঃৰাজ্যিক সীমা বিবাদো আন এক জ্বলন্ত সমস্যা৷ অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু ত্ৰিপুৰাই সামগ্ৰিকভাৱে অসমৰ কেইবা হেক্টৰো মাটি বেদখল কৰি থকাৰ উপৰি সীমান্তৱৰ্তী অঞ্চলৰ গঞাৰ ওপৰত বেদখলকাৰী দুষ্কতিকাৰীয়ে নানা অত্যাচাৰ-উৎপীড়ন কৰি আহিছে৷ কিন্তু সীমাবিবাদৰ আজিকোপতি কোনো সমাধান সূত্ৰ ওলোৱা নাই৷ বৰঞ্চ মাজে মাজে সীমান্তৱৰ্তী অঞ্চলত তীব্ৰ উত্তেজনাই অঞ্চলটোৰ বাসিন্দাসকলৰ শান্তি, সম্প্ৰীতি বিনষ্ট কৰি পেটৰ ভাত, চকুৰ টোপনি হৰণহে কৰিছে৷ ইয়াক নিৰাসনৰ প্ৰয়োজন  ...

সময় ইমান বেগী যে আমাৰ অজ্ঞাতে সংগোপনে কেনেকৈ  পাৰ হৈ যায় আমি গমেই নাপাওঁ৷ সময়ৰ প্ৰতি গুৰুত্বহীনতাৰ বাবে  পৰিকল্পনা কৰাধৰণে কামবোৰ সময়মতে হৈ নুঠে৷ দকৈ ভাবিলে দেখা যায় যে সকলো অপচয় আৰু ব্যৰ্থতাৰ লগত সময় ওতপ্ৰোতভাৱে সম্পৰ্কিত৷ সময় গতিশীল৷ বিভিন্ন পৰিৱৰ্তনৰ মাজেদি পল-অনুপল কৰি বাগৰ সলোৱা সময়ত কিছুমান ঘটনা-পৰিঘটনা ইতিহাস হোৱাৰ সমান্তৰালকৈ কিছুমান ঘটনাই মানুহৰ মনত নতুনত্বৰ সন্ধান দিয়ে৷ মানুহৰ মন-মগজুত ন ন চিন্তাৰ খোৰাক যোগায়৷ বিভিন্নজনে বহুত হেৰোৱাৰ বিপৰীতে অযুতজনে একেই সময়তে সুখ-সমৃদ্ধিৰে জীৱন উপচাই তোলে৷ সামাজিক বাতাৱৰণ, স্বচিন্তন, একাগ্ৰতা আদি কাৰক হ’ল সফলতাৰ চাবিকাঠী৷ সফলতা-ব্যৰ্থতা, আনন্দ-বেদনা, হাঁহি-কান্দোনৰ মাজেৰে পাৰ হৈ যায় একোটা বৰ্ষ৷ ২০২০ বৰ্ষটোৰ দৰে ২০২১ বৰ্ষটো সমগ্ৰ বিশ্বব্যাপী বিশ্ববাসীৰ বাবে অমংগলীয় বছৰ হিচাপে চিহ্নিত হ’ল৷ গোটেই বিশ্বৰ আন প্ৰান্তৰ লগতে অসমৰ বাবেও ২০২০-২১ বৰ্ষ দুটা বহুত বেদনাদায়ক৷ এই বছৰ দুটাতে ‘কা’বিৰোধী আন্দোলন, বাঘজানৰ তৈলখাদৰ জুই আদি অনাকাংক্ষিত পৰিৱেশ দেখাৰ উপৰি অসমে বহু মহান পুৰুষক হেৰুৱাবলগীয়া হৈছে৷ বৈশ্বিক অতিমাৰী কৰ’নাৰ ত্ৰাসত আতংকিত মানুহে স্বাভাৱিক জীৱন প্ৰণালীৰ পৰা বিচলিত হ’বলগা হৈছে৷ গৃহবন্দিত্বই মানুহক স্থবিৰ কৰি পেলোৱা বাবেই শিক্ষা, সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি আদি সকলো দিশৰে একোখন দুখজনক ছবিয়ে মানুহৰ মন হতাশাগ্ৰস্ত কৰি তুলিছে৷ কৰ’না ভাইৰাছৰ প্ৰভাৱত ব্যৱসায় প্ৰতিষ্ঠান, যাতায়াত, শৈক্ষিক প্ৰতিষ্ঠান, সাংস্কৃতিক অনুষ্ঠান আদি বন্ধ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত অৰ্থনীতি, শিক্ষা, সংস্কৃতি আদি সকলো ক্ষেত্ৰতে এক অভাৱনীয় ক্ষতি হৈছে৷ কৰ্মক্ষেত্ৰৰ পৰা মানুহ আঁতৰি থাকিবলগীয়া হোৱাত অৰ্থনীতি বিধবস্ত হোৱাৰ লগতে নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈছে৷ জনমূৰি আয়ৰ পৰিমাণ নিম্নগামী হৈছে৷ বিশ্বজুিৰ কৰ’না মহামাৰীৰ সংক্ৰমণৰ ফলত বিভিন্ন ক্ষেত্ৰত যি স্থৱিৰতা আহি পৰিছে, তাৰপৰা শৈক্ষিক ক্ষেত্ৰখনেও ৰেহাই পোৱা নাই৷

বিদ্যালয়, মহাবিদ্যালয়বোৰ বন্ধ হৈ পৰাৰ বাবে শিকাৰুসকলৰ আনুষ্ঠানিক শিক্ষাগ্ৰহণত অপূৰণীয় ক্ষতি হৈছে৷ অসমৰ বাপতি সাহোন ৰঙালীৰ উলহ-মালহ আৰু শাৰদীয় দুৰ্গোৎসৱ, ঈদ আদি উৎসৱৰ আনন্দ ম্লান পৰিছে৷ ভ্ৰাম্যমাণ থিয়েটাৰ, ছবিগৃহ আদিত তলা লগাত অভিনয় শিল্পীৰ লগতে উদ্যোগটোৰ লগত জড়িত সকলো স্তৰৰ কলা-কুশলীৰে প্ৰায় পানীত হাঁহ নচৰা অৱস্থা হৈছে৷

‘কা’বিৰোধী আন্দোলন, বাঘজানৰ জুই, কৰ’না মহামাৰী আদিৰ উপৰি অন্ধবিশ্বাস, কু-সংস্কাৰ, নাৰী নিৰ্যাতন, শিশু নিৰ্যাতন আদি এশ-এবুৰি সমস্যাৰে জৰ্জৰ অশান্তিকৰ পৰিৱেশত জুৰুলা হোৱা অসমবাসীৰ বাবে অভিশপ্ত ২০২১ বৰ্ষটোৱে বিদায় মাগিলে৷ চলমান ইতিহাসৰ দুৱাৰ মুকলি কৰি আহিল ২০২২৷ নতুন বৰ্ষ অহাৰ লগে লগে মানুহৰ মনত ন ন আশাৰ সঞ্চাৰ হয়৷ উৎসাহ-উদ্দীপনাৰ বোকোচাত উঠি মানুহে ন ন চিন্তাৰে নব্য ৰূপত আশা-আকাংক্ষাবোৰ বাস্তৱায়িত কৰাৰ পৰিকল্পনা কৰাৰ লগতে দৃঢ় সংকল্পও গ্ৰহণ কৰে৷ সেয়েহে পুৰণি বৰ্ষৰ দুখ-দুৰ্গতি, বাধা-বিঘিনী সকলো আওকাণ কৰি মানুহে নতুন সময়ত নতুন সৃষ্টিৰ নতুন আশাত নতুন বছৰক আদৰাৰ প্ৰস্তুতি কৰে৷ কিন্তু পৰিতাপৰ কথা যে নতুন বৰ্ষক আদৰাৰ নামত যি বিজতৰীয়া কু-সংস্কাৰেৰে একাংশই সমাজখন কলুষিত কৰিবলৈ চেষ্টা কৰে, সেয়া অতি নিন্দনীয়৷

বৈশ্বিক অতিমাৰী কৰ’নাৰ প্ৰতিষেধকৰ উদ্ভাৱনে নতুন বৰ্ষত আমাৰ শংকাৰ অৱসান ঘটাই  আশাৰ সঞ্চাৰ কৰিছে যদিও মানুহৰ মনত শংকাৰ সমাপ্তি ঘটা নাই৷ ইয়াৰ ফলত শিক্ষা, সংস্কৃতি, অৰ্থনীতি আদি পুনৰুজ্জীৱিত হৈ এক শক্তিশালী ৰূপত থিয় হৈ এক আশাব্যঞ্জক ফলাফল কঢ়িয়াই আনিব বুলিও আশা কৰিব নোৱাৰি৷

অসমৰ বাবে আন সমস্যাৰ দৰে আন্তঃৰাজ্যিক সীমা বিবাদো আন এক জ্বলন্ত সমস্যা৷ অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু ত্ৰিপুৰাই সামগ্ৰিকভাৱে অসমৰ কেইবা হেক্টৰো মাটি বেদখল কৰি থকাৰ উপৰি সীমান্তৱৰ্তী অঞ্চলৰ গঞাৰ ওপৰত বেদখলকাৰী দুষ্কতিকাৰীয়ে নানা অত্যাচাৰ-উৎপীড়ন কৰি আহিছে৷ কিন্তু সীমাবিবাদৰ আজিকোপতি কোনো সমাধান সূত্ৰ ওলোৱা নাই৷ বৰঞ্চ মাজে মাজে সীমান্তৱৰ্তী অঞ্চলত তীব্ৰ উত্তেজনাই অঞ্চলটোৰ বাসিন্দাসকলৰ শান্তি, সম্প্ৰীতি বিনষ্ট কৰি পেটৰ ভাত, চকুৰ টোপনি হৰণহে কৰিছে৷

আকৌ এইখন শংকৰ- আজানৰ সম্প্ৰীতিৰ মিলনভূমি অসমতে সৰু সৰু কথা একোটাতে কোনো বিচাৰ-বিবেচনা নোহোৱাকৈ আইন হাতত তুলি লোৱা একাংশ মানুহৰ বৰ্বৰতাৰ বাবে নিৰীহ ডেকা কিছুমানে জীৱন বলিদান দিবলগীয়া হোৱাৰ দৰে জঘন্য ঘটনাই সমগ্ৰ ৰাজ্যতে জোকৰণি তুলিছে৷ মৰেল পুলিচগিৰিৰ দৰে অতিশয় জঘন্য ঘটনাৰ সাক্ষী বহন কৰিছে ২০২১ বৰ্ষটে¸াৱে৷ আমি আশা কৰোঁ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, খিলঞ্জীয়া লোকৰ সুৰক্ষা, অসম চুক্তিৰ স্থায়িত্ব, অবৈধ নাগৰিক চিনাক্তকৰণ আৰু বহিষ্কৰণ, নিৱনুৱা সমস্যাৰ সমাধান, নদীবান্ধ, সীমা সুৰক্ষা আদি সমস্যাৰ স্থায়ী সমাধান হওক৷ কৰ’না মহামাৰীয়ে বিধবস্ত কৰা অৰ্থনীতি পুনৰুদ্ধাৰ কৰিবলৈ চৰকাৰৰ বিনামূলীয়া চাউল, দাইল যোগানৰ উপৰি সাধাৰণ জনতাক কৰ্মমুখী কৰাৰ বাবে চিন্তা-চৰ্চা কৰি এখন কৰ্মসংস্কৃতিময় সমাজ গঢ়াৰ পৰিকল্পনা কৰা বাঞ্ছনীয়৷ দীৰ্ঘদিন ধৰি বিবদমান বৃহৎ নদীবান্ধৰ সমস্যা সমাধানৰ বাবে আলাপ-আলোচনাৰ জৰিয়তে ২০২২ বৰ্ষতে ইতিবাচক কাৰ্য সম্পাদন হ’ব বুলি আশা কৰিলোঁ৷ আন্তৰ্জাতিক সীমাৰ কথা বাদেই অসম আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যৰ আন্তঃৰাজ্যিক সীমাবিবাদৰ বাবে অসমৰ জনসাধাৰণে যি অশান্তি, ভয়-শংকাৰ মাজেৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে, সেই সীমাৰ সু-নিৰ্ধাৰণৰ যোগেদি সীমামূৰীয়া অসমৰ লোকৰ মনলৈ শান্তি ঘূৰি আহক৷  ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, শিক্ষা সকলো ক্ষেত্ৰৰে উত্তৰণৰ বাবে আমি সকলোৱে ব্যক্তিগতভাৱে নৱবৰ্ষ উদ্‌যাপন কৰাৰ লগতে জাতীয় জীৱনৰ সমস্যাৰজি সমাধানৰ বাবে  হিংসা-বিদ্বেষ, সাম্প্ৰদায়িকতা, কুসংস্কাৰ, অন্ধবিশ্বাস আদি নিপাত যাওক– এই নীতিৰে অসমীয়াৰ বিভিন্ন ভাষিক, ধাৰ্মিক, সাংস্কৃতিক বৈষম্যৰ সমাজখনত সমন্বয়ৰ সেতু গঢ়ি উঠক আৰু ইংৰাজী নৱবৰ্ষই লৈ আহক প্ৰতিজন অসমীয়াৰ বাবে এখন সুস্থ, সৰ্বাংগ সুন্দৰ অসম৷