Logo
image

অসম পালেহি অমিক্ৰন

ৰাজ্যত ধৰা নপৰিলেও মেঘালয়ত অসমৰ যাত্ৰীৰ দেহত ধৰা পৰিল অমিক্ৰন

আমাৰ অসম, ৫ জানুৱাৰীঃ অসম পালেহি ক’ভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন৷ অসমৰ এজন নাগৰিকৰ দেহত অমিক্ৰন পজিটিভ ধৰা পৰিছে চুবুৰীয়া মেঘালয়ত৷ অসমৰ নাগৰিকজনৰ উপৰি মেঘালয়ৰ আন  ৪ লোককে ধৰি মুঠ ৫ জন ব্যক্তিৰ শৰীৰত মঙলবাৰে ক’ভিডৰ অ’মিক্ৰন ভেৰিয়েণ্টৰ উপস্থিতি ধৰা পৰে৷ অসমৰ বাসিন্দাজনকে ধৰি আটাইকেইজন লোকৰে এদিন পূৰ্বে মেঘালয়ত ক’ভিড পজিটিভ ধৰা পৰাত মঙলবাৰে  নমুনাৰ জিনম ছিকুৱেন্সিঙৰ ফলাফল অ’মিক্ৰন  পজিটিভ অহাত চুবুৰীয়া ৰাজ্যখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ স্বাভাৱিকতেই অসমৰ পৰা যোৱা ব্যক্তিজনৰ মেঘালয়ত অমিক্ৰন পজিটিভ ধৰা পৰা ঘটনাই অসমতো যে ক’ভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনে ছানি ধৰিছে সেয়া স্পষ্ট হৈ পৰিছে৷ কিয়নো মেঘালয়ত অ’মিক্ৰন পজিটিভ ধৰা পৰা অসমৰ লোকজনে মেঘালয়লৈ ফুৰিবলৈ গৈছিল৷ ৰাজ্যখনৰ স্বাস্থ্য বিভাগে অসমৰ লোকজন অসমতে অমিক্ৰন সংক্ৰমন হৈ মেঘালয়ত প্ৰৱেশ কৰা বুলি সন্দেহ কৰিছে৷ অৱশ্যে অসমৰ আই চি এম আৰৰ লেব’ৰেটৰীত অৰ্ধ শতাধিক লোকৰ অমিক্ৰন ষ্টে˜ইন পজিটিভ ধৰা পৰিছে যদিও ৰাজ্যৰ স্বাস্থ্য বিভাগে এই পৰ্যন্ত আনুষ্ঠানিকভাৱে অমিক্ৰন সংক্ৰমণৰ তথ্য ৰাজহুৱা কৰা নাই৷ ইপিনে অসমত দুদিনতে ক’ভিড পজিটিভিটীৰ হাৰ তিনি গুণলৈ বৃদ্ধি পোৱাত ৰাজ্যখনত অমিক্ৰনৰ সংক্ৰমন আৰম্ভ হোৱাৰ সন্দেহ কৰিছে খোদ স্বাস্থ্য বিভাগৰে শীৰ্ষ বিষয়াই৷ কিয়নো অমিক্ৰন ভেৰিয়েণ্টহে দ্ৰুত সংক্ৰমণ হ’ব পাৰে বুলি সদৰী কৰিছে স্বাস্থ্য বিভাগৰ নাম প্ৰকাশত অনিচ্ছুক বিষয়াজনে৷ মেঘালয়ত অমিক্ৰন সংক্ৰমিত হোৱা পাঁচজন লোকৰ ভিতৰত তিনিজন লোক পূব খাচি পাহাৰীয়া জিলাৰ আৰু আন দুজন লোক হৈছে গুৱাহাটীৰ গাতে লাগি থকা ৰিভ’ই জিলাৰ৷ মেঘালয়ৰ আক্ৰান্ত দুজন লোকৰ কোনো ট্ৰেভেল হিষ্ট˜ী নথকাত চুবুৰীয়া ৰাজ্যখনত অমিক্ৰনৰ গণ সংক্ৰমণ আৰম্ভ হোৱাৰো সন্দেহ কৰিছে স্বাস্থ্য বিভাগে৷ উল্লেখ্য, মণিপুৰৰ পাছত অ’মিক্ৰন সংক্ৰমণ ধৰা পৰা মেঘালয় হৈছে উত্তৰ-পূবৰ দ্বিতীয়খন ৰাজ্য৷

পৰ্যটকৰ বাবে বন্ধ হোৱাৰ পথত মেঘালয়ৰ দুৱাৰ

‘আমাৰ অসমঃ নৱবৰ্ষত শ্বিলং ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি? যদিহে শ্বিলং বা মেঘালয় যোৱাৰ পৰিকল্পনা কৰিছে তেনেহ’লে সতৰ্ক হওক৷ কিয়নো ক’ভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত লাহে লাহে পৰ্যটকৰ বাবে দুৱাৰ বন্ধ কৰিছে মেঘালয়ে৷ দেশত বৰ্ধিত অমিক্ৰনৰ সংক্ৰমণক লৈ চুবুৰীয়া ৰাজ্যখনত এতিয়াৰে পৰা প্ৰৱেশ কৰা সকলো নাগৰিক৷ পৰ্যটকৰে ক’ভিড নিগেটিভ ৰিপ’ৰ্ট বাধ্যতামূলক কৰিছে৷ ৰাজ্যখনৰ গৃহ বিভাগে জাৰি কৰা নিৰ্দেশ অনুসৰি দুয়োপালি ক’ভিড ভেকচিন গ্ৰহণ কৰা লোকসকলেও মেঘালয়ত প্ৰৱেশৰ পূৰ্বে বাধ্যতামূলক দেখুওৱাব লাগিব ৭২ ঘণ্টাৰ ভিতৰত পৰীক্ষা কৰা আৰ টি পি চি আৰ নিগেটিভ ৰিপ’ৰ্ট৷ তদুপৰি ৰাজ্যখনত নিশা ১০ বজাৰ পৰা পুৱা প্ত বজালৈ সান্ধ্য আইন জাৰি কৰিছে৷ বিবাহ অনুষ্ঠানত ১০০ ব্যক্তিৰ উপস্থিতিৰ অনুমতি দিয়াৰ লগতে মৃতদেহ সৎকাৰ অনুষ্ঠানত ৫০ জনহে লোক উপস্থিত থাকিব পাৰিব৷ ইপিনে বাহন চলাচলৰ ক্ষেত্ৰতো নতুন নিয়ম বান্ধি দিছে ৰাজ্যখনে৷ এতিয়াৰে পৰা মেঘালয়ত কেৱল যুগ্ম-অযুগ্ম নীতিৰেহে চলাব পাৰিব ব্যক্তিগত বাহন৷

বৰঝাৰৰ বিমানবন্দৰত ২৪ ঘণ্টাত ৪৩জন ক’ভিড পজিটিভ

আমাৰ অসমঃ দেশৰ আন ৰাজ্যৰ লগতে অসমতো বিগত দুদিনত পুনৰ কভিডত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ অৱশ্যে তেওঁলোকৰ ভিতৰত কিমানজন অমিক্ৰনত আক্ৰান্ত হৈছে তাক নিশ্চিত কৰা নাই ৰাজ্যৰ স্বাস্থ্য বিভাগে৷ ইফালে উত্তৰ পূৱৰ প্ৰথমটো আন্তৰ্জাতিক পৰ্যায়ৰ বিমান বন্দৰ হিচাপে পৰিচিত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত বহিঃ ৰাজ্যৰ পৰা অসমলৈ অহা ভালেকেইজন বিমান যাত্ৰী কভিড পজিটিভ চিনাক্ত হোৱাৰ পাছত বিমান বন্দৰ চৌহদত আতংকময় পৰিবেশৰ সৃষ্টি হৈছে৷ বৰঝাৰ বিমান বন্দৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল কুমাৰ বৰুৱাই সংবাদ মাধ্যমক সদৰি কৰা অনুসৰি মঙলবাৰ নিশা পৰ্যন্ত বিগত ২৪ ঘণ্টাত বহিঃ ৰাজ্যৰ পৰা বিমানৰে গুৱাহাটীলৈ অহা বিমান যাত্ৰীক বিমান বন্দৰত কভিড পৰীক্ষা কৰাত মুঠ ৩০জন যাত্ৰী কভিড পজিটিভ চিনাক্ত কৰা হয়৷ ইয়াৰে ১৯ জনক সোমবাৰে আৰু ২৪ জনক মঙলবাৰ নিশা পৰ্যন্ত চিনাক্ত কৰা হয়৷ উৎপল কুমাৰ বৰুৱাই সদৰি কৰা অনুসৰি বিদেশ বা বহিঃ ৰাষ্ট্ৰৰ পৰা পোনপটীয়াকৈ গুৱাহাটীলৈ বিমান চলাচল বহুদিন ধৰি বন্ধ হৈ আছে৷ কিন্তু বিদেশৰ পৰা অসমকে ধৰি উত্তৰ পূৱৰ ৰাজ্য সমূহলৈ অহা বহু বিমান যাত্ৰী নতুন দিল্লী, কলকাতা, মুম্বাই, চেন্নাইকে ধৰি দেশৰ আন কেবাটাও বিমান বন্দৰ হৈ আহি আছে৷ তেওঁলোকৰ একাংশ বিদেশতে কভিডত আক্ৰান্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে৷ সম্প্ৰতি ৰাজ্যৰ স্বাস্থ্য বিভাগে বিমান বন্দৰত বাহিৰৰ পৰা অহা বিমান যাত্ৰীৰ যিসকলে কভিডৰ দুয়োপালি টীকা গ্ৰহণ কৰা নাই তেওঁলোকৰ লগতে ১৮ বছৰ বয়সৰ তলকে ধৰি এপালি টীকা লোৱা সকলৰো আৰ টি পি চি আৰ পৰীক্ষা বাধ্যতামূলক কৰিছে৷ আনকি বিমান বন্দৰৰ বাহিৰত ইয়াৰ বাবে সুকীয়াকৈ বিশেষ গৃহৰ ব্যৱস্থা কৰা হৈছে৷