Logo
image

অসমীয়াৰ বাবে চৰকাৰী মাটি এতিয়া দূৰ পৰাহত

আমাৰ অসম, ৫ জানুৱাৰীঃ শূন্য ৰাজকোষ সচ্ছল কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে অতিসম্প্ৰতি গ্ৰহণ কৰা তিনিটাকৈ পদক্ষেপৰ অন্তিমটোৱে অসমৰ ভূমিহীন খিলঞ্জীয়াক সবাটোকৈ অধিক ক্ষতিগ্ৰস্ত কৰিব৷ সুৰাপায়ীৰ সুৰাৰ প্ৰতি থকা দুৰ্বলতাৰ সুযোগ লৈ ৰাজ্য চৰকাৰে সুৰাৰ মূল্য বৃদ্ধি কৰিলে৷ অধিক মূল্য ভৰিও সুৰাপায়ীয়ে সুৰা ক্ৰয় কৰিবলৈ বাধ্য হোৱাত চৰকাৰৰ মুখত হাঁহি বিৰিঙিল অতিৰিক্ত ৰাজহ সংগ্ৰহৰ বাবে৷ ইয়াৰ পাছতে আহিল বিদ্যুৎ৷ চৰকাৰে বিদ্যুতৰ যোগানৰ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ লৈছে৷ ইয়াৰ ফলতো চৰকাৰৰ ৰাজহ সংগ্ৰহ বৃদ্ধি হ’ব৷ কিয়নো বিদ্যুৎ যোগান ধনী-দুখীয়া সকলোৰে বাবে অপৰিহাৰ্য আৰু সেয়ে সকলোৱে অধিক মূল্য ভৰিও বিদ্যুৎ যোগান অব্যাহত ৰাখিবলৈ বাধ্য৷ এই দুয়োটা পদক্ষেপ প্ৰায়  মসৃনভাৱে আগবঢ়াই চৰকাৰে এতিয়া যি উপায়েৰে ৰাজহ সংগ্ৰহ বৃদ্ধি কৰিবলৈ পৰিকল্পনা কৰিছে, তাৰ দ্বাৰা ধনিক শ্ৰেনীৰ হাতৰ পৰা অধিক ধন ওলাই যাব আৰু চৰকাৰে অধিক ৰাজহ সংগ্ৰহ কৰিব ঠিকেই, কিন্তু ৰাজ্যখনৰ লক্ষ লক্ষ ভূমিহীন খিলঞ্জীয়া সৰ্বহাৰাত পৰিণত হ’ব৷ ৰাজ্য চৰকাৰে অসমৰ চৰকাৰী ভূমিৰ মূল্য ৯০০ শতাংশ পৰ্যন্ত বৃদ্ধি কৰাৰ প্ৰস্তাৱ লৈছে৷ উদ্যোগক্ষেত্ৰ, চাহ বাগান এলেকা, ব্যৱসায়িক এলেকা, আৱাসিক এলেকা আৰু কৃষিভূমি সকলোৰে চৰকাৰী মূল্য বৃদ্ধি কৰাৰ ফলত মাটিৰ পঞ্জীয়ন মূল্য বৃদ্ধি হ’ব, ফ্লেটৰ পঞ্জীয়ন মূল্য বৃদ্ধি হ’ব আৰু একে সময়তে খাজানাও বৃদ্ধি হ’ব৷ ইয়াৰ ফলত ধনিক শ্ৰেণীৰ হাতৰ পৰা খৰছ বেছি হ’ব আৰু বহুতৰ বাবে ফ্লেট ক্ৰয় কৰা, এটুকুৰা মাটি ক্ৰয় কৰি ঘৰ এটা বন্ধাৰ সপোন কেতিয়াও দিঠকত পৰিণত নহ’ব৷ পিছে ততোধিক ক্ষতিগ্ৰস্ত হ’ব ভূমিহীনসকল, যি বছৰ বছৰ ধৰি চৰকাৰী ভূমিত সংস্থাপিত হৈ থাকি সেই ভূমি চৰকাৰে তেওঁলোকৰ নামত আবণ্টন কৰিব বুলি আশা পালি বাট চাই আছে৷এই কথা দোহৰাৰ প্ৰয়োজন নাই যে, ৰাজ্যত বিজেপিয়ে শাসন ক্ষমতা লাভ কৰিছিল জাটি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দি৷ প্ৰত্যেকখন নিৰ্বাচনী সভাত মমতা বেনাৰ্জীৰ পৰা চুৰ কৰা ‘মা-মাটি-মানুষ’ শ্ল’গান সামান্য সলনি কৰি জাটি-মাটি-ভেটি শ্ল’গান আওৰাইছিল সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপিৰ সকলোৱে৷ পাঁচ বছৰৰ শাসনত সৰ্বানন্দ সোণোৱালে এই শব্দ তিনিটা যিমানবাৰ উচ্ছাৰণ কৰিলে, পৰিসংখ্যা গোটাই ৰাখিব পৰা হ’লে অভিলেখ হ’লহেঁতেন৷ এতিয়া একেখন বিজেপিৰ দ্বিতীয় কাৰ্যকালৰ চৰকাৰে ৰাজহ সংগ্ৰহৰ স্বাৰ্থত সেই প্ৰতিশ্ৰুতি অৰ্থাৎ জাতি-মাটি-ভেটিৰ সুৰক্ষা সমুলঞ্চে উৎখাত কৰিবলৈ আগবাঢ়িছে৷ কিয়নো চৰকাৰী মাটিৰ মূল্য বৃদ্ধি হ’লে ভূমিহীন হৈ চৰকাৰী মাটিৰ আবণ্টন লাভ কৰিব বুলি বছৰ বছৰ অপেক্ষা কৰি থকা অসমীয়াই বৰ্ধিত মূল্যৰ বাবে আবণ্টন পালেও চৰকাৰী ভূমিৰ বাবদ দিবলগীয়া ধন আদায় দিব নোৱাৰিব৷হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে মাটিৰ মূল্য অবাধে বৃদ্ধি কৰাৰ মূল উদ্দেশ্য ৰাজকোষলৈ যে ৰাজহ সংগ্ৰহ তাত কোনো সন্দেহ নাই৷ কিন্তু ইয়াৰ লগে লগে ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰিবলৈ লোৱা এই পদক্ষেপে অসমৰ খিলঞ্জীয়া অসমীয়া আৰু মাটিবাৰী নোহোৱাকৈ বিভিন্ন কাৰণত ভিন ভিন স্থানত সংস্থাপিত হৈ থকা লোকসকলৰ প্ৰভূত ক্ষতিসাধন কৰিব৷ প্ৰকৃততে যেতিয়াই চৰকাৰে মাটিৰ মূল্য নতুনকৈ নিৰ্ধাৰণ কৰে, অৰ্থাৎ বৃদ্ধি কৰে তেতিয়া তাৰ প্ৰভাৱ জনসাধাৰণৰ ওপৰত পোনপটীয়াকৈ আৰু সামূহিকভাৱে পৰে৷ দেখাত চৰকাৰী মাটিৰ মূল্য বৃদ্ধি কৰিলে সৰ্বসাধাৰণৰ ওপৰত প্ৰভাৱ নপৰে যেন লাগে৷ কিন্তু বাস্তৱ ক্ষেত্ৰত সেয়া নহয়৷ কিয়নো অসমৰ লক্ষ লক্ষ লোক এতিয়াও পট্টাবিহীনভাৱে চৰকাৰী মাটিত সংস্থাপিত হৈ আছে৷ চৰকাৰে আধুনিক ভূমি আইন প্ৰণয়ন কৰাৰ পাছত অসমৰ সকলো মাটি চৰকাৰী হৈ পৰিল৷ সেই সময়ত যিসকল লোকে দখল কৰি থকা মাটিৰ যদি পট্টা লাভ কৰিব নোৱাৰিলে তেন্তে সেই মাটি চৰকাৰী হৈয়ে ৰ’ল৷ এতিয়া চৰকাৰী মাটিৰ মূল্য বৃদ্ধিৰ লগে লগে তেনেদৰে চৰকাৰী ভূমিত থকা লোকসকল বৃহৎ পৰিমাণত ক্ষতিগ্ৰস্ত হ’ব৷ উল্লেখ্য যিবোৰ মাটিৰ কতৃৰ্ত্ব সম্পূৰ্ণৰূপে চৰকাৰৰ হাতত আছে সেই মাটি চৰকাৰে আৱণ্টন দিলেহে সেই ভূমিত বাস কৰা লোকসকলে মাটিসমূহ নিজস্বভাৱে পাব৷ ঘাইকৈ বানপানী, গৰাখহনীয়া ইত্যাদিত যিবোৰ লোক ভূমিহীন হৈছিল তেওঁলোকৰ অধিকাংশকে চৰকাৰী ভূমিত সংস্থাপন দি থোৱা আছে৷ তেনে ভূমিহীন লাখ লাখ লোকে ইতিমধ্যে চৰকাৰৰ ওচৰত ভূমিৰ পট্টা বিচাৰি আবেদন জনাই থৈছে৷ অসম চৰকাৰে ১৯৮৯ চনত প্ৰণয়ন কৰা ভূমি আইনত স্পষ্টভাৱে উল্লেখ কৰিছিল যে যি লোকে একেৰাহে পোন্ধৰ বছৰ ধৰি চৰকাৰী ভূমি দখল কৰি আছে তেওঁলোকে আবেদন জনালে সেই মাটি বন্দোবস্তি দিয়া হ’ব৷ অৰ্থাৎ ভোগ দখল কৰি থকাৰ সূত্ৰে তেনে লোকে সেই মাটিৰ স্বত্ব লাভ কৰিব৷ অসমত তেনে লোক কেইবা লক্ষাধিক আছে৷ প্ৰকৃততে তেওঁলোক ভূমিহীন৷ তেনে লাখ লাখ ভূমিহীন লোকে নিজ নিজ অঞ্চলৰ বিষয়াৰ ওচৰত ভূমিৰ পট্টাৰ বাবে আবেদন জনাই থৈছে৷ বছৰ বছৰ ধৰি অনুমোদন নিদিয়াৰ বাবে তেনে আবেদন চৰকাৰী কাৰ্যালয়ত পৰি আছে৷ দীৰ্ঘদিন পূৰ্বে তেওঁলোকক সেই মাটি আৱণ্টন দিয়া হ’লে চৰকাৰৰ ঘৰত তেনেই কম ধন জমা কৰিলেই মাটিৰ অধিকাৰী হ’লহেঁতেন৷ এতিয়া ৰাজ্য চৰকাৰে চৰকাৰী মাটিৰ মূল্য বৃদ্ধি কৰাৰ লগে লগে তেনে লোকৰ দিবলগীয়া ধনৰ পৰিমাণো অভাৱনীয়ভাৱে বৃদ্ধি পাব৷ ভূমিহীন যিসকল লোক চৰকাৰী মাটিত আছে তেওঁলোক খিলঞ্জীয়া অসমীয়া আৰু নিশ্চিতভাৱেই দৰিদ্ৰ৷ এতিয়া চৰকাৰে মাটিৰ মূল্য বৃদ্ধি কৰাৰ পাছত তেওঁলোকৰ নামত যদি পূৰ্বে আবেদন কৰা অনুসৰি চৰকাৰী মাটি আৱণ্টন দিয়া হয় তেতিয়া তেওঁলোকে সেই চৰকাৰী মূল্য ভৰি নিজে বছৰ বছৰ দখল কৰি থকা মাটি কিনিব নোৱাৰিব৷ চৰকাৰে আৱণ্টন কৰিলেও তেনে আৱণ্টিত ভূমিৰ বিপৰীতে চৰকাৰী হাৰত ধন জমা দিব লাগে৷ এতিয়া বৰ্ধিত মূল্য দিব নোৱাৰিলে তেনে লোকক পুনৰ চৰকাৰে উচ্ছেদ কৰাৰ সুবিধা পাব৷ অৱশ্যে ব্যৱসায়ী আৰু উদ্যোগীৰ বাবে তেনে চৰকাৰী মাটি ক্ৰয় কৰাটো মুঠেই কঠিন নহ’ব৷ কিয়নো চৰকাৰী ভূমিৰ বৰ্ধিত হাৰ তেনে ধনীক শ্ৰেণীৰ বাবে নিচেই কম হ’ব৷ সেয়ে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তই অসমৰ ভূমিহীনৰ আশাত কুঠাৰাঘাত কৰিব আৰু ইয়াৰ বিপৰীতে হয়তো ধনীক শ্ৰেণীয়ে তেনে চৰকাৰী মাটি উচ্ছ হাৰত ধন আদায় দি নিজৰ কৰি ল’ব৷ এতিয়াৰ পৰা চাৰে পাঁচবছৰ পূৰ্বে বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কথাই কথাই জাতি-মাটি-ভেটি ৰক্ষা কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল৷ পিছে একেই বিজেপি চৰকাৰৰ দ্বিতীয় কাৰ্যকালত জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি কপূৰ্ৰৰ দৰে উৰি যাব৷ খিলঞ্জীয়াই নিজৰ ৰাজ্যতে মাটি কিনিব নোৱাৰি মাটি-ভেটি অবিহনেই থাকিব লাগিব৷