Logo
image

ৰাণী-ৰিপুণৰ ৰাজপাট শেষ

ৰাজ্যসভাৰ ২ আসনত চকু বহুতৰ


আমাৰ অসম, ৫ জানুৱাৰীঃ অসমৰ ৰাজ্যসভাৰ দুখন আসন খালী হ’বলৈ এতিয়াও মাজত কিছু সময় আছে যদিও শাসক-বিৰোধী উভয় শিবিৰতে এই দুখন আসনক কেন্দ্ৰ কৰি আৰম্ভ হৈছে ৰাজনৈতিক তৎপৰতা৷ বিৰোধী শিবিৰৰ ভোট ঐক্যবদ্ধ কৰিবলৈ কংগ্ৰেছ হাই কামাণ্ডে ইতিমধ্যে বিৰোধী দলপতি দেবব্ৰত শইকীয়াক দায়িত্ব আৰু কতৃৰ্ত্ব অৰ্পন কৰিছে৷ উল্লেখ্য যে চলিত বৰ্ষৰ মাৰ্চ মাহত কংগ্ৰেছৰ দখলত থকা ৰাজ্যসভাৰ দুখন  ৰাণী-ৰিপুণৰ ৰাজপাট শেষ আসন খালী হ’ব৷ ইয়াৰে এখন ৰিপুন বৰাৰ আৰু আনখন ৰানী নৰহৰ৷ সংখ্যাৰ ফালৰ পৰা বিৰোধীয়ে এখন আসন লাভ প্ৰায় কৰাটো নিশ্চিত যদিও এই ক্ষেত্ৰত বিৰোধী শিবিৰ কিমান দূৰ ঐক্যবদ্ধ হৈ থাকিব পাৰে তাক লৈ সন্দেহ আছে৷ ৰাজ্যসভাৰ এখন আসন দখল কৰিবলৈ বিৰোধী শিবিৰক ৪২ জন বিধায়কৰ ভোটৰ প্ৰয়োজন হ’ব৷ বৰ্তমান বিধানসভাত কংগ্ৰেছৰ ২৭ জন, এ আই ইউ ডি এফৰ ১৫ জন, বি পি এফৰ ৪ জন আৰু চি পি আই [এম] তথা নিৰ্দিলীয় বিধায়কৰ এটাকৈ ভোট আছে৷ সেইপিনৰ পৰা বিৰোধী শিবিৰৰ ভোটৰ সংখ্যা ৫০টা৷ কিন্তু কংগ্ৰেছৰ দুই বিধায়ক শ্বেৰমান আলী আহমেদ আৰু শশীকান্ত দাস বৰ্তমান দলৰ পৰা নিলম্বিত হৈ আছে৷ দুয়োজন বিধায়ক দলৰ পৰা শীঘ্ৰে বহিষ্কৃত হোৱাৰ সম্ভাবনা প্ৰবল৷ ঠিক তেনেদৰে চাৰিজন বিধায়ক থকা বি পি এফৰ দল বৰ্তমান বিৰোধী শিবিৰ ত্যাগ কৰি শাসকীয় বিজেপি দলৰ পক্ষত অৱস্থান কৰিছে৷ বিধানসভাৰ উপ-নিৰ্বাচনত কংগ্ৰেছৰ সংগ ত্যাগ কৰি বি পি এফে বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল৷ যাৰ ফলত ৰাজ্যসভাৰ নিৰ্বাচনত বিপিএফ যে বিৰোধী শিবিৰক সংগ দিব তাৰ কোনো নি(য়তা নাই৷ এনে ক্ষেত্ৰত কংগ্ৰেছৰ দুজন আৰু বি পি এফৰ ৪ জন বিধায়ক কমি গ’লে বিৰোধী শিবিৰত ৪৪ জন বিধায়কৰ ভোট থাকিবগৈ৷ ইয়াৰ মাজতে কংগ্ৰেছৰ দুই বিধায়ক ক্ৰমে ৰেকিবুদ্দিন আহমেদ আৰু নন্দীতা দাস অগপত যোগদান কৰাক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে৷ তেনেক্ষেত্ৰত বিৰোধীৰ শিবিৰ আশাহত হ’ব লাগিব৷ এনে অনি(য়তাৰ মাজতে মঙলবাৰে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই সংবাদ মাধ্যমৰ আগত কয়–সকলো ঠিকে থাকিলে ৰাজ্যসভাৰ এখন আসন শাসক পথ আৰু এখন আসন বিৰোধীয়ে পাব পাৰে৷ ইয়াৰ বাবে বিধানসভাৰ বিৰোধী দল যেনে নিৰ্দলীয় অখিল গগৈ, বি পি এফৰ মনোৰঞ্জন তালুকদাৰ, এ আই ইউ ডি এফ আৰু কংগ্ৰেছে মিলিত ভাবে প্ৰাৰ্থী যদি দিব পাৰো তেন্তে এখন আসন আমাৰ হ’ব পাৰে৷ বি পি এফে কি কৰিব সন্দেহজনক হৈ আছে৷ দলটোৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে আমাক সহাৰি জনোৱা নাছিল ইয়াৰ আগতে৷ যোৱাবাৰ বিৰোধী পক্ষই অৰাজনৈতিক লোকক প্ৰাৰ্থিত্ব দি দলৰ ভিতৰতে আমি সমালোচিত হৈছিলো৷ এইবাৰ আমি ৰাজনৈতিক লোকক দিলে ভাগ হ’ব৷ প্ৰাকৃতিক দুৰ্যোগ আৰু বিজেপি দলৰ প্ৰলোভনত থাকিলে কিব হ’ব নাজানো৷ কিন্তু অন্যথা এখন আসনত আমি জয়লাভ কৰিম৷ বিৰোধী দলৰ এনে অংকৰ বিপৰীতে শাসকীয় বিজেপি দলে ৰাজ্যসভাত খালী হ’বলগীয়া অসমৰ দুয়োখন আসন নিজৰ দখলতে ৰখাৰ ৰণকৌশল প্ৰস্তুত কৰিছে৷ ইতিমধ্যে ৰাজ্যসভাৰ টিকট বিচাৰি দলৰ ৰাজ্যিক নেতৃত্বৰ কাষ চাপিছে বগুজন৷ এজন প্ৰকাশক আৰু এজন প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজ্যসভাত খালী হ’বলগীয়া আসনৰ বাবে শাসকীয় পক্ষৰ প্ৰাৰ্থী হিচাপে শক্তিশালী দাবীদাৰ হৈ পৰিছে৷ উল্লেখ্য যে ২ এপ্ৰিলত অন্ত পৰিব ৰাণী নৰহ আৰু ৰিপুন বৰাৰ কাৰ্যকলাপ৷ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰ কথা কলেও এ আই ইউ ডি এফৰ বিধায়ক ৰফিকুল ইছলামৰ দাবী কেবাবাৰো আমি কংগ্ৰেছৰ প্ৰাৰ্থীৰ সপক্ষে ভোট দিছিলো৷ ৰানী নৰহক মই নিজে ভোট দিছো৷ এইবাৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থীক বিৰোধীৰ ভোট দিলে ভাল পাম৷ বিধায়কজনৰ এই মন্তব্যই বিশেষ তাৎপৰ্যবহন কৰিছে৷ কাৰণ ইতিমধ্যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজৰ সম্পৰ্কত যথেষ্ট ফাট মেলিছে৷