Logo
image

মুখ্যমন্ত্ৰীৰ সৈতে ভোজ খাবলৈ আহিল কংগ্ৰেছৰ ঘাটোৱাৰ

আমাৰ অসম, ৫ জানুৱাৰীঃ এইবাৰ সকলোকে আচৰিত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ‘ডিনাৰ’ত উপস্থিত হ’ল পৱন সিং ঘাটোৱাৰ৷ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি¸, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অসম চাহ মজদুৰ সংঘৰ শক্তিশালী নেতা ঘাটোৱাৰৰ মুখ্যমন্ত্ৰীৰে দুলীয়াজানৰ এই নৈশ ভোজমেলে এতিয়া সৰ্বত্ৰ  চৰ্চা লাভ কৰিছে৷ ইজনৰ পিছত সিজন কংগ্ৰেছ বিধায়কে গেৰুৱা বসন পৰিধান কৰাৰ পিছত এক প্ৰকাৰৰ নিশকতীয়া হৈ পৰা কংগ্ৰেছৰ অৱশিষ্ট শক্তিও ম্লান পৰাৰ আশংকা কৰিছে ৰাজনৈতিক মহলে৷ উল্লেখ্য যে দুলীয়াজানৰ জালনি ক্লাবত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা আৰক্ষী অধীক্ষকৰ সন্মিলনত সোমবাৰে নিশা প্ৰায় জ্ঝ.৩০ বজাত উপস্থিত হয় প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা উজনি অসমৰ বৰ্ষীয়ান কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰ৷ সন্মিলনত উপস্থিত থাকি বৰ্ষীয়ান কংগ্ৰেছী নেতা ঘাটোৱাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰে আলোচনাত মিলিত হোৱাৰ উপৰিও সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি একেলগে নৈশ আহাৰ গ্ৰহণ কৰে৷ ঘাটোৱাৰে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা তথা নৈশ ভোজৰ এই সময়খিনিত তেওঁলোকৰ সোঁৱে-বাৱে উপস্থিত আছিল ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা, শক্তি আৰু ক্ৰীড়া মন্ত্ৰী বিমল বড়া, শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়া, মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা, স্থানীয় বিধায়ক বিধায়ক তেৰছ গোৱালাৰ উপৰি ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা আদি৷ অৱশ্যে জ্যেষ্ঠ কংগ্ৰেছীজনৰ মুখ্যমন্ত্ৰীক সাক্ষাতৰ ঘটনাক লৈ কংগ্ৰেছ-বিজেপি দুয়োটা দলৰ ভিতৰচ’ৰাত জোকাৰণিৰ সৃষ্টি হোৱাৰ মাজতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ঘটনাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে পৱন সিং ঘাটোৱাৰক জিলাখনৰ এজন জ্যেষ্ঠ নাগৰিক হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল৷ তেওঁক আগতেও আমন্ত্ৰণ জনোৱা হয় আৰু তেওঁ আমন্ত্ৰণ ৰক্ষা কৰে৷ তেখেতৰ সৈতে মোৰ ব্যক্তিগত সম্পৰ্ক ভাল৷ তেওঁৰ ঘৰত মই চাহ খাবলৈ যোৱাৰ কথা আছিল৷ তেওঁৰ সৈতে মোৰ দীঘলীয়া সম্পৰ্ক আছে¸৷ কিন্তু সেইবুলি তেওঁক মই যে বিজেপিলৈ আমন্ত্ৰণ কৰিম সেইটো নহয়৷ এই বয়সত তেওঁ বিজেপিলৈ আহি কি কৰিব/ তাতকৈ য’তেই আছে তাতেই ভালদৰে থাকক৷ সকলো দলতে ভাল মানুহ থাকিব লাগে৷ ইফালে ডিব্ৰুগড় জিলাৰ জ্যেষ্ঠ নাগৰিক হিচাপে ঘাটোৱাৰৰ উপৰি নিৰ্মল চাহেৱালা¸ ড॰ কৰবী ডেকা হাজৰিকা আদিকো নৈশ আহাৰ গ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল যদিও কেৱল পৱন সিং ঘাটোৱাৰেহে আমন্ত্ৰণ ৰক্ষা কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷ ইফালে¸ অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে বিষয়টোৰ সন্দৰ্ভত মত প্ৰকাশ কৰি কয়– নৈশ ভোজলৈ বিভিন্নজনক নিমন্ত্ৰণ জনোৱা হৈছিল আৰু তাৰ মাজতে প্ৰাক্তন মন্ত্ৰী, চাহ জনগোষ্ঠীৰ নেতা হিচাপে পৱম সিং ঘাটোৱাৰক নিমন্ত্ৰণ জনোৱা হৈছিল৷ সেই মৰ্মে তেওঁ কালি উপস্থিত থাকি দিহা-পৰামৰ্শ প্ৰদান কৰে৷ চাহ জনগোষ্ঠীৰ তেওঁ শক্তিশালী নেতা আৰু তেওঁৰ নেতৃত্বৰ প্ৰতি জনগোষ্ঠীটোৰ লোকসকলৰ আস্থা আছে৷ তেওঁক সেই হিচাপেহে আমন্ত্ৰণ জনোৱা হৈছিল৷ এই সন্দৰ্ভত জ্যেষ্ঠ কংগ্ৰেছী পৱন সিং ঘাটোৱাৰে এইপৰ্যন্ত আনুষ্ঠানিকভাৱে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই যদিও এক টেলিফোনিক বাৰ্তালাপত তেওঁ কয় চৰকাৰী কাৰ্যসূচীলৈ মোক নিমন্ত্ৰণ জনোৱাৰ বাবে গৈছিলো, ইয়াত কোনো আন কথা নাই৷ একাংশ সাংবাদিকে বিষয়টো নজনাকৈ প্ৰচাৰ কৰি বিভ্ৰান্তিৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগত দীৰ্ঘদিনীয়া সু-সম্পৰ্ক আছে ঘাটোৱাৰৰ৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মা বা পবন সিং ঘাটোৱাৰে যিয়ে দাবী নকৰক কিয় বিজেপি দলে শেহতীয়াভাৱে উজনী অসমত চাহ জনগোষ্ঠীৰ এজন সৰ্ব গ্ৰহণযোগ্য আৰু প্ৰভাবশালী নেতাৰ সন্ধানত আছে৷ বিজেপিত চাহ জনগোষ্ঠীৰ একাধিক বিধায়ক, সাংসদ আৰু এজন কেন্দ্ৰীয় মন্ত্ৰী আছে যদিও দলৰ শীৰ্ষ নেতৃত্বই এজন শক্তিশালী নেতাৰ সন্ধানত থকাৰ ফলত সোমবাৰৰ নিশাৰ ‘ডিনাৰ মিটিঙে’ বিশেষ ৰাজনৈতিক তাৎপৰ্য বহন কৰিছে৷ বিজেপিয়ে চাহ জনগোষ্ঠীৰ যি শক্তিশালী নেতাৰ সন্ধানত আছে সেই তালিকাত ঘাটোৱাৰ স্থান এক নম্বৰত আছে৷ দীৰ্ঘদিনীয়া ৰাজনৈতিক জীৱনত ঘাটোৱাৰৰ ভাবমূৰ্তি যথেষ্ট নিকা আৰু উজ্বল৷ এই পৰ্যন্ত অসম চাহ মজদুৰ সংঘৰ তেওঁ অপ্ৰতিদন্দ্বী নেতা হৈ আছে৷ শেহতীয়াভাৱে উজনী অসমৰ চাহ জনগোষ্ঠীৰ মাজত নিজৰ ভোট বেংক অধিক শক্তিশালী আৰু দৃঢ় কৰাৰ লক্ষ্যৰে বিজেপি দলে অসম চাহ মজদুৰ সংঘৰ সমান্তৰালভাৱে নিজস্ব সংঘৰ সাংগঠনিক ভেটি মজবুট কৰাৰ বাবে চেষ্টা চলাইছিল যদিও বিশেষ সফলতা লাভ কৰিব পৰা নাই৷ যাৰ ফলত লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে অসম চাহ মজদুৰ সংঘৰ অন্যতম শক্তিশালী নেতা পবন সিং ঘাটোৱাৰ বিজেপি দলৰ লক্ষ্য হৈ পৰাটো তাৎপৰ্যপূৰ্ণ বিষয় হৈ পৰিছে৷