Logo
image

প্ৰথম ইনিংছত দঃ আফ্ৰিকাৰ ২৭ ৰানৰ অগ্ৰগতি

শ্বাৰ্দুল ঠাকুৰৰ ৬১ ৰানত সাত উইকেট n দ্বিতীয় ইনিংছত ভাৰতৰ ৮৫-২



আমাৰ অসম, ৪ জানুৱাৰীঃ বিদেশত ভাৰতীয় ক্ৰিকেট দলৰ বাবে অন্যতম সৌভাগ্যসূচক গ্ৰাউণ্ড হৈছে ৱাণ্ডাৰাৰ্ছ৷ বৰ্তমানৰ প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়ৰ লগতে অধিনায়ক বিৰাট কোহলিয়ে এই স্থানত গঢ়িছে ব্যক্তিগত  ৰেকৰ্ড৷ এই পৰম্পৰা অব্যাহত ৰাখি পেচ বলাৰ শ্বাৰ্দুল ঠাকুৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাৰ দ্বিতীয় টেষ্টখন স্মৰণীয় কৰি ৰাখিলে৷ ভাৰতে প্ৰথম ইনিংছ সামৰিছিল ২০২ ৰানত৷ তাৰ প্ৰত্যুত্তৰত বিধবংসী স্পেলৰ বাবে ২২৯ ৰানত প্ৰথম ইনিংছৰ সকলো উইকেট হেৰুৱাইছে ঘৰুৱা দলটোৱে৷ ভাৰতৰ প্ৰথম ইনিংছৰ স্ক’ৰতকৈ ২৭  ৰানৰ অগ্ৰগতি লাভ কৰিলেও ঠাকুৰৰ সুশৃংখলিত বলিঙৰ বাবে ডীন এলগাৰৰ দলটো অগ্ৰগতি অধিক বৃদ্ধি কৰাত সফল হ’ব নোৱাৰিলে৷ সোমবাৰে প্ৰথম দিনৰ খেল সমাপ্ত হোৱা সময়ত দক্ষিণ আফ্ৰিকাই এটা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল ৩৫ ৰান৷ মঙলবাৰে সেই স্ক’ৰৰ পৰা খেল আৰম্ভ কৰি ডীন এলগাৰ আৰু কীগান পেটাৰছেনে দলৰ স্ক’ৰ আগবঢ়াই নিছিল ৮৮ ৰানলৈ৷ পিটাৰছেনৰ সৈতে দ্বিতীয় উইকেটত ৭৪ ৰান যোগ দি পিটাৰছেনে ১১৮টা বলত জ্ঝটা বাউণ্ডেৰীৰে ৬২ ৰান সংগ্ৰহ কৰি ঠাকুৰৰ বলত আউট হয়৷ এলগাৰৰ বেটৰ পৰা আহিছিল ২৮ ৰান৷ পিটাৰছেন আৰু এলগাৰৰ উইকেট পতনৰ পাছত টেম্বা বাভুমাই ৬০টা বলত এটা ছিক্সাৰ, ছটা বাউণ্ডেৰীৰে ৫১ আৰু মাৰ্কো জেনছেনে ২১, কেশৱ মহাৰাজে ২১ ৰান সংগ্ৰহ কৰে৷ শ্বাৰ্দুল ঠাকুৰে ৬১ ৰানত সাতটা, মহম্মদ ছামিয়ে ৫২ ৰানত দুটা আৰু যশপ্ৰীত বুমৰাই এটা উইকেট লাভ কৰে৷ ভাৰতে দ্বিতীয় ইনিংছ আৰম্ভ কৰি দ্বিতীয় দিনৰ অন্তত দুটা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে ৮৫ ৰান৷ দিনটোৰ খেল সমাপ্ত হোৱাৰ সময়ত চেটেশ্বৰ পূজাৰা ৩৫ আৰু অজিংক্য ৰাহানে ১১ ৰানত অপৰাজিত থাকে৷ সেই পৰ্যন্ত ভাৰতৰ অগ্ৰগতি ৫৮ ৰান৷ প্ৰথম ইনিংছত ৫০ ৰান সংগ্ৰহ কৰা অধিনায়ক লোকেশ ৰাহুল ৮ আৰু মায়ংক আগৰৱাল ২৩ ৰানত আউট হয়৷