Logo
image

কলেজীয়া ছাত্ৰীক দলবদ্ধ আক্ৰমণ, আহত ১২

 হাউলীত বিষম কাণ্ড

আমাৰ অসম,৫ জানুৱাৰীঃ হাউলীৰ সমীপৰ বিএইচ কলেজত সংঘটিত হৈছে ভয়ংকৰ ঘটনা৷ প্ৰতিদ্বন্দ্বী শিবিৰৰ ছাত্ৰ-ছাত্ৰীৰ সন্মিলিত আক্ৰমণত আহত হৈছে  মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ প্ৰচাৰত জড়িত ১২গৰাকী ছাত্ৰী৷ আহত ছাত্ৰীসকলৰ ভিতৰত এগৰাকীৰ ভৰি ভাগিছে আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷ এই অভাৱনীয় ঘটনা সংঘটিত হয় বিএইচ কলেজ চৌহদত– মঙলবাৰে দুপৰীয়া৷ ঘটনাৰ বিৱৰণী মতে প্ত জানুৱাৰী, বুধবাৰে বিএইচ কলেজ ছাত্ৰ একতা সভাৰ নিৰ্বাচন৷ এই নিৰ্বাচনত সদৌ অসম ছাত্ৰ সন্থা [আছু]ৰ উপৰি বিজেপিৰ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ [এবিভিপি], কংগ্ৰেছৰ ছাত্ৰ সংগঠন এনএছইউআই আৰু বাঁওপন্থী ছাত্ৰ সংগঠন এছএফআইকে ধৰি বিভিন্ন সংগঠনে পোনপটীয়াকৈ আৰু পৰোক্ষভাৱে প্ৰাৰ্থী নিক্ষেপ কৰিছে৷ ভোটগ্ৰহণৰ আগদিনা মঙলবাৰে দুপৰীয়া ১২মান বজাত মহাবিদ্যালয় চৌহদত বন্ধুত্বমূলকভাৱে এটা বিশাল ৰেলীৰ আয়োজন কৰে আছু আৰু এবিভিপিয়ে৷ কলেজ চৌহদৰ ভিতৰত আয়োজিত এই ৰেলীত জ্জ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ আচম্বিতে চৌদিশৰ পৰা শতাধিক যুৱক-যুৱতী আহি ৰেলীৰ ভিতৰত সোমাই পৰে আৰু যাকে-তাকে আক্ৰমণ কৰিবলৈ লয়৷ আক্ৰমণৰ প্ৰধান লক্ষ্য হৈ পৰে ছাত্ৰীসকল৷ অৰ্ধশতাধিক যুৱকে ছাত্ৰীসকলক যধে-মধে আক্ৰমণ কৰাৰ লগতে য’তে-ত’তে স্পৰ্শ কৰে আৰু তেওঁলোকক উদ্দেশ্যি অশ্ৰাব্য বাক্যবাণ নিক্ষেপ কৰাৰ লগতে অশ্লীল প্ৰস্তাৱ দিয়ে৷ লক্ষণীয়ভাৱে আক্ৰমণকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ বুজনসংখ্যকেই পৰিধান কৰা নাছিল মহাবিদ্যালয়ৰ ইউনিফৰ্ম৷ একাংশ আক্ৰমণকাৰীয়ে ছাত্ৰীসকলক দাঙি নি কিছু দূৰত মাটিত পেলাই দিয়ে৷ একাংশ ছাত্ৰকো তেনে কৰা হয়৷ কিছু সময়ৰ বাবে বিএইচ কলেজ চৌহদ পৰিণত হয় আক্ৰমণকাৰীৰ তাণ্ডৱথলীত৷ ঘটনাৰ আকস্মিকতাত হতভম্ব আছুকৰ্মীসকলে পৰিস্থিতি চম্ভালি ল’বলৈ চেষ্টা চলোৱাৰ পূৰ্বেই ১২গৰাকী ছাত্ৰী কম-বেছি পৰিমাণে আহত হয়৷ এগৰাকী ছাত্ৰীৰ ভৰি ভগাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ এই ঘটনাত কেইবাজনো ছাত্ৰও কম-বেছি পৰিমাণে আহত হয়৷ আছু আৰু এবিভিপিয়ে অভিযোগ কৰা মতে, এই বৰ্বৰ আক্ৰমণত এনএছইউআই জড়িত৷ আক্ৰমণকাৰীসকলৰ ভিতৰত কলেজৰ ছাত্ৰ-ছাত্ৰীৰ উপৰি কলেজৰ বাহিৰৰ যুৱক-যুৱতীও আছিল আৰু এই সকলো এনএছইউআইৰ কৰ্মী-সমৰ্থক বুলি আছু আৰু এবিভিপিয়ে স্পষ্টভাৱে অভিযোগ কৰে৷ আক্ৰমণৰ বলি হোৱা ছাত্ৰ-ছাত্ৰীসকলেও আক্ৰমণকাৰীসকল এনএছইউআইৰ কৰ্মী বুলি দাবী কৰিছে৷ এই সন্দৰ্ভত আছু, এবিভিপিৰ লগতে আক্ৰমণৰ বলি হোৱা ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয় কতৃৰ্পক্ষক এনএছইউআইৰ বিৰুদ্ধে অভিযোগ দিয়ে৷ ইফালে, কলেজৰ চৌহদৰ এই ভয়ংকৰ ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে তৎপৰতাৰে ঘটনাস্থলীলৈ আহে বিএইচ কলেজৰ অধ্যক্ষ৷ সুখৰ কথা এয়ে যে কলেজৰ অধ্যক্ষই অকণো কালক্ষয় নকৰাকৈ পৰিস্থিতি চম্ভালি লয় আৰু আক্ৰান্ত আৰু আক্ৰমণকাৰী– দুয়োপক্ষকে কলেজ চৌহদত ফিল্ডৰ দুফালে অৱস্থান কৰায়৷ অধ্যক্ষই স্পষ্ট কৰি দিয়ে যে মঙলবাৰে দিনৰ ২ বজাৰ ভিতৰত নিয়ম অনুসৰি নিৰ্বাচনী প্ৰচাৰ সম্পূৰ্ণ হ’ব লাগিব আৰু প্ৰচাৰৰ সময়ত কোনো প্ৰাৰ্থী বা সমৰ্থকে কোনো দল-সংগঠনৰ বেনাৰ বা প্ৰতীকচিহ্ন ব্যৱহাৰ কৰিব নোৱাৰিব৷ মূলতঃ অধ্যক্ষৰ তৎপৰতাত প্ৰায় এঘণ্টাৰ ভিতৰত ভয়ংকৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে৷ কলেজ কতৃৰ্পক্ষই এই ঘটনাৰ বাবে দোষীসকলক শাস্তি প্ৰদান কৰা হ’ব বুলি দিয়া প্ৰতিশ্ৰুতিৰ সূত্ৰেই এই বিষয়ে আক্ৰান্তসকলৰ তৰফৰ পৰা এতিয়ালৈকে আৰক্ষীক এজাহাৰ দিয়া হোৱা নাই৷ অৱশ্যে কলেজত গণ্ডগোল লগাৰ খবৰ পাই স্থানীয় আৰক্ষী ঘটনাস্থলীলৈ আহে আৰু অধ্যক্ষৰ হস্তক্ষেপত পৰিস্থিতি শান্ত হোৱাৰ সূত্ৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাকৈ উভতি যায়৷ কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি একাংশ ছাত্ৰ সংগঠনে কৰা কামে সকলোকে হতভম্ব কৰিছে৷ সকলোৰে ভাষ্য এয়ে যে ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ নামত স্থানীয়-বাহিৰা, হোষ্টেল-ননহোষ্টেল আদি প্ৰসংগক কেন্দ্ৰ কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব নালাগে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে কিছুদিন পূৰ্বে ডিব্ৰু মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ এই ঘটনা পৰৱৰ্তী সময়ত ইমান দূৰলৈ শিপালে যে আজিপৰ্যন্ত আছুৱে ডিব্ৰুগড়ৰ এছপিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত আন্দোলন অব্যাহত ৰাখিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এইবাৰ এতিয়ালৈকে চাৰিখন মহাবিদ্যালয়ত নিৰ্বাচনকেন্দ্ৰিক সংঘৰ্ষৰ খবৰ পোৱা গৈছে৷