Logo
image

লকডাউন নহয়! ভোগালী হ’বনে

আজি মুখ্যমন্ত্ৰীৰে বৈঠকৰ পাছতেই ঘোষণা অমিক্ৰন এছঅ’পি

আমাৰ অসম,৫ জানুৱাৰীঃ ৰাজ্যত ক’ভিডৰ সংক্ৰমণে ক্ৰমাৎ উদ্বেগজনক ৰূপ লৈছে৷ ৰাজ্যৰ দুজনকৈ লোক অমিক্ৰনত আক্ৰান্ত হোৱাৰ পাছতেই যেন সাৰ পাইছে স্বাস্থ্য বিভাগ তথা চৰকাৰ৷ যাৰ বাবে কাইলৈ মুখ্যমন্ত্ৰীয়ে ক’ভিড পৰিস্থিতি পৰ্যালোচনা কৰাৰ পাছত চৰকাৰে নতুন এছ অ’ পি জাৰি কৰিব বুলি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সদৰী কৰিছে৷ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বুধবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পালেও লকডাউনৰ সম্ভাৱনা নাই বুলি স্পষ্ট কৰি দিছে৷ আনহাতে মাঘ বিহুৰ উৰুকাৰ ক্ষেত্ৰত চৰকাৰে কি সিদ্ধান্ত ল’ব সেয়া বৰ্তমানেই ক’ব নোৱাৰে বুলিও জানিবলৈ দিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷ কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে ক’ভিড পৰিস্থিতি পৰ্যালোচনা বৈঠকৰ অন্ততহে ভোগালী বিহুৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ ইংগিত দিছে স্বাস্থ্যমন্ত্ৰীয়ে৷ সংবাদ মেলত মন্ত্ৰীজনে অমিক্ৰনক প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগ সম্পূৰ্ণ সাজু বুলি মন্তব্য কৰি কয়–কলকাতালৈ ১৫৯৮টা নমুনা পঠিওৱা হৈছিল যদিও সকলো ৰিপ’ৰ্ট  বৰ্তমানলৈকে আহি পোৱা নাই৷ বিগত ১০ দিনত ধৰা পৰিছে ৮৩০টা ক’ভিড আক্ৰান্তৰ ঘটনা৷ ৰাজ্যত ২৬১৩খন অক্সিজেনযুক্ত বিছনা সাজু কৰি ৰখা হৈছে৷ গুৱাহাটীত জিএমচিএইচত ক’ভিডৰ বাবে ১২৮টা কেবিন থকাৰ লগতে এমএমচিএইচত ২০০ক’ভিড বিছনা সাজু হৈ আছে৷ সৰুসজাইত ৩০০বিছনা থকাৰ উপৰি ১৬ জন ৰোগী বৰ্তমান চিকিৎসাধীন হৈ আছে৷ প্ৰতিখন মেডিকেল কলেজ আৰু জিলা উপায়ুক্তক পূৰ্বৰ ক’ভিড হাস্পতালসমূহ সাজু কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলিও জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীয়ে৷ সংক্ৰমণ বৃদ্ধি হ’লেও চৰকাৰ লকডাউনৰ পক্ষত নহয় বুলি মন্তব্য কৰি স্বাস্থ্যমন্ত্ৰী মহন্তই জনসাধাৰণৰ স্বাভাৱিক জীৱন স্তব্ধ নকৰাকৈ ক’ভিডৰ যুঁজ আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰা বুলিও সদৰী কৰে৷ ফেব্ৰুৱাৰী ভিতৰত সম্পূৰ্ণ কৰা হ’ব ১৫-১৮বছৰৰ ভেকচিন প্ৰক্ৰিয়া৷ ১০ লাখ টেষ্টিং কিটছ ইতিমধ্যে অৰ্ডাৰ দিয়া হৈছে আৰু মজুত আছে ৫ লাখ৷ 

পুনৰ লকডাউন নহয় অসমতঃ মুখ্যমন্ত্ৰী

আমাৰ অসমঃ ৰাজ্যত বিগত তিনি দিনত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ৷ ক’ভিডৰ ভয়াৱহ সংক্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ আজি মেঘালয়ত অসমৰ এজন যুৱকৰ দেহত অমিক্ৰনৰ পজিটিভ ধৰা পৰাৰ পাছতে ৰাজ্যত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে৷ এই সন্দৰ্ভত আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক সোধা প্ৰশ্নত কয় যে, গুৱাহাটী তথা ৰাজ্যৰ আন আন জিলাসমূহত যিধৰণে ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে, তাৰ পৰা ধাৰণা কৰিব পাৰোঁ যে অসমত ইতিমধ্যে অমিক্ৰনৰ প্ৰৱেশ ঘটিছে৷ এতিয়াৰে পৰা ৰাইজ অধিক সাৱধানে থাকিব লাগিব৷ মেঘালয় চৰকাৰে অসমৰ লোকজনক কৰা জিনম ছিকুৱেন্সিঙত অমিক্ৰন পজিটিভ ধৰা পৰিছে৷ বাকীসকল সন্দেহৰ আৱৰ্তত আছে৷ জিনম ছিকুৱেন্সিঙ নকৰিলে অমিক্ৰন হয়নে নহয় সেয়া ধৰা পেলাব নোৱাৰি৷ অমিক্ৰন হওক বা নহওক সকলো ক’ভিড-১৯৷ ক’ভিড-১৯১ সংক্ৰমণ যোৱা তিনিদিনত বৃদ্ধি পোৱাটোৱেই আমাৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে৷ ইফালে কাইলৈ গুৱাহাটীত এসপ্তাহৰ ক’ভিড সংক্ৰমণৰ তথ্যসমূহ লৈ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দি ইয়াৰ পাছত যিধৰণৰ ব্যৱস্থা ল’ব লাগে লোৱা হ’ব বুলি প্ৰকাশ কৰে৷ অৱশ্যে অসমত কোনোধৰণৰ লকডাউন নহয় বুলিও স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ বিৰোধীক সমালোচনা মুখ্যমন্ত্ৰীৰ গাত কংগ্ৰেছীৰ তেজ থকাৰ বাবেই প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰক নৈশ ভোজত নিমন্ত্ৰণ জনোৱা বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰা মন্তব্যক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীয়ে এই প্ৰসংগত কয় যে, অসমত বৰ্তমান বিজেপি, কংগ্ৰেছ যিয়েই আছে বিৰোধী-শাসক আমিয়েই৷ আমিয়েই সকলো চলাই আছোঁ, চিন্তা কৰিবলগীয়া একো নাই৷ এটা সময়ত সকলো দল বিজেপিয়েই চলাব৷ কংগ্ৰেছৰ ৰাজ্যসভাৰ আসনখনকলৈ অলপ লোভ লাগিছে৷ কিন্তু যিটো কৰিব লাগে মই আগতেই কৰি থৈছোঁ৷ 

২৪ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ডিব্ৰুগড়ত কেন্সাৰ হাস্পতাল

আমাৰ অসমঃ অসম চিকিৎসা মহাবিদ্যালয়ত নিৰ্মাণ হৈ থকা অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেছন হাস্পতালৰ নিৰ্মাণকাৰ্যৰ বুজ ল’লে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ ডিব্ৰুগড়ত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই নিৰ্মীয়মান চিকিৎসালয়খন পৰিদৰ্শন কৰে৷ ২৪ মাৰ্চত দেশৰ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিবলগীয়া হাস্পতালখন ইতিমধ্যে প্ৰায় ৮০শতাংশ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে৷ হীৰক জয়ন্তী বৰ্ষ গৰকা অসম চিকিৎসা মহাবিদ্যালয়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ খবৰে উৎফুল্ল কৰিছে চিকিৎসা মহাবিদ্যালয় কতৃৰ্পক্ষক৷ এই সন্দৰ্ভত কয়, অসম চিকিৎসা মহাবিদ্যালয়তে নহয়, ৰাজ্যখনৰ কেইবাখনো জিলাত নিৰ্মাণ হ’বলগীয়া চিকিৎসা মহাবিদ্যালয় উক্তদিনাই প্ৰধানমন্ত্ৰী মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব৷ অৱশ্যে প্ৰধানমন্ত্ৰীজনে উক্তদিনা উপস্থিত হ’বনে নাই সেই কথা নিশ্চিত কৰা নাই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ আজি নিৰ্মীয়মান চিকিৎসালয়খনৰ নিৰ্মাণকাৰ্যৰ বুজ লয় মুখ্যমন্ত্ৰী ড॰ শৰ্মাই চিকিৎসা মহাবিদ্যালয়খনক বিশ্ববিদ্যালয়পৰ্যায়লৈ উন্নীতকৰণৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত কয়, মেডিকেল কলেজ বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ নহয়৷ ভাৰতৰ কোনো ৰাজ্যৰ মেডিকেল কলেজেই বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ হোৱা নাই৷ এয়া ভুল ধাৰণা৷ দুই-এক সংগঠনে এই ভুল ধাৰণা লৈ স্মাৰক-পত্ৰ দিছে৷ মই ইমানবছৰ স্বাস্থ্যমন্ত্ৰী হৈ থকা অৱস্থাত মেডিকেল কলেজ এখনে বিশ্ববিদ্যালয় হোৱাৰ কথা শুনা নাই৷ ইফালে ৭৫ বছৰ গৰকা ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ মৰ্যাদা বৃদ্ধি পাইছে বুলি উল্লেখ কৰি কয়, চিকিৎসা মহাবিদ্যালয়খনত ছুপাৰ স্পেচিয়েলিটী, কেন্সাৰ আদি হাস্পতাল নিৰ্মাণ হৈছে৷ মেডিকেল কলেজৰ মৰ্যাদা ৰোগীসকল৷ ৰোগীসকলে যিমান ভাল চিকিৎসা পাব সিমানেই মৰ্যাদা বৃদ্ধি পাব৷ যদি ৰোগীয়ে চিকিৎসা নাপায়, তেন্তে কলেজখনে কেতিয়াও মৰ্যাদা নাপায়৷ নিৰ্মাণৰত কেন্সাৰ হাস্পতালখনৰ সন্দৰ্ভত এ এম চিৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে জানিবলৈ দি কয়, কেন্সাৰ কেয়াৰ হাস্পতালখন নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে ৰোগীয়ে আধুনিক বিজ্ঞানসন্মত চিকিৎসা লাভ কৰিব৷ কেম’থেৰাপিৰ পৰা আৰম্ভ কৰি ৰেডিঅ’থেৰাপি আৰু ছাৰ্জাৰী আদি সুবিধা লাভ কৰিব৷ ইতিমধ্যে চিকিৎসালয়খনত সঞ্চালকৰ পদবীত নিযুক্তি প্ৰদান কৰিছে৷ ইয়াৰ কাম প্ৰায় ৮০ শতাংশ সম্পূৰ্ণ হৈছে৷ উল্লেখ্য যে, চিকিৎসালয়খনত মুঠ ১৮২খন বিছনাৰ লগতে ৰেডিয়েশ্বন, নিউক্লিয়াৰ মেডিটাইন, কেম’থেৰাপী, অস্ত্ৰোপচাৰ ইত্যাদি অত্যাধুনিক চিকিৎসাজনিত সা-সুবিধাসমূহ উপলব্ধ হ’ব৷ আজি পৰিদৰ্শনকালত চিকিৎসালয়খনৰ বাকী থকা কামবোৰ নিৰ্ধাৰিত সময় ২৪ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে৷ উল্লেখ্য যে, ৰাজ্যত বৰ্তমান এনে ১০খন হাস্পতালৰ নিৰ্মাণৰ কাম চলি আছে আৰু এই প্ৰকল্পসমূহৰ ৰূপায়ণৰ জৰিয়তে সমগ্ৰ অসমতে কৰ্কট ৰোগীসকল যথেষ্ট উপকৃত হ’ব৷ পৰিদৰ্শনকালত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন, অতুল বৰা, বিমল বৰা আদি উপস্থিত থাকে৷ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই জলসম্পদ বিভাগৰ নিৰ্মীয়মান অতিথিশালাৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে৷