Logo
image

ক’ভিডৰ সৈতে চৰকাৰৰ লুকাভাকু

 গণসংক্ৰমণৰ মাজতে চলিছে শিক্ষানুষ্ঠান, বিপদত ছাত্ৰ-ছাত্ৰী

আমাৰ অসম, ৫জানুৱাৰীঃ ৰাজ্যৰ ক’ভিড পৰিস্থিতি পুনৰ অৱনমিত হৈছে৷ চহৰ অঞ্চলৰ লগতে গাঁৱে-ভূঞে ব্যাপক মাত্ৰাত ক’ভিডৰ সংক্ৰমণ আৰম্ভ হৈছে৷ বিশেষকৈ শিক্ষানুষ্ঠানে শিক্ষানুষ্ঠানে ক’ভিড সংক্ৰমণে ভয়ংকৰ ৰূপ লৈছে৷ কিন্তু বৰ্তমানলৈ শিক্ষানুষ্ঠানত ক’ভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনৰ সংক্ৰমণ আৰম্ভ হৈছে নে নাই, এই সন্দৰ্ভত স্বাস্থ্য বিভাগে কোনো তথ্য নিশ্চিত কৰা নাই৷ স্বাভাৱিকতেই শিক্ষানুষ্ঠানে শিক্ষানুষ্ঠানে ক’ভিডৰ গণ সংক্ৰমণৰ পাছতো  বিদ্যালয়সমূহ খোলা ৰখাত উদ্বিগ্ন হৈ পৰিছে একাংশ অভিভাৱক৷ এই সকল চিন্তিত অভিভাৱকে শিক্ষানুষ্ঠানসমূহত পুনৰ অনলাইনত পাঠদানৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনাইছে৷ 

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আফ্ৰিকা আৰু ছৌদি আৰৱফেৰৎ ৩ ছাত্ৰৰ ক’ভিডত আক্ৰান্ত হোৱাৰ লগতে আই চি এম আৰৰ টেষ্ট কিটত তেওঁলোকৰ অমিক্ৰন ষ্টেইন পজিটিভ ধৰা পৰিছিল৷ শেহতীয়াকৈ ৰাজ্যৰ একাধিক শিক্ষানুষ্ঠানত শিক্ষক-শিক্ষাৰ্থী ক’ভিডত আক্ৰান্ত হোৱাত কতৃৰ্পক্ষই শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি দিবলৈ বাধ্য হৈছে৷ ৰাজ্যৰ অন্যতম উচ্ছ শিক্ষা প্ৰতিষ্ঠান আই আই গুৱাহাটী আৰু এন আই টি শিলচৰত ক’ভিড সংক্ৰমণৰ তথ্য পোহৰলৈ আহিছে৷ আই আই গুৱাহাটীৰ ৬৫জন শিক্ষক, শিক্ষাৰ্থী আৰু কৰ্মচাৰীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে৷ পশ্চিমবংগৰ পৰা অহা এজন অধ্যাপক আৰু তেওঁৰ পত্নীৰ লগতে  ৮ বছৰীয়া কন্যাও ক’ভিডত আক্ৰান্ত হৈছে৷ যাৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলা প্ৰশাসনে শিক্ষানুষ্ঠানখনক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে৷ ইপিনে, শিলচৰৰ এন আই টিত গণিত বিভাগৰ গৱেষক ছাত্ৰকে ধৰি প্তজনৰ ক’ভিড পজিটিভ ধৰা পৰিছে৷ গুৱাহাটীৰ মালিগাঁৱৰ কেন্দ্ৰীয় বিদ্যালয়ত চ্ছ্ৰজন শিক্ষক আৰু ৩জন ছাত্ৰ ক’ভিডত আক্ৰান্ত হৈছে৷ ইপিনে, নুমলীগড়ৰ ডি পি এছ স্কুলৰ অধ্যক্ষ ক’ভিডত আক্ৰান্ত হোৱাত শিক্ষানুষ্ঠানখনত আতংকময় পৰিৱেশে বিৰাজ কৰিছে৷ লামডিঙত ক’ভিডে গণ সংক্ৰমণৰ ৰূপ লোৱাত কেইবাখনো বিদ্যালয় বন্ধ কৰি দিছে প্ৰশাসনে৷ লামডিং কেন্দ্ৰীয় বিদ্যালয়, বীণাপানী এল পি স্কুল, ৰে’লৱে উচ্ছতৰ মাধ্যমিক বিদ্যালয়, ডনবস্ক’ স্কুল, দক্ষিণ লামডিং হাইস্কুল আৰু প্ৰনবানন্দ বিদ্যা মন্দিৰ শিক্ষানুষ্ঠান ১১ জানুৱাৰীলৈ বন্ধ কৰি দিছে প্ৰশাসনে৷ লক্ষণীয় বিষয়টো হৈছে অমিক্ৰনৰ সংক্ৰমণৰ বাবে দেশৰ কেইবাখনো ৰাজ্যই ইতিমধ্যে শিক্ষানুষ্ঠান বন্ধ কৰি দিছে৷ স্বাস্থ্য বিশেষজ্ঞসকলে অমিক্ৰনে দেশত ক’ভিডৰ তৃতীয় ঢৌ আনিব বুলিও শংকা প্ৰকাশ কৰিছে৷ আনকি বুধবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অমিক্ৰনে শিশুসকলক অধিক হাৰত আক্ৰান্ত কৰিছে বুলি মন্তব্য কৰি ১৫-১৮ বছৰ বয়সৰ কিশোৰক ভেক্‌চিনত গুৰুত্ব দিয়া বুলিও সদৰী কৰে৷ স্বাভাৱিকতেই বৰ্তমানলৈ ১৫ বছৰ অনূধবৰ্ৰ শিশু-কিশোৰক ভেক্‌চিন প্ৰদান আৰম্ভ নোহোৱাত তৃতীয় ঢৌত ০-১৫ বছৰ বয়সৰ শিশুসকল অতি বিপদজনক হিচাপে চিহ্নিত হৈছে৷ কিন্তু শিক্ষানুষ্ঠানে শিক্ষানুষ্ঠানে ক’ভিডৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পাছতো চৰকাৰে বিদ্যালয়সমূহ খোলা ৰখাৰ ব্যৱস্থা কৰাত অভিভাৱকসকলক চিন্তিত কৰি তুলিছে৷ যাৰ বাবে অন্ততঃ এমাহৰ বাবে শিক্ষানুষ্ঠানৰ পাঠদান অনলাইনৰ জৰিয়তে সম্পন্ন কৰিবলৈ চৰকাৰক আহ্বান জনাইছে একাংশ অভিভাৱকে৷

আই আই টি গুৱাহাটীত ক’ভিডৰ ত্ৰাস

আমাৰ অসমঃ জ্ঞান আৰু প্ৰজ্ঞাৰ উচ্ছ শিক্ষা প্ৰতিষ্ঠান আই আই টি গুৱাহাটী শেহতীয়াকৈ ক’ভিড হটস্পটতত পৰিণত হৈছে৷ গণ সংক্ৰমণত পৰিণত হৈছে দেশৰ উচ্ছ শিক্ষা প্ৰতিষ্ঠানখন৷ আজি সন্ধিয়ালৈ শিক্ষা প্ৰতিষ্ঠানখনত ধৰা পৰিছে প্ৰায় ৬৫জন ক’ভিড আক্ৰান্ত৷ আক্ৰান্তসকলৰ অধিকাংশই ৰাজ্যৰ বাহিৰৰ পৰা অহা শিক্ষাৰ্থী৷ নৱবৰ্ষৰ আনন্দ-উলাহৰ পাছত চলিত সপ্তাহত হঠাৎ বৃদ্ধি ক’ভিড আক্ৰান্তৰ সংখ্যা৷ ইতিমধ্যে, শিক্ষা প্ৰতিষ্ঠানখনৰ বাহিৰলৈ সম্পূৰ্ণ আহ-যাহ বন্ধ কৰা হৈছে শিক্ষাৰ্থীৰ৷ নিৰ্মাণ কৰা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰ৷ কেৱল শিক্ষাৰ্থীয়ে নহয় আই আই টিখনৰ কেইবাজনো বিষয়া, কৰ্মচাৰী, অধ্যাপকৰ দেহতো পোৱা গৈছে ক’ভিড৷ পশ্চিমবংগৰ পৰা অহা আই আই টি গুৱাহাটীৰ ইলেক্টªনিকছ বিভাগৰ অধ্যাপক পৰিয়ালসহ জ্জ্ব বছৰীয়া কনমানিৰ দেহত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি৷ ইতিমধ্যে, আই আই টি গুৱাহাটীক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে কামৰূপ জিলা প্ৰশাসনে৷ কামৰূপ জিলা উপায়ুক্ত কৈলাস কাৰ্তিক এনে এক নিৰ্দেশনাযোগে শিক্ষা প্ৰতিষ্ঠানখনৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ কথা ঘোষণা কৰে৷ একে সময়তে বৰ্তমান পৰিস্থিতিত কাকোকে আতংকিত নহৈ সজাগ আৰু সতৰ্ক থাকিবলৈ আহ৩ান জনায় উপায়ুক্তজনে৷

নুমলীগড়ত ক’ভিডৰ তৃতীয় ঢৌৰ আতংক 

আমাৰ অসমঃ নুমলীগড়ত ক’ভিড-১৯১ তৃতীয় ঢৌৰ আতংকত একপ্ৰকাৰ ত্ৰস্তমান হৈ পৰিছে এন আৰ এলৰ লগতে অঞ্চলবাসী৷ নুমলীগড়ত দৈনিক বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা৷ নুমলীগড় শোধনাগাৰ নগৰাঞ্চলৰ দিল্লী পাব্লিক স্কুলৰ অধ্যক্ষৰ লগতে পৰিয়াল আক্ৰান্ত হৈছে ক’ভিড ৰোগত৷ ইতিমধ্যে অধ্যক্ষজন তথা অনান্য ক’ভিড ৰোগীৰ সংস্পৰ্শলৈ অহা প্ৰতিজন ব্যক্তিয়ে ৰেপিড এণ্টিজেন টেষ্ট আৰু আৰ টি পি চি আৰ নমুনা সংগ্ৰহ কৰি বিবেকানন্দ কেন্দ্ৰ এন আৰ এল চিকিৎসালয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে৷ আনহাতে, নুমলীগড় দিল্লী পাব্লিক স্কুলৰ কালিৰে পৰা শীতকালীন বন্ধ খুলি পাঠদান আৰম্ভ হৈছিল নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ৷ আন শ্ৰেণীসমূহ বৰ্তমানেও অনলাইন পাঠদান চলি আছে৷ কিন্তু বিদ্যালয়খনৰ অধ্যক্ষজনৰ দেহত ক’ভিড পজিটিভৰ অৱস্থিতি ধৰা পৰাত বিদ্যালয় বন্ধ ঘোষণা কৰিছে আজিৰে পৰা৷ ইতিমধ্যে বিবেকানন্দ কেন্দ্ৰ এন আৰ এল চিকিৎসালয়ৰ অধীক্ষক ৰঞ্জন কুমাৰ মহন্তই যোৱা ২৪ ঘণ্টাত এন আৰ এল নগৰাঞ্চলত ১০জনৰো অধিক ব্যক্তিৰ দেহত ক’ভিড-১৯১ অৱস্থিতি ধৰা পৰা বুলি ব্যক্ত কৰিছে৷ এতিয়া সমগ্ৰ নুমলীগড়ত ক’ভিড-১৯১ তৃতীয় ঢৌৰ আতংকই বিৰাজ কৰিছে৷

নুমলীগড় ডি পি এছ ক’ভিড আক্ৰান্ত

আমাৰ অসমঃ নুমলীগড় শোধনাগাৰ নগৰাঞ্চলত অৱস্থিত ডি পি এছ স্কুলৰ অধ্যক্ষৰ পৰিয়াল ক’ভিড আক্ৰান্ত হোৱাত বিদ্যালয়খন বন্ধ হৈ পৰাৰ লগতে আতংকময় হৈ পৰিছে৷ বিগত ২৪ ঘণ্টাত শোধনাগাৰ নগৰাঞ্চলত ১০জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷