Logo
image

পদ্মশ্ৰীপ্ৰাপকৰ বিৰুদ্ধে শিশু ধৰ্ষণৰ গোচৰ, আৰক্ষীৰ জেৰা

আমাৰ অসম, ৫ জানুৱাৰীঃ  আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উদ্ভাৱকৰূপে স্বীকৃত, পদ্মশ্ৰী সন্মানপ্ৰাপক উদ্ধৱ ভৰালীৰ বিৰুদ্ধে উত্থাপিত হৈছে শিশু ধৰ্ষণৰ অভিযোগ৷ কেৱল অভিযোগ উত্থাপিত হোৱাই নহয়, এই সন্দৰ্ভত গোচৰো ৰুজু কৰিছে আৰক্ষীয়ে৷ সেইসূত্ৰে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পৰা হাত সাৰিবৰ বাবে উদ্ধৱ ভৰালীয়ে কিছুদিন আত্মগোপন কৰি থকাৰ পাছত অৱশেষত গুৱাহাটী উচ্ছ ন্যায়ালয়ে অগ্ৰিম জামিন মঞ্জুৰ কৰি বিশিষ্ট উদ্ভাৱকজনক কিছু সকাহ দিয়ে৷ পদ্মশ্ৰী সন্মানপ্ৰাপক ভৰালীৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগে অসম তোলপাৰ লগোৱাৰ লগতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও  এই বাতৰি গুৰুত্বসহকাৰে প্ৰকাশ কৰিছে৷ অৱশ্যে উদ্ধৱ ভৰালীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত শিশু ধৰ্ষণৰ অভিযোগ অস্বীকাৰ কৰিছে আৰু এয়া তেওঁৰ বিৰুদ্ধে অৰ্থনৈতিকভাৱে স্বচ্ছল কোনো শক্তিশালী চক্ৰৰ ভয়ংকৰ ষড়যন্ত্ৰ বুলি দাবী কৰিছে৷ আৰক্ষীৰ পৰা পোৱা ঘটনাৰ বিৱৰণি মতে, লখিমপুৰৰ এটা শিশুগৃহৰ পৰা ভৰালীয়ে ২০২০ চনৰ আগষ্ট মাহত এটি ১৩বছৰীয়া কন্যাশিশুক এবছৰৰ বাবে নিজৰ আশ্ৰমলৈ আনে৷ এনেধৰণে শিশুগৃহৰ পৰা শিশুক আনিলে প্ৰতিবছৰে নবীকৰণ কৰিব লাগে৷ কিন্তু শিশুগৃহৰ পৰা বাৰে বাৰে কোৱা সত্ত্বেও ১৩ বছৰীয়া শিশুটিক আশ্ৰয় দিয়াৰ সমগ্ৰ প্ৰক্ৰিয়া নবীকৰণ কৰা নাছিল উদ্ধৱ ভৰালীয়ে৷ অৱশেষত শিশুগৃহ কতৃৰ্পক্ষৰ তৰফৰ পৰা ভৰালীৰ জিম্মাত থকা শিশুটিৰ কাষলৈ প্ৰেৰণ কৰা হয় বিশেষ প্ৰতিনিধি৷ তেতিয়াই ঘটিল বিস্ফোৰণ৷ ১৩ বছৰীয়া শিশুটিয়ে শিশুগৃহৰ প্ৰতিনিধিক স্পষ্টভাৱে ক’লে যে উদ্ধৱ ভৰালীয়ে দীৰ্ঘদিন ধৰি তেওঁৰ ওপৰত যৌন নিৰ্যাতন চলাই আহিছে৷ শিশু ধৰ্ষণৰ দৰে ঘটনা হোৱাৰ সূত্ৰে ১৭ ডিচেম্বৰত লখিমপুৰ শিশু কল্যাণ সমিতিয়ে এই সন্দৰ্ভত জিলা আইন সেৱা প্ৰাধিকৰণক অৱগত কৰে৷ আইন সেৱা প্ৰাধিকৰণে এই গুৰুতৰ অভিযোগ সন্দৰ্ভত প্ৰাথমিক তদন্তৰ দিহা কৰে৷ প্ৰাথমিক অনুসন্ধানত উদ্ধৱ ভৰালীয়ে ১৩ বছৰীয়া শিশুটিক দীৰ্ঘদিন ধৰি ধৰ্ষণ কৰি অহা বুলি উঠা অভিযোগৰ সত্যতা সন্দৰ্ভত নিশ্চিত হয়৷ প্ৰাথমিক অনুসন্ধানত প্ৰাপ্ত তথ্যৰ আধাৰত লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকৰণে এই গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ ঘটনা সন্দৰ্ভত লিখিতভাৱে অৱগত কৰে লখিমপুৰৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশক৷ মুখ্য ন্যায়িক দণ্ডাধীশে উদ্ধৱ ভৰালীৰ বিৰুদ্ধে উঠা অভিযোগ আৰু লখিমপুৰ শিশু কল্যাণ সমিতিৰ প্ৰাৰম্ভিক অনুসন্ধানৰ প্ৰতিবেদনসহ বিষয়টো আৰক্ষীক অৱগত কৰে আৰু এই সন্দৰ্ভত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ দিহা দি আৰক্ষীলৈ পত্ৰ প্ৰেৰণ কৰে৷৷ মুখ্য ন্যায়িক দণ্ডাধীশৰ পত্ৰৰ ভিত্তিত আৰক্ষীয়ে লখিমপুৰ সদৰ থানাত পদ্মশ্ৰীপ্ৰাপক উদ্ধৱ ভৰালীৰ বিৰুদ্ধে ২০১২ চনৰ পক্‌ছ’ আইনৰ [যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা] ৬নং ধাৰাৰ উপৰি ভাৰতীয় দণ্ডবিধিৰ ৩৭৬[ৰ], ৩৭৬[এ] আৰু ৩৫৪ ধাৰাত লখিমপুৰ সদৰ থানাত ১৩৩২য২০২১ নম্বৰৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷ লক্ষণীয়ভাৱে লখিমপুৰ সদৰ থানাত গোচৰ ৰুজু হোৱাৰ পাছতেই গ্ৰেপ্তাৰৰ ভয়ত আত্মগোপন কৰে উদ্ধৱ ভৰালীয়ে৷ আত্মগোপন কৰি থকা সময়ছোৱাতে তেওঁ বিজেপিৰ গুৰুদায়িত্বত থকা এজন প্ৰভাৱশালী অধিবক্তাৰ পৰামৰ্শক্ৰমে সংশ্লিষ্ট গোচৰৰ পৰা আগতীয়া জামিন বিচাৰি গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ শৰণাপন্ন হয়৷ ২৮ ডিচেম্বৰত গুৱাহাটী উচ্ছ ন্যায়ালয়ে শিশু ধৰ্ষণৰ গোচৰত অভিযুক্ত উদ্ধৱ ভৰালীক অন্তৰ্ৱৰ্তীকালীন জামিন দিয়ে যদিও এই ঘটনা সন্দৰ্ভত ৭ জানুৱাৰীৰ ভিতৰত কেছ ডায়েৰী দাখিল কৰিবৰ বাবে লখিমপুৰ আৰক্ষীক নিৰ্দেশ দিয়ে৷ উচ্ছ ন্যায়ালয়ৰ অন্তৰ্ৱৰ্তীকালীন জামিনৰ নিৰ্দেশ পোৱাৰ লগে লগেই সমাপ্ত হয় উদ্ধৱ ভৰালীৰ আত্মগোপন পৰ্বৰ৷ বুধবাৰে লখিমপুৰৰ কে বি ৰোডত থকা উদ্ধৱ ভৰালীৰ ঘৰলৈ যায় লখিমপুৰ আৰক্ষীৰ দল৷ আৰক্ষীয়ে শিশু ধৰ্ষণৰ গোচৰত অভিযুক্ত উদ্ধৱ ভৰালীত প্ৰায় দুঘণ্টা ধৰি জেৰা কৰাৰ লগতে তেওঁৰ ঘৰত তন্ন তন্নকৈ তালাচী চলায়৷ সেই সময়ত সংবাদ মাধ্যমৰ লোকো উপস্থিত হয় উদ্ধৱ ভৰালীৰ ঘৰত৷ লক্ষণীয়ভাৱে সেই সময়ত সাংবাদিকৰ কোনো প্ৰশ্নৰ উত্তৰ দিবলৈ সন্মত নোহোৱা উদ্ধৱ ভৰালীয়ে পৰৱৰ্তী সময়ত নিৰ্বাচিত সাংবাদিকৰ সন্মুখত মুখ খোলে৷ ভৰালীৰ ভাষ্য– এয়া মোৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ৷ মই কেতিয়াও অন্যায় সহ্য নকৰোঁ৷ মই ভুলক ভুল বুলি কওঁ আৰু শুদ্ধক শুদ্ধ বুলি কওঁ৷ মই সমাজৰ সেৱা কৰাৰ বাবেই কোনো লোক মই নজনাকৈয়ে মোৰ শত্ৰু হৈ পৰিছে৷ যিগৰাকী ছোৱালীয়ে মোৰ বিৰুদ্ধে অভিযোগ আনিছে বুলি কোৱা হৈছে, সেই ছোৱালীজনী এতিয়াও শিশুগৃহত আছে৷ মোৰ বিৰুদ্ধে তেওঁক তেনেকৈ ক’বলৈ শিকাই দিয়া হৈছে৷ ছোৱালীজনীক মই ভালদৰে জানো৷ তাই একেবাৰে হোজা, একো কথা বুজি নাপায়৷ সামান্য ধমকি এটা মাৰিলেও কান্দি দিয়ে৷ মই ৰাইজক অনুৰোধ জনাইছোঁ যে আপোনালোকে ছোৱালীজনীক সেই শিশুগৃহৰ পৰা আনি বেলেগ এটা নিৰপেক্ষ স্থানত ৰাখক আৰু তাৰ পাছত ছোৱালীজনীক গোটেই ঘটনাটো ক’বলৈ কওক৷ তেতিয়া তাই সকলোখিনি কথা কৈ দিব৷ তাইৰ আইকিউ একেবাৰেই কম৷ একো কথা বুজি নাপায়৷ সৰল ছোৱালী৷ সেইবাবেই তাইক মোৰ বিৰুদ্ধে মোৰ কোনো শত্ৰুৱে ব্যৱহাৰ কৰিছে মই গম নোপোৱাকৈ৷ এই ষড়যন্ত্ৰৰ আঁৰত আৰ্থিকভাৱে স্বচ্ছল মোৰ কোনোবা শক্তিশালী শত্ৰু জড়িত থকা বুলি মই ভাবোঁ৷ এই ষড়যন্ত্ৰৰ আঁৰত লুকাই আছে গভীৰ ৰহস্য৷ ন্যায়পালিকাৰ ওপৰত মোৰ বিশ্বাস আছে৷ মই ভাবোঁ যে এদিন সত্য পোহৰলৈ আহিব আৰু মই ন্যায় পাম৷ ছোৱালীজনীক যিসকলে এতিয়া মোৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছে, সেইসকলকো এদিন ৰাইজে চিনি পাব৷ ৰাইজে যদি মোক বিশ্বাস নকৰে, তেনেহ’লে মই ছুইচাইড কৰিম৷ মই ওলমি দিম৷ কিন্তু মোৰ বিশ্বাস যে ৰাইজে মোক ভাল পায়, গতিকে ৰাইজে এদিন মোক বুজি পাব৷ মোৰ বিৰুদ্ধে চলা ষড়যন্ত্ৰ এদিন পোহৰলৈ আহিব৷ আৰক্ষীয়ে যেনেকৈ কৈছে মই তেনেকৈ তদন্তত সহযোগ কৰিছোঁ৷ আগলৈও কৰি যাম৷ গতিকে মোৰ লুকুৱাবলৈ একো নাই৷ ইমান দিনে অসম আৰু ৰাইজৰ বাবে কাম কৰিছিলোঁ৷ ৰাইজে মোক বহুত ভাল পায়৷ ৰাইজে মোক মৰম কৰা বাবেই কোনোবা কোনোবাই মোক ঈৰ্ষা কৰে৷ সেইসকলৰ ভিতৰত শক্তিশালী মানুহো আছে৷ মই তেনে কোনো ধনী আৰু শক্তিশালী মানুহৰে ভয়ংকৰ ষড়যন্ত্ৰৰ চিকাৰ হৈছোঁ৷ সময়ে এদিন সকলো পোহৰলৈ আনিব৷ ভগৱানৰ ইচ্ছাত এদিন প্ৰকৃত সত্য নি(য় পোহৰলৈ আহিব৷ মই সেই দিনটোলৈ বাট চাম৷ ইফালে, লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব বিচিত্ৰা দত্তই এই ভয়ংকৰ ঘটনা সন্দৰ্ভত কয় যে উদ্ধৱ ভৰালীয়ে শিশুটিক যৌন নিৰ্যাতন চলোৱা বুলি শিশু কল্যাণ কেন্দ্ৰই অভিযোগ পোৱাৰ পাছত তেওঁলোকৰ পৰা পোৱা অভিযোগৰ আধাৰত আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা ঘটনাৰ সত্যাসত্য জানিবৰ বাবে অনুসন্ধান চলোৱা হয়৷ প্ৰাথমিক তদন্তত অভিযোগৰ ‘প্ৰাইমাফেচী’ প্ৰতিপন্ন হোৱাত, যথোপযুক্ত তথ্য লাভ কৰাত সমগ্ৰ বিষয়টো লখিমপুৰৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশক অৱগত কৰোৱা হয়৷ মুখ্য ন্যায়িক দণ্ডাধীশে গোচৰটো লখিমপুৰ সদৰ থানালৈ প্ৰেৰণ কৰে৷ ইফালে, বুধবাৰে উদ্ধৱ ভৰালীৰ ঘৰলৈ যোৱা আৰক্ষীৰ দলটোক নেতৃত্ব দিয়া সংশ্লিষ্ট গোচৰৰ তদন্তকাৰী বিষয়া সমৰজ্যোতি ভূঞাই উদ্ধৱ ভৰালীক জেৰা কৰাৰ লগতে তেওঁৰ ঘৰৰ পৰা কিছুসংখ্যক নথি-পত্ৰ জব্দ কৰে৷