Logo
image

বাছৰ টিকট কটাৰ পাছতহে শিক্ষকে গম পালে ছুটী পিছুৱালে

আমাৰ অসম,৫ জানুৱাৰীঃ পিতৃ-মাতৃ, শহুৰ-শাহুৰ সৈতে কটাবৰ বাবে ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীক দিয়া বিশেষ ছুটীক লৈ শিক্ষা বিভাগত চলিছে নেকি টোঘলকী কাৰবাৰ তাক লৈ ব্যাপক চৰ্চা হৈছে৷ তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যৰ শিক্ষক সমাজত৷ ইতিমধ্যে ৰাজ্য চৰকাৰে পিতৃ-মাতৃ, শহুৰ-শাহুৰ সৈতে কটাবৰ বাবে ৬-৭ জানুৱাৰীত বিশেষ ছুটীৰ দিন ঘোষণা কৰিছে৷ সেই মতে দূৰ দূৰণিত কৰ্মৰত ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীয়ে পিতৃ-মাতৃ, শহুৰ-শাহু থকা স্থানলৈ যাবলৈ সাজু হৈছে৷ যিসকলৰ গন্তব্যস্থলৰ দূৰত্ব অধিক তেওঁলোক আগতীয়াকৈ কাটি লৈছে বাছ-ৰে’লৰ টিকট৷ সেই মতে শিক্ষক শিক্ষয়িত্ৰীসকলেও অসম চৰকাৰে পূৰ্বে ঘোষণা কৰামতে বাছ-ৰে’লৰ টিকট কাটি নিজৰ ঘৰ বা শহুৰৰ ঘৰলৈ যাবলৈ সাজু হৈছে৷ কাটি লৈছে বাছ-ৰে’লৰ টিকট৷ এনে সময়তে পাঁচ জানুৱাৰীৰ বিয়লি আকস্মিকভাৱে ৰাজ্যৰ শিক্ষা বিভাগে প্ৰাথমিক, মাধ্যমিক আৰু উচ্ছতৰ মাধ্যমিকত কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে ৬-৭ জানুৱাৰীৰ পৰিৱৰ্তে ১২-১৩ জানুৱাৰীত বিশেষ ছুটিৰ দিন ধাৰ্য কৰাত বিপাঙত পৰিছে দূৰ-দূৰণিত কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰী৷ ক্ষুব্ধ হৈ পৰিছে মাধ্যমিক, প্ৰাথমিক আৰু উচ্ছতৰ মাধ্যমিকত কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰী৷ কিয়নো পূৰ্বৰ ঘোষণা অনুসৰি ছয় জানুৱাৰীত ঘৰলৈ যাবলৈ সৰহ সংখ্যকে বাছ-ৰে’লৰ টিকট কাটি লৈছিল৷ ক্ষুব্ধ শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰশ্ন– যদি বিশেষ ছুটিৰ দিন সলনি কৰিব লগা আছিলেই তেনেহ’লে পাঁচ জানুৱাৰীৰ বিয়লিলৈ দিন সলনি কৰিবলৈ ৰখা হ’ল কিয়? এয়াই নেকি ডায়নেমিক চৰকাৰৰ কাম?