Logo
image

বিক্ৰীৰ বাবে ঘোঁৰা সাজু

ৰাজ্যসভা নিৰ্বাচন

আমাৰ অসম, ৫ জানুৱাৰীঃ ৰাজ্যসভাৰ দুখন আসনৰ বাবে চলিত বৰ্ষৰ মাৰ্চত অনুষ্ঠিত হ’ব নিৰ্বাচন৷ বিজেপিক লাগে দুয়োখন আসন৷ এখন আসনক লৈ বিৰোধী শিবিৰত নিমিলা অংক৷ ৰাজ্যসভাৰ নিৰ্বাচনক লৈ শাসক-বিৰোধী উভয় পক্ষত আৰম্ভ হৈছে ৰাজনৈতিক তৎপৰতা৷ ৰাজ্যসভাৰ নিৰ্বাচনক লৈ ‘ঘোঁৰা’ কিনা বেচাৰ বাবে তৎপৰ হৈছে ‘ঘোঁৰা বেপাৰী’৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যসভাৰ নিৰ্বাচনত দুয়োখন আসন বিজেপিৰ দখললৈ যাব বুলি দাবী কৰাৰ সূত্ৰে ঘোঁৰা বেচা-কিনা হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে৷ বিজেপিয়ে দুয়োখন আসন নিজৰ হাতলৈ নিবলৈ সাজু হোৱাৰ সময়ত বিৰোধী শিবিৰ বহুধা বিভক্ত৷ ইউ ডি এফৰ নেতৃত্বই ইতিমধ্যে দাবী কৰিছে ৰাজ্যসভাত এইবাৰ প্ৰাৰ্থী হ’ব লাগে এ আই ইউ ডি এফৰ৷ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে কয়– বিগত ১৬টা বছৰে আমি ৰাজ্যসভাত কেতিয়াও প্ৰাৰ্থী দিয়া নাই৷ বিগত সময়ত কংগ্ৰেছক সমৰ্থন কৰি আহিছোঁ গতিকে কংগ্ৰেছে আমাক সমৰ্থন দিব লাগে৷ ইয়াৰ বিপৰীতে কংগ্ৰেছে বিচাৰিছে এআইইউডিফৰ সহায়৷ ইফালে, বি পি এফৰ বিধায়ক দুৰ্গাদাস বড়োৰ দাবী– ‘আমি কাৰ সৈতে যাম ঠিক কৰা নাই৷ অকলেও থাকিব পাৰো, প্ৰয়োজনত কাৰোবাৰ লগ হ’বও পাৰো৷’ বিধানসভাৰ নিৰ্বাচনৰ আগত আৰু নিৰ্বাচনৰ পাছতো বি পি এফ নেতৃত্বই প্ৰকাৰান্তৰে বিজেপিৰ সৈতে থকাৰ ইংগিত দি আহিছে৷ বিধানসভা নিৰ্বাচনৰ পাছতে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ পৰা ওলাই আহিছে বি পি এফ৷ শেহতীয়াভাৱে বি পি এফৰ নেতৃত্বই দাবী কৰি কয়– ‘ৰাজ্যসভাৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰে আমাৰ মিত্ৰতা হ’ব৷ ১২  জানুৱাৰীত বিজেপিয়ে আমাক ভোজলৈ নিমন্ত্ৰণ জনাইছে৷’ এইকথাই স্পষ্ট কৰে যে বি পি এফে ইতিমধ্যে বিজেপিৰ সৈতে প্ৰতিশ্ৰুতিবদ্ধ৷ ইফালে, ইউ ডি এফৰ হাতত ১৫খন আসন আছে যদিও বিজেপিয়ে এ আই ইউ ডি এফৰ তিনিজন বিধায়কৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে৷ অৰ্থাৎ ‘ঘোঁৰা’ৰ বজাৰত ইতিমধ্যে ‘ঘোঁৰা’ বেচা-কিনা আৰম্ভ হৈছে৷ বহুকেইটা ‘ঘোঁৰা’ বিক্ৰী হ’বলৈও আগ্ৰহী৷ অৰ্থাৎ বিক্ৰীৰ বাবে ঘোঁৰা’ সাজু৷ এনে সময়তে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সংবাদ মাধ্যমৰ আগত কয়– অপ’জিছন আমিহে চলাওঁ৷ বৰ্তমান বিৰোধী শাসকীয় যি দল আছে সকলো আমিয়েই৷ আমিয়ে চলাও সকলো দল৷ কংগ্ৰেছো আমি চলাও৷ দুখন আসনৰ বাবে আমাৰ ‘প্লেন’ সাজু৷ কংগ্ৰেছে এইকেইদিন ৰাজ্যসভাৰ আসনক লৈ সপোন দেখি আছে৷   ৰাজ্যসভাৰ দুখন আসনৰ বাবে আমি চিন্তাই কৰা নাই৷ ইফালে, কংগ্ৰেছ সাংসদ আব্দুল খালেকে কয় –হৰ্ছ ট্ৰেডিঙৰ মাষ্টাৰ সাজু৷ যিজন দিছপুৰত ৰজা হৈ আছে তেওঁ হৰ্ছ ট্ৰেডিঙৰ ৰজা৷ বিজেপিৰ এটা সূত্ৰৰ মতে বিজেপিৰ প্ৰাৰ্থী ৰূপে বিচাৰিছে খিলঞ্জীয়া মুছলমানক৷ অৱশ্যে কোন হ’ব এনে প্ৰাৰ্থী এই সন্দৰ্ভত এই পৰ্যন্ত মুখ খোলা নাই বিজেপিয়ে৷ উল্লেখ্য, বিপিএফৰ হাতত আছে চাৰিখন আসন৷ যদি বি পি এফৰ চাৰিখন আৰু এআইইউডিএফৰ তিনিখন আসন শাসকীয় দলৰ পক্ষত থাকে ৰাজ্যসভাৰ দুয়োখন আসন বিজেপিৰ হাততে থাকিব৷ প্ৰাপ্ত খবৰ অনুসৰি মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে ‘ঘোঁৰা’ কিনা-বেচা সম্পূৰ্ণ হৈছে জানুৱাৰী মাহতে৷