Logo
image

ৰাজ্যত ৫ লাখ নতুন ভোটাৰ

চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

আমাৰ অসম, ৬ জানুৱাৰীঃ ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই আজি ২০২২ বৰ্ষৰ চূড়ান্ত ভোটৰ তালিকা প্ৰকাশ কৰিছে৷ ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাৰেই প্ৰকাশ কৰা ২০২২ বৰ্ষৰ চূড়ান্ত ভোটৰ তালিকাত বুধবাৰ পৰ্যন্ত ২,৩৭,১০,৮৩৪ জন ভোটাৰৰ নাম সন্নিৱিষ্ট হৈছে৷ ইয়াৰে ১,১৯,৫৬,২১ৰ জন পুৰুষ ভোটাৰ আৰু ১,১৭,৫৪,২২২ গৰাকী মহিলা ভোটাৰ, ৪০১ জন হৈছে তৃতীয় লিংগৰ ভোটাৰ৷ উল্লেখ্য যে বিগত বৰ্ষৰ পহিলা নৱেম্বৰত নিৰ্বাচনী বিষয়াই খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছিল৷ এই খচৰা ভোটাৰ তালিকাত ২,৩৪,০২,৮৩৩ জন ভোটাৰৰ নাম সন্নিৱিষ্ট হৈছিল৷ ৩০ নৱেম্বৰ পৰ্যন্ত এই খচৰা ভোটাৰ তালিকাৰ ওপৰত ৰাজ্যজুৰি শুনানী অনুষ্ঠিত হৈছিল৷ ২০ ডিচেম্বৰৰ ভিতৰত ওজৰ আপত্তি সমূহৰ নিষ্পত্তি হৈছিল৷ আজি প্ৰকাশ পোৱা চূড়ান্ত ভোটাৰ তালিকাত ৫,২৫,৭২৯জন নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্তৰ আৱেদন পোৱা উল্লেখ আছে৷ ইয়াৰ ৫,০০৭৯১জন নতুন ভোটাৰৰ নাম চূড়ান্ত ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হয় আৰু ২৪,৯৩৮ জনৰ আৱেদন নাকচ কৰা হয়৷ নতুন ভোটাৰ তালিকাত মুঠ ৪,৭৯,১৩৩ জন ১৮-১৯ বছৰ বয়সৰ ভোটাৰৰ নাম সন্নিৱিষ্ট হোৱাৰ বিপৰীতে ৩,০১,১১০ জন ৮০ৰ উৰ্ধৰ ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে৷ মুঠ ১,৬৩,১৫১ জন শাৰীৰিকভাৱে বিশেষ সক্ষম ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত হৈছে৷ ইয়াৰে ৮৩,৩০৮জন পুৰুষ আৰু ৭৯,৮২৮ জন মহিলা৷ প্ৰকাশ পোৱা ভোটাৰ তালিকা অনুসৰি কামৰূপ মহানগৰৰ চাৰিটা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১১ লাখ ৬১ হাজাৰ ৪৬৭ জন৷ জালুকবাৰী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২ লাখ ৪ হাজাৰ ৪৮ৰজন৷ দিছপুৰ সমষ্টিত থকা মুঠ ভোটাৰৰ সংখ্যা ৪ লাখ ১৪ হাজাৰ ৮৫৬ জন, পূব গুৱাহাটী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২ লাখ ৪১ হাজাৰ ৮৫ জন, পশ্চিম গুৱাহাটী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ৩ লাখ ৰ হাজাৰ ৪৫ জন৷ চাৰিটা সমষ্টিৰ তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৪০জন৷ কামৰূপ মহানগৰৰ ৫৪৬৩ গৰাকী ভোটাৰৰ নাম কৰ্তন কৰা হৈছে ভোটাৰ তালিকাৰ পৰা৷ ইয়াৰ কিছু সংখ্যকৰ মৃত্যু হৈছে, কিছু সংখ্যকৰ নাম দুবাৰ পঞ্জীয়ন হৈ আছিল৷ ৰাজ্যিক ভিত্তিত মুঠ ১,৯২,৭৯০ জন ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে৷