Logo
image

প্ৰাথমিক শ্ৰেণী বন্ধ, নিশা ১০টাত কাৰ্ফিউ!

ক’ভিডৰ ব্যাপক সংক্ৰমণ চম্ভালিবলৈ নতুন এছঅ’পি

৫০ শতাংশ কৰ্মচাৰীহে থাকিব কাৰ্যালয়ত

আমাৰ অসম,৭জানুৱাৰীঃ চৰকাৰী-বেচৰকাৰী সকলো শিক্ষানুষ্ঠানত অষ্টম শ্ৰেণীপৰ্যন্ত পাঠদান বন্ধ, সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীৰ উপস্থিতি ৫০ শতাংশলৈ হ্ৰাস, নিশা দহ বজাৰ পৰা নৈশ সান্ধ্যআইন– এনেধৰণৰ ঘোষণা সম্বলিত এছঅ’পি হয়তো শুকুৰবাৰে প্ৰকাশ কৰিব অসম চৰকাৰে৷ অন্ততঃ এই মুহূৰ্তত অসমত যেনেধৰণৰ পৰিস্থিতি বিৰাজ কৰিছে, তালৈ চাই ওপৰত উল্লেখ কৰা ধৰণৰ ঘোষণা সম্বলিত এছঅ’পি চৰকাৰে জাৰি কৰাটো কাৰ্যতঃ নিশ্চিত হৈ পৰিছে৷ এই বাতৰি লিখা পৰলৈকে এয়া সম্ভাৱনা হৈয়েই আছে যদিও শুকুৰবাৰে এই সম্ভাৱনা বাস্তৱ হৈ পৰাৰ সম্ভাৱনাই অধিক৷   কোৱা বাহুল্য যে ৰাজ্যৰ ক’ভিড পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে৷ অস্বাভাৱিক হাৰত ৰাজ্যৰ গাঁৱে-ভূঞে বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ৷ অসমত ক’ভিডৰ অমিক্ৰন ভেৰিয়েণ্ট প্ৰৱেশ কৰাৰ পাছতেই গণ সংক্ৰমণৰ আশংকাত চিন্তিত হৈ পৰিছে স্বাস্থ্যবিভাগ৷ পৰিস্থিতি এতিয়া এনে পৰ্যায় পাইছেগৈ যে অচিৰেই দৈনিক হাজাৰৰো অধিক লোক ক’ভিডত আক্ৰান্ত হোৱাৰ আশংকা কৰিছে স্বাস্থ্য বিভাগে৷ যাৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জৰুৰীভাৱে ৰাজ্যৰ ক’ভিড পৰিস্থিতি পৰ্যালোচনা কৰে৷ এই বৈঠকত স্বাস্থ্য বিভাগৰ শীৰ্ষবিষয়াসকল উপস্থিত থাকে৷ পৰ্যালোচনা বৈঠকৰ পাছতে স্বাস্থ্য বিভাগে ক’ভিড বিধি সম্পৰ্কত কাইলৈ অৰ্থাৎ শুকুৰবাৰে ৰাজ্যত নতুন এছঅ’পি জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ আনকি মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠকত ক’ভিডৰ গণ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত শিক্ষানুষ্ঠানৰ পাঠদানক লৈ গুৰুত্বসহকাৰে আলোচনা কৰে৷ স্বাস্থ্য বিভাগৰ এটা সূত্ৰই সদৰি কৰা অনুসৰি পৰ্যালোচনা বৈঠকত বিশেষজ্ঞসকলে প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীসমূহ সাময়িকভাৱে বন্ধ ৰখাৰ মত পোষণ কৰিছে৷ অৱশ্যে মুখ্যমন্ত্ৰীয়ে লকডাউন নিদিয়াকৈ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে স্বাস্থ্য বিভাগক প্ৰয়োজনীয় ৰূপ-ৰেখা প্ৰস্তুত কৰি  কঠোৰ ক’ভিড বিধি বলৱৎ কৰাৰ আহ্বান জনায়৷ তদুপৰি বৈঠকত নিশা ১০ বজালৈ নৈশ সান্ধ্য আইনৰ সময়সীমা আগুৱাই অনাৰো পোষকতা কৰিছে৷ একেদৰে চৰকাৰী-বেচৰকাৰী কাৰ্যালয়সমূহো সংক্ৰমণৰ আশংকাত ৫০ শতাংশ কৰ্মচাৰীৰ উপস্থিতিৰে পৰিচালনাৰ দিশতো আলোচনা কৰে বৈঠকত৷ একেদৰে নতুন এছঅ’পিত ৰাজহুৱা স্থানত সমাগমৰ ক্ষেত্ৰত কঠোৰ হোৱাৰ কেতবোৰ নিৰ্দেশনা থাকিব বুলিও স্বাস্থ্য বিভাগৰ সূত্ৰটোৱে প্ৰকাশ কৰিছে৷ প্ৰাথমিক শিক্ষানুষ্ঠান বন্ধ  কৰি প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ অনলাইনত পাঠদান হোৱাৰ সম্ভাৱনা আছে৷ পৰিস্থিতিৰ অধিক অৱনতি ঘটিলে সকলো শিক্ষানুষ্ঠান বন্ধৰ বিষয়টোও স্থান লাভ কৰে আজিৰ পৰ্যালোচনা বৈঠকত৷ ইপিনে সমাগত মাঘবিহু পালনক লৈও স্বাস্থ্য বিভাগৰ বৈঠকত বিশদভাৱে আলোচনা হয়৷ নতুন এছ অ’ পিত মাঘৰ বিহুৰ মেলাকে আন আন ৰাজহুৱা সভাসমূহ আয়োজনত নিষেধাজ্ঞা থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে সূত্ৰটোৱে৷ উল্লেখ্য বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ৮৪৪জন লোক৷ বুধবাৰে ৰাজ্যৰ ক’ভিড পজিটিভিটীৰ হাৰ ১.৭২ শতাংশ আছিল যদিও বৃহস্পতিবাৰে পজিটিভিটীৰ হাৰ ২.৩৭ শতাংশলৈ বৃদ্ধি পায়৷ আনহাতে বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীতে ৩৬৯জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ অৱশ্যে আক্ৰান্তৰ হাৰ বৃদ্ধি পাইছে যদিও ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুৰ হাৰ নিয়ন্ত্ৰণত আছে৷ বিগত ২৪ ঘণ্টাত দুজন ৰোগীৰ মৃত্যু হোৱা বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে৷  ইপিনে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা ক’ভিডত আক্ৰান্ত হৈছে৷ সাংসদ ওজাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা বুলি জিএমচিএইছৰ অধীক্ষকে জানিবলৈ দিছে৷ 

ক’ভিড পৰিস্থিতি জটিল হ’ল পৌৰ নিৰ্বাচন পিছুৱাব পাৰেঃ মুখমন্ত্ৰী

আমাৰ অসমঃ ‘ক’ভিড পৰিস্থিতি জটিল হ’লে পৌৰ নিৰ্বাচন পিছুৱাবও পাৰে৷ ফেব্ৰুৱাৰীত হ’বলগা নিৰ্বাচন মাৰ্চত অনুষ্ঠিত হ’ব পাৰে৷ পৌৰ নিৰ্বাচন অৱশ্যে আমি বহুত দেৰিলৈকে পিছুৱাব নোৱাৰো৷’– এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ বৃহস্পতিবাৰে সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়– ‘এতিয়া ৰাজ্য সভাৰ নিৰ্বাচনৰ কথা অহা নাই৷ আমি মজুলীৰ বিধানসভাৰ নিৰ্বাচন পাতিব লাগে৷ মিচাকৈ ৰাজ্যসভাৰ নিৰ্বাচনৰ হাৱা কৰ পৰা আহিছে বুজা নাই৷’ লক্ষণীয় যে ৰাজ্যত ক’ভিড পৰিস্থিতি জটিল হ’লে ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন, বড়ো সাহিত্য সভাৰ অধিৱেশন আদিও অনিশ্চিত হৈ পৰিব পাৰে৷

ৰাজ্যত অমিক্ৰনৰ ভয়াৱহতা বাঢ়িছে যদিও লকডাউন নহয়ঃ মুখ্যমন্ত্ৰী

আমাৰ অসমঃ পাঁচদিনীয়া উজনি অসম ভ্ৰমণসূচী লৈ উজনিৰ জিলাকেইখনত উপস্থিত থাকি দলীয় কৰ্মকৰ্তাসকলৰ পৰা উন্নয়নমূলক কাম-কাজৰ বুজ লৈ বুধবাৰে নিশা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিগবৈ বিধায়ক সুৰেণ ফুকনৰ গৃহত উপস্থিত হয়৷ নিশা প্ৰায় ৮-৩০ বজাত ডিগবৈ বিধায়ক ফুকনৰ টিংৰাইস্থিত গৃহত ৰাতি  উপস্থিত থাকি দলীয় কৰ্মকৰ্তাসকলৰ সৈতে নিশাৰ আহাৰ গ্ৰহণ কৰে৷  ৰাজ্যত ১৫০জন লোক ক’ভিডত প্ৰতিদিনে আক্ৰান্ত হৈ আছিল বৰ্তমানে ৫৫১টালৈ এই পৰিসংখ্যা বৃদ্ধি হৈছে৷ বুধবাৰে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত এইদৰে কয় ড॰  শৰ্মাই৷ লকডাউন আমি যোৱাবাৰো কৰা নাই, লকডাউনৰ সম্ভাৱনা এইবাৰো নাই৷ ৰাজ্যত দ্বিতীয়টো ভেক্‌চিন এতিয়াও ৬০ লাখ মানুহে ল’বলৈ বাকী আছে৷ চৰকাৰে চেষ্টা কৰিছে তাতে অমিক্ৰনৰ ঢৌ অহাৰ আগতে আমি সকলোকে দ্বিতীয়টো ভেক্‌চিন দিব পাৰোঁ৷ ১৫১ পৰা ১৮ বছৰৰ বয়সৰ ভেক্‌চিন আমি অহা ২০ দিনৰ ভিতৰত শেষ কৰিব বিচাৰিছোঁ৷ অমিক্ৰন দ্ৰুতগতিত বিয়পে গতিকে আমি কিছু নিয়ম-নীতিৰ মাজত চলিব লাগিব৷ উপ-নিৰ্বাচন সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নোত্তৰত ড॰  শৰ্মাই কয়– উপ-নিৰ্বাচন হ’বই আমি দুখন আসনতে জিকিম৷ পৌৰসভা নিৰ্বাচন সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয় পৰিস্থিতিৰ ওপৰত সিদ্ধান্ত লোৱা হ’ব৷ আমি জিকিম, সকলো থিক হৈ আছে৷ আনহাতে, ডিগবৈত বন ধবংসযজ্ঞ চলিছে, ৰোধ কৰাৰ কোনো ব্যৱস্থা বন বিভাগে কৰা নাই বুলি সাংবাদিকে কোৱাত ড॰  শৰ্মাই কয় আপোনালোকে মোক জনাইছে, মই ডি এফ অ’ৰ লগত এই বিষয়ত কথা পাতিব লাগিব৷ কিবা এটা কৰিলে আপোনালোকেই ক’ব থলুৱাৰ ওপৰত অত্যাচাৰ কৰা বুলি৷ আৰক্ষীৰ আৱেষ্টনিত অহা মুখ্যমন্ত্ৰীক সংগ দিয়ে কেন্দ্ৰীয় ৰাজ্যিক পেট্ৰ’লিয়ামমন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহন, শদিয়াৰ বিধায়ক বলীন চেতিয়া, তিনিচুকীয়াৰ বিধায়ক তথা শ্ৰমমন্ত্ৰী সঞ্জয় কিষান, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা, ডিব্ৰুগড়ৰ প্ৰশান্ত ফুকন, ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা, দুলিয়াজানৰ তেৰছ গোৱালা, টিংখঙৰ বিধায়ক তথা অসম শক্তি বিতৰণ বিভাগৰ মন্ত্ৰী বিমল বৰাই৷

বৰপেটাত পুনৰ ১৩জন আক্ৰান্ত

আমাৰ অসমঃ কৰ’না ভাইৰাছৰ ক্ৰমবৰ্ধমান সংক্ৰমণৰ লগতে অমিক্ৰনৰ আতংকই ৰাজ্যবাসীক শংকিত কৰি ৰখাৰ সময়তে বিগত কিছুদিনৰ পাছত আজি বৰপেটা জিলাত নতুনকৈ ১৩ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগৰ সূত্ৰে জানিব পৰা গৈছে৷ আজিৰ ১৩জন লোক আক্ৰান্ত হোৱাৰ লগে লগে বৰপেটা জিলাত ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৫৫ জনলৈ বৃদ্ধি হোৱাৰ তথ্য সদৰি কৰিছে জিলা স্বাস্থ্য বিভাগে৷ ইয়াৰ মাজতে জিলাখনত ক’ভিড-১৯ আক্ৰান্ত হৈ এজন লোক মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ অৱশ্যে, আজিৰ দিনটোতে ক’ভিড-১৯ত আক্ৰান্ত আন ৫ জন লোক সুস্থ হৈ ঘৰলৈ উভতি গৈছে৷ মন কৰিবলগীয়া কথা যে, বিগত বৰ্ষৰ পৰা জিলাখনত দৈনিক দুই-চাৰিজন লোক ক’ভিড-১৯ ত আক্ৰান্ত হৈ থকাৰ বিপৰীতে অৱশ্যে মাত্ৰ দুটা দিনত কোনো লোক ক’ভিড-১৯ ত আক্ৰান্ত হোৱা নাছিল৷  তথাপি বিভিন্ন স্থানত একাংশ লোকে মাস্ক পৰিধান নকৰাকৈ ঘূৰি ফুৰা পৰিলক্ষিত হৈছে৷  উল্লেখ্য, কৰ’নাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ নিৰ্দেশনা অনুসৰি, বৰপেটা জিলা প্ৰশাসনে সৰ্বস্তৰৰ ৰাইজক মাস্ক পৰিধান কৰিবলৈ আহ৩ান জনাইছে৷ আনকি মাস্ক পৰিধান নকৰা লোকক ১০০০ টকাপৰ্যন্ত জৰিমনা বিহা হ’ব বুলিও কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ পাছতো একাংশ লোকে মাস্ক পৰিধান নকৰাকৈ টিঘিলঘিলাই ঘূৰি ফুৰা পৰিলক্ষিত হৈছে৷

তিতাবৰৰ নবোদয় বিদ্যালয়কে কন্টেইনমেণ্ট জ’ন ঘোষণা

আমাৰ অসমঃ তিতাবৰত অৱস্থিত যোৰহাট জৱাহৰ নবোদয় বিদ্যালয় আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে যোৰহাট জিলা প্ৰশাসনে৷ আজি যোৰহাট জিলাৰ উপায়ুক্তই এক লিখিত নিৰ্দেশযোগে এই ঘোষণা কৰিছে৷ উল্লেখ্য যে, বিদ্যালয়খনৰ ১৬জন আৱাসীক শিক্ষাৰ্থী আৰু ৩জন কৰ্মচাৰীসহ মুঠ ১৯ জন ভয়াৱহ ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ তথ্য ২৯ ডিচেম্বৰত স্বাস্থ্য বিভাগৰ হাতত উপলব্ধ হৈছিল৷ বিগত সপ্তাহত ক’ভিড-১৯ৰ অৱস্থিতি ধৰা পৰা শিক্ষাৰ্থীকেইজনক ইতিপূৰ্বে বিদ্যালয় প্ৰশাসনে হোম আইছ’লেশ্বন কৰাইছে৷ ২৯ ডিচেম্বৰত বিদ্যালয়খনত স্বাস্থ্য বিভাগে সৰ্বমুঠ ২৪৬জন লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰিছিল৷ বিদ্যালয়খনত স্বাস্থ্য বিভাগে কৰা স্বাস্থ্য পৰীক্ষাৰ অন্তত উক্তদিনা  ৯ জন শিক্ষাৰ্থী আৰু ৩জন কৰ্মচাৰীকে ধৰি ১২জনৰ দেহত ক’ভিড পজিটিভৰ লক্ষণ ধৰা পৰে৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে মুঠ ৭জন শিক্ষাৰ্থী ক’ভিডত আক্ৰান্ত হৈছিল৷ এই ঘটনাৰ পাছতেই সমগ্ৰ বিষয়টোত সংশ্লিষ্ট উৰ্ধতন কতৃৰ্পক্ষৰ জৰুৰী হস্তক্ষেপৰো দাবী উঠিছিল৷ ইপিনে আজি যোৰহাট জিলা উপায়ুক্তৰ নং জে পি১৬/২০২০/ কন্টেইনমেণ্ট জ’ন/ ২২০ নিৰ্দেশযোগে তিতাবৰস্থ যোৰহাট জৱাহৰ নবোদয় বিদ্যালয়ক কন্টেইনমেণ্ট জ’ন ঘোষণা কৰি পুনৰ জাননী নিদিয়াপৰ্যন্ত উক্ত স্থানত কোনো লোক, যান-বাহন ওলোৱা-সোমোৱা বন্ধ ঘোষণা কৰে৷