Logo
image

জনজাতিকৰণ নহ’লে ৰক্তপাত এইবাৰ ভাবুকি ৬ জনগোষ্ঠীৰ

আমাৰ অসম,৭জানুৱাৰীঃ ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিলে অসম ৰক্তাক্ত হ’ব বুলি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক উভটি ধৰিলে ছয় জনগোষ্ঠীয় ঐক্যমঞ্চই৷ বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদ মেলৰ আয়োজন কৰি জনগোষ্ঠীয় ঐক্যমঞ্চৰ নেতা তথা আটছাৰ সভাপতি ধীৰাজ গোৱালা, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণ, সাধাৰণ সম্পাদক মুনীন দুৱৰা, মটক যুৱ-ছাত্ৰ সন্মিলনৰ সভাপতি ৰঞ্জিত গোহাঁই, কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি পুৰেন ৰায়, চুতীয়া যুৱ সন্মিলনৰ সম্পাদক নৃপেন খনিকৰ, চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা, টাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁই, মনোজ গগৈ, মটক যুৱ-ছাত্ৰ সন্মিলনৰ মুখ্য উপদেষ্টা ধৰণী গোহাঁই, সাধাৰণ সম্পাদক স্বৰূপ গোহাঁই, চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰাজু চুতীয়া, কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ প্ৰণৱজ্যোতি ৰাজবংশী, টাইপাৰ সভাপতি দিলীপ গগৈৰ লগতে কেউটা সংগঠনৰ কেন্দ্ৰীয় নেতৃত্বই হুংকাৰ দিয়ে– এমাহৰ ভিতৰত ৰাজ্য চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন ৰাজহুৱা নকৰিলে অসম ৰক্তাক্ত হ’ব৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কোনো কম্প্ৰমাইজ নহ’ব৷ ন’ ট্ৰাইবেল, ন’ ৰেষ্ট৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত চলিত মাহতে ট্ৰাইবেল সংঘৰ সৈতেও ঐক্যমঞ্চৰ সৌহাদ্যমূলক বৈঠক অনুষ্ঠিত হ’ব৷’ সংবাদ মেলত আটছাৰ সভাপতি ধীৰাজ গোৱালাই কয়– চ্ছ জানুৱাৰীত গুৱাহাটীৰ চচলত জনজাতিকৰণৰ দাবীত ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ছয় জনগোষ্ঠীৰ অন্তৰ্গত যিকোনো এটা জনগোষ্ঠীকো যদি আগতীয়াকৈ চৰকাৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰে তেন্তে জনগোষ্ঠীয় ঐক্য মঞ্চই আদৰণি জনাব, সমান্তৰালভাৱে ছয় জনগোষ্ঠীৰ অন্তিমটো জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা নোপোৱা পৰ্যন্ত ঐক্যৱদ্ধভাৱে সংগ্ৰাম অব্যহত ৰখাৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷ আনহাতে, অহা ফেব্ৰুৱাৰী মাহৰ পৰা প্ৰতিখন জিলা, মহানগৰত জনজাতিকৰণৰ দাবীত ধাৰাবাহিকভাৱে আন্দোলন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷ ইয়াৰ লগতে প্ৰতিখন জিলাত ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ জিলা সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি সংবাদ মেলত সদৰী কৰে৷ গোৱালাই কয় ছয় জনগোষ্ঠী বিষয়টোক লৈ চূড়ান্ত ৰাজনীতি কৰি আহিছে৷ নিৰ্বাচনৰ সময়ত যিবোৰ প্ৰতিশ্ৰুতি দিয়ে নিৰ্বাচনৰ পাছত সেইবোৰ পাহৰি যায়৷ মুখ্যমন্ত্ৰীয়ে যি ঘোষণা কৰিছে তাৰ আমি বিৰোধিতা কৰিছোঁ৷ ছয় জনগোষ্ঠীৰ মাজত ভাঙোন অনাৰ বাবে তেওঁ চেষ্টা কৰিছে৷ জনজাতিকৰণ নোহোৱা পৰ্যন্ত ঐক্যবদ্ধভাৱে আন্দোলন চলি থাকিব৷ চৰকাৰৰ যদি জনজাতিকৰণত মন নাই আমাক স্পষ্টকৈ জনাব লাগে৷ আমাক শান্তি আলোচনাৰ বাবে মাতি নি শেষত সিদ্ধান্ত নহয়৷ বিজেপি চৰকাৰ মিছলীয়া৷ মুখ্যমন্ত্ৰীয়ে যি ৰক্তাক্তৰ কথা কৈছে, যদিহে জনজাতিকৰণ নহয় তেন্তে ৰক্তাক্ত হ’ব৷ মুখ্যমন্ত্ৰীয়ে ৰক্তাক্ত, ভাঙোনমুখী কৰাৰ কথা কোৱাটো আমি নিবিচাৰো৷ মুখ্যমন্ত্ৰীয়ে যি অসাংবিধানিক কথা কৈছে এয়া গৰিহণাৰ যোগ্য৷ জনজাতিৰ মৰ্যাদা নোপোৱালৈকে গণতান্ত্ৰিক আন্দোলন চলি থাকিব বুলি নেতাজনে সংবাদ মেলত সদৰী কৰে৷

বঙাইগাঁৱত কোচ-ৰাজবংশীৰ অৱস্থান ধৰ্মঘট

আমাৰ অসম ঃ কোচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ কৰা আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত আজি বঙাইগাঁৱত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে কোচ-ৰাজবংশী জাতীয় পৰিষদে৷ বঙাইগাঁও পাগলাস্থানত দিনৰ ১১ বজাৰ পৰা তিনিঘণ্টীয়া এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ ইপিনে এক প্ৰেছ বিবৃতিযোগে সংগঠনটোৰ সভাপতি বিমল কুমাৰ বৰ্মন আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে সমালোচনা কৰি কয় যে বিজেপি নেতৃত্বাধীন মুখ্যমন্ত্ৰী ড॰  হিমন্ত বিশ্ব শৰ্মাই নতুন বৰ্ষৰ প্ৰথমটো দিনতে সংবাদ মাধ্যমক সম্বোধন কৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে জনজাতিসকলৰ বিৰোধিতাৰে অসম ৰক্তাক্ত হ’ব বুলি দোহাৰি প্ৰকাৰণতে অসম চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীটোক নস্যাৎ কৰাৰ গভীৰ ষড়যন্ত্ৰ ৰচা হৈছে৷ বিবৃতিটোত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কোৱা হয় যে বিগত কালচোৱাত এতিয়াৰ মুখ্যমন্ত্ৰী ড॰   হিমন্ত বিশ্ব শৰ্মা তথা তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ শিক্ষা, বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী তথা ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বাবে গঠিত মন্ত্ৰী মন্ত্ৰীগোটৰ অধ্যক্ষ হিচাপে জনজাতিকৰণৰ বিষয়টো সন্দৰ্ভত সকলো জনগোষ্ঠীয় সংগঠনৰ লগত আলোচনা কৰি জনজাতিকৰণৰ বিষয়টোৰ এক সৰ্বসন্মত ঐক্যমত উদ্ভাৱন কৰি বিষয়টো সন্দৰ্ভত অতি সোনকালে কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিল কৰিম বুলি দৃঢ়তাৰে প্ৰতিশ্ৰুতি দিয়াৰ পাছত এতিয়া আকৌ নতুন বৰ্ষৰ প্ৰথমটো দিনতে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে অসম ৰক্তাক্ত হ’ব বুলি প্ৰকাশ কৰি জনজাতিকৰণৰ বিষয়টোক উলাই কৰাটো কোচ ৰাজবংশী জনগোষ্ঠীটোৰ বাবে চৰম দুৰ্ভাগ্যজনক৷ জাতীয় পৰিষদৰ নেতা দুজনে বছৰটোৰ আৰম্ভণিৰ দিনটোতে মুখ্যমন্ত্ৰীৰ পৰা এনে বক্তব্য আশা কৰা নাছিল বুলি প্ৰকাশ কৰি কয় যে কোচ ৰাজবংশী সংগঠনৰে ২০২১ চনৰ ১৫ অক্টোবৰ তাৰিখে খানাপাৰাস্থ অসম প্ৰশাসনিক মহাবিদ্যালয়ত কোচ ৰাজবংশী জাতীয় সংগঠনৰে হোৱা আনুষ্ঠানিক বৈঠকত অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলক ভৈয়াম জনজাতি আৰু অসমৰ অন্যান্য জিলাৰ কোচ ৰাজবংশীসকলক নতুন বা অন্যান্য [এন] স্বীকৃতি দিয়াৰ বাবে মন্ত্ৰী মণ্ডলীয়ে সিদ্ধান্ত লৈ কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দিয়া হ’ব বুলি ড॰  হিমন্ত বিশ্ব শৰ্মাই জনজাতিকৰণৰ বিষয়টো সমাধানৰ কথা কৈছিল৷ আনহাতে, মুখ্যমন্ত্ৰীয়ে অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীক ভৈয়াম জনজাতি আৰু জনজাতি [এন] দিয়াৰ ক্ষেত্ৰত ট্ৰাইবেল সংঘও একমত বুলি তদানীন্তন মন্ত্ৰীগোটৰ অধ্যক্ষই আমাক অৱগত কৰিছিল৷ কোচ ৰাজবংশী জাতীয় পৰিষদৰ নেতাদ্বয়ে বিবৃতিটোত লগতে কয় যে কোচ ৰাজবংশী জনগোষ্ঠীৰ সংগঠনে বাগ্‌সা আৰু ওদালগুৰি জিলাৰ কোচ ৰাজবংশীসকলোকো অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলৰ দৰে ভৈয়াম জনজাতি হিচাবে অন্তৰ্ভুক্ত কৰিবলৈ মন্ত্ৰী মণ্ডলীক অনুৰোধ জনাই যৌথভাৱে স্মাৰক-পত্ৰ প্ৰদান কৰা হৈছিল৷ তেনেস্থলত এতিয়া কি যুক্তিত অসমৰ কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে জনজাতি সংগঠনসমূহে ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি খোদ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিলে এয়া নি(য় অতি দুৰ্ভাগ্যজনক৷ বিবৃতিটোত জনোৱা মতে, ১৯৯৬ চনত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ প্ৰচেষ্টাত তদানীন্তন ভাৰতৰ ৰাষ্ট্ৰপতি ড॰  শংকৰ দয়াল শৰ্মাই এক অধ্যাদেশৰ জৰিয়তে অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰা কালত কোনো জনজাতি সংগঠনে অসম ৰক্তাক্ত কৰা নাছিল৷ বৰং জনজাতি সংগঠনসমূহে আদৰণি জনাই ভৈয়াম জনজাতিৰ বাবে বৰ্তমানে থকা দহ শতাংশ সংৰক্ষিত আসন বৰ্ধিত কৰিবলৈ চৰকাৰক পৰামৰ্শ দিছিল৷ আনহাতে, অনুসূচিত জনজাতিকৰণ বাবে ১৯৯৭ চনত তদানীন্তন সাংসদ ড॰  অমৰ ৰায় প্ৰধানৰ নেতৃত্বত গঠিত ১৬ জনীয়া সংসদীয় বাছনি কমিটীয়েও অসম ভ্ৰমণ কৰি অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলক জনজাতিৰ তালিকাভুক্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক লিখিতভাৱে প্ৰতিবেদন দাখিল কৰিছিল৷ আনকি তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী চৰকাৰে ২০০২ চনৰ ১৮ ডিচেম্বৰত লোকসভাৰ মজিয়াত কোচ ৰাজবংশীসকলক জনজাতিকৰণ বাবে প্ৰয়োজনীয় সকলো অনুমোদন সম্পূৰ্ণ হোৱা বুলি ঘোষণা কৰিছিল৷ নেতাদ্বয়ে আৰু কয় য়ে অসমৰ জনজাতি সংগঠনসমূহেও জ্ঞাত যে কোচ ৰাজবংশী জনগোষ্ঠীৰ এয়া সাংবিধানিক তথা জন্মগত অধিকাৰ৷ আনকি ২০০৬ চনত বিশ্বজিৎ ৰায় নেতৃত্বাধীন আক্ৰাছু আৰু এবচুৰে কোকৰাঝাৰ এবচুৰ মুখ্য কাৰ্যালয়ত হোৱা আলোচনাত বৰ্তমানৰ জনজাতিসকলৰ অধিকাৰ খৰ্ব নকৰাকৈ কোচ ৰাজবংশীক জনজাতিকৰণ কৰিলে কোনো আপত্তি নাই বুলি লিখিতভাৱে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল৷ এটা জনগোষ্ঠীক ৰাষ্ট্ৰপতিয়ে অধ্যাদেশৰ জৰিয়তে এবাৰ জনজাতিৰ মৰ্যাদা দিয়াৰ এবছৰ পাছতে সেই মৰ্যাদাৰ পৰা বঞ্চিত হ’ব লগা হোৱাতো ভাৰতৰ ৰাজনৈতিক ইতিহাসত বিৰল৷ বিবৃতিটোত আৰু কোৱা হয় যে কোচ ৰাজবংশীসকলে কেন্দ্ৰ আৰু অসম চৰকাৰৰ ওচৰতহে জনজাতিকৰণ দাবী কৰিছে৷ কোনো জনগোষ্ঠী বা জনজাতি সংগঠনৰ ওচৰত দাবী কৰা নাই৷ জনজাতিকৰণ বিষয়টো জনজাতি সংগঠন বা বৰ্তমানৰ জনজাতিসকলৰ পৈতৃক সম্পত্তি নহয়৷ যি জনগোষ্ঠীৰ জনজাতিৰ বৈশিষ্ট্যসমূহ বিদ্যমান তেনে জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰাটো চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য৷ কোচ ৰাজবংশীসকলে কেন্দ্ৰ আৰু অসম চৰকাৰৰ ওচৰত যুক্তিসহকাৰে জনজাতিকৰণ বিচাৰিছে৷ কোনো জনজাতিৰ ওচৰত ভিক্ষাৰ জোলোঙা লৈ জনজাতিকৰণ বিচৰা নাই৷  চৰকাৰে কোনো জনজাতি সংগঠনৰ ওচৰত ভয়-ভাবুকিত শিৰণত হৈ কোনো জনগোষ্ঠীক নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰাটো গণতান্ত্ৰিক দেশ এখনৰ সংবিধানৰ পৰিপন্থী বুলি নেতাদ্বয়ে কয়৷ নেতাদ্বয়ে বিবৃতিটোত চৰকাৰক কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সন্দৰ্ভত দুমুখীয়া নীতি পৰিহাৰ কৰি আলাপ-আলোচনাৰ মাধ্যমেৰে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰা হ’ব নে নহ’ব এক কথাত পোনপটীয়াকৈ জবাব দিবলৈ মুখ্যমন্ত্ৰীক আহ৩ান জনায়৷ নেতাদ্বয়ে লগতে জনায় যে কোচ ৰাজবংশীসকলে কাৰোৰে সৈতে সংঘাত আৰু বাক-বিতণ্ডা নিবিচাৰে৷ কোচ ৰাজবংশীসকল ঐতিহাসিকভাৱে এটা যুঁজাৰু জাতি৷ কোনেও ভয়-ভাবুকিৰে বশ কৰাটো সম্ভৱ নহয়৷ এটা সহনশীল সহজ-সৰল আৰু শান্তিপ্ৰিয় কোচ ৰাজবংশী জনগোষ্ঠীয়ে সুদীৰ্ঘ পঞ্চাচ বছৰৰো অধিক কাল নিজৰ প্ৰাপ্য আদায়ৰ সংগ্ৰামত অহৰহ লাগি আছে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থা আৰু সংবিধানৰ প্ৰতি গভীৰ আস্থা তথা বিশ্বাস ৰাখি৷ কোচ ৰাজবংশী জনগোষ্ঠীক তৎকালে জনজাতিকৰণৰ দাবীত আৰু কমতাপুৰ ৰাজ্য গঠনৰ দাবী আজি বঙাইগাঁও চহৰত ন’ এছ টি, ন’ ৰেষ্ট, ন’ কমতাপুৰ, ন’ ৰেষ্ট, উই ৱাণ্ট জাষ্টিছ,  আমাৰ দাবী ন্যায্য দাবী, জনজাতি সংঘ হুঁচিয়াৰ, বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী হায় হায় আদি ধবনিৰে তিনি ঘণ্টীয়া ধৰ্মঘট পালন কৰি বঙাইগাঁও জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী, ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰীক সুকীয়া সুকীয়াকৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে৷ আজিৰ কাৰ্যসূচীত শালবাৰী, উত্তৰ শালমাৰা, বিলাসীপাৰা, বিজনী, চিৰাং, বঙাইগাঁও জিলা কোচ ৰাজবংশী জিলা সমিতি, বিটিআৰ কোচ ৰাজবংশী সন্মিলনী আৰু কমতাপুৰ পিপুলচ পাৰ্টিৰ নেতৃবৃন্দ উপস্থিত থাকে৷ আজিৰ কাৰ্যসূচীৰ পাছতো যদি কেন্দ্ৰ আৰু অসম চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো আৰু কমতাপুৰ ৰাজ্যৰ দাবীটো সমাধান নকৰে তেতিয়াহ’লে কোচ ৰাজবংশী জাতীয় পৰিষদে তীব্ৰ গণতান্ত্ৰিক গণ আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সকীয়াই দিয়ে৷