Logo
image

পিতাহি পৰমং তপ... কৰ্মচাৰী গ’ল ঘৰাঘৰি

আমাৰ অসম, ৭ জানুৱাৰীঃ ‘পিতাহি পৰমং তপ’... মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মান্য কৰি নিজ পিতৃ মাতৃ, শাহু- শহুৰক সেৱা শুশ্ৰূ¸ষা কৰিবৰ বাবে ঘৰাঘৰি গ’ল ৰাজ্যিক কৰ্মচাৰী৷ বৃহস্পতি, শুকুৰ, শনি, দেও–ৰাজ্য চৰকাৰৰ দুদিনীয়া কেজুৱেল লীভ আৰু সংলগ্ন দুটা চৰকাৰী বন্ধ পিতৃ-মাতৃ, শাহু-শহুৰক সেৱাৰ বাবে ঢাপলি মেলিলে ৰাজ্যিক কৰ্মচাৰীয়ে৷ চৰকাৰী কামৰ ব্যস্ততাৰ একেৰাহে চাৰি দিনীয়া আহৰি পায় পিতৃ-মাতৃ, শাহু-শহুৰৰ সৈতে বেগত কাপোৰ ভৰাই ফুৰিবলৈ গ’ল একাংশ চৰকাৰী কৰ্মচাৰী৷ ‘পুত্ৰৰ সৈতে কোনোবা ওলাইছে তীৰ্থ ভ্ৰমণলৈ৷ কাৰণ এই সময় আপোনজনৰ বাবে৷ কাৰোবাৰ ঘৰত আকৌ প্ৰস্তুতি চলিছে হাঁহৰ মাংস,    কচুৰ জোল বনোৱাৰ প্ৰস্তুতি৷ কাৰোবাৰ ঘৰত চলিছে হাঁহে-মাহে এসাজ খোৱাৰ প্ৰস্তুতি৷ দুপৰীয়া এসাজ খোৱাৰ প্ৰস্তুতি৷ দুপৰীয়া এসাজ খাবলৈ পিছবেলা সকলোৱে একেলগে  ফুৰিবলৈ খোৱাৰ প্ৰস্তুতি৷’ –এয়া বৃহস্পতিবাৰে ৰাজ্যত শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰত্যক্ষ হোৱা সহজাত দৃশ্য৷ নিজ সন্তানক কাষতে পাই মুখ্যমন্ত্ৰীক ভুৰি ভুৰি ধন্যবাদ, আৰ্শীবাদ দিলে একাংশ পিতৃ-মাতৃয়ে ছেলফি উঠাত ব্যস্ত হৈ পৰিল অনেকজন চৰকাৰী কৰ্মচাৰী৷ বন্ধ পাই মিতিৰৰ ঘৰলৈ কোন কেনেকৈ যাব, তাৰ কথা ভাবি আজি থৌকি বাথৌ হ’ল বিভিন্নজনৰ মন৷ ইফালে চৰকাৰী কৰ্মচাৰী এনেদৰে ছুটি যোৱাত চৰকাৰৰ অসুবিধা হ’লেও সেই অসুবিধা গ্ৰহণৰ বাবে সাজু ৰাজ্য চৰকাৰ–এই কথা ক’লে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীৰ মন্তব্য–পিতৃ-মাতৃৰ কাৰণে চাৰিদিন অসুবিধা হ’লেও হওক৷ ল’ৰা-ছোৱালী দেউতাক-মাকৰ লগত থাকিবলৈ যোৱাৰ বাবে চৰকাৰ প্ৰশাসনৰ যি অসুবিধা হয়, হওক সেইখিনি, আমি সহ্য কৰি ল’ম৷ আজি ছুটি লাভ নকৰা স্বাস্থ্য, পুলিচ, ফায়াৰ আৰু বিদ্যুৎ বিভাগৰ চৰকাৰী কৰ্মচাৰীসকলে অহা চাৰি মাহত ২৫শতাংশকৈ এই ছুটি ভগাই ল’ব পাৰিব৷’ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ নিৰ্দেশত আজি বহু সংখ্যক কৰ্মচাৰীয়ে নিজ পিতৃ-মাতৃৰ সৈতে কটাবৰ বাবে বিশেষ দুদিনীয়া কেজুৱেল লীভৰ সুবিধা ল’লে যদিও আন একাংশ কৰ্মচাৰীয়ে এই সুযোগ গ্ৰহণ নকৰিলে৷ তেওঁলোকৰ মতে পিতৃ-মাতৃক সেৱা কৰিবৰ কাৰণে বিশেষ কেজুৱেল লীভৰ প্ৰয়োজন নাই৷ পিতৃ-মাতৃৰ তেওঁলোকৰ লগত সদায় থাকে৷ বৃহস্পতিবাৰে দিছপুৰৰ জনতা ভৱন আৰু বিভিন্ন সঞ্চালয়কালয়সমূহত উপস্থিত থাকিল যথেষ্টসংখ্যক কৰ্মচাৰী৷ শিক্ষানুষ্ঠানটো নিয়মীয়াকৈ উপস্থিত থাকিল শিক্ষক-কৰ্মচাৰী৷ উল্লেখ্য, যিসকল কৰ্মচাৰীয়ে এই বিশেষ কেজুৱেল লীভ গ্ৰহণ কৰিলে তেওঁলোকে পিতৃ-মাতৃৰ সৈতে কটোৱাৰ পৰ্যাপ্ত ফটো মাতৃ-পিতৃ বন্দনা চৰকাৰী পৰ্টেলত আপলোড কৰিব লাগিব৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মান্য কৰি কেৱল চৰকাৰী বিষয়া কৰ্মচাৰীয়েই নহয় একাংশ মন্ত্ৰীয়ো গ’ল নিজ পিতৃ-মাতৃৰ সেৱাৰ বাবে৷ ৰাজ্যৰ পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাসক বৃহস্পতিবাৰে দেখা গ’ল নিজ মাতৃৰ সৈতে সময় কটোৱাত৷ চৰকাৰী কাৰ্যসূচীৰ পৰা খন্তেক সময় উলিয়াই মন্ত্ৰী দাস ব্যস্ত হ’ল মাতৃ সেৱাত৷ 

মাতৃৰ সৈতে এদিন কটাই শহুৰৰ ঘৰ অভিমুখে মন্ত্ৰী ৰঞ্জিত

আমাৰ অসমঃ পিতৃ-মাতৃৰ আশীৰ্বাদ অবিহনে মানৱ জীৱন কেতিয়াও সফল নহয়, ই কেতিয়াও পূৰ্ণতা পাব নোৱাৰে৷ আমাৰ জীৱনৰ ব্যস্ত সময়খিনিৰ মাজতে গোটেই জীৱনটো নিজৰ সন্তানৰ বাবেই উছৰ্গা কৰা পিতৃ-মাতৃৰ লগতো কিছু স্মৰণীয় মুহূৰ্ত পাৰ কৰাৰ বাবে নতুন বৰ্ষত অসম চৰকাৰে গ্ৰহণ কৰিছে প্ৰমূল্যবোধৰ এক ন পদক্ষেপ৷ দ্বিতীয় শনিবাৰ আৰু দেওবৰীয়া বন্ধৰ লগত মিলাই আজি আৰু কাইলৈ ৰাজ্যিক কৰ্মচাৰীকে ধৰি মন্ত্ৰী-বিধায়কসকলে মাতৃ-পিতৃ, শাহু-শহুৰৰ সৈতে সময় কটোৱাৰ অৰ্থে লাভ কৰিব দুদিনীয়া বিশেষ নৈমিত্তিক ছুটী আৰু এই উদ্দেশ্যেৰে আজি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বৰপেটা ৰোডৰ নিজ বাসগৃহত এদিনৰ তেওঁৰ বৰপেটাৰোডস্থিত বাসগৃহ অৰবিন্দ কপ্লেক্সত উপস্থিত হৈ মাতৃৰ সৈতে সময় কটায়৷ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মন্ত্ৰী হোৱাৰ পাছত আজি দ্বিতীয়টো দিন বহুদিনৰ পাছত নিজ বাসগৃহত আহি মাতৃৰ সৈতে খাব এসাজ৷ মাতৃৰ সৈতে ঘৰত কটালে মন্ত্ৰীজনে তেওঁ মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক ধন্যবাদ জনায় লগতে অহাবাৰ বিহুৰ সময়ত এই পদক্ষেপ ল’বলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাব বুলিও কয়৷ আনহাতে, মাতৃ হীৰা দাসে পুত্ৰক আঠ মাহৰ পাছত একেলগে লগ পাই অত্যন্ত সুখী৷ মাতৃয়ে জনায়, দেশৰ কাম প্ৰথম পাছত অন্য কাম, লগতে এনেধৰণৰ ভাল চিন্তা ভাল পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনায় ৰঞ্জিত দাসৰ মাতৃ হীৰা দাসে৷ তেওঁ জনায় আজি নিজেই ৰন্ধা-বঢ়া কৰি খুৱাব মন্ত্ৰী পুত্ৰক৷ আনহাতে, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে জনায় যে– আজি দিনটো মাতৃৰ সৈতে কটাই কাইলৈ যাব শহুৰৰ ঘৰলৈ৷