Logo
image

বিবিচি এছিয়াৰ প্ৰধান হ’ল শিৱসাগৰৰ শচীন

আমাৰ অসম,৭জানুৱাৰীঃ পৃথিৱীৰ সবাতোকৈ জনপ্ৰিয় সংবাদ সংস্থা ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্প’ৰেশ্যন চমুকৈ বিবিচিৰ এছিয়া মহাদেশৰ সম্পাদকীয়প্ৰধানৰূপে কাৰ্যনিৰ্বাহ কৰি আছে এজন অসমীয়াই৷ তেওঁৰ নাম শচীন গগৈ৷ শিৱসাগৰত জন্মগ্ৰহণ কৰা শচীন গগৈয়ে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰি পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় সংবাদ সংস্থাৰ মহাদেশীয় মুৰব্বীৰূপে  কাৰ্যনিৰ্বাহ কৰা কাৰ্যই এই কথা পুনৰবাৰ প্ৰতীয়মান কৰিলে যে সফলতাৰ ক্ষেত্ৰত শিক্ষাৰ মাধ্যম কেতিয়াও অন্তৰায় হ’ব নোৱাৰে৷ যিজনৰ মাতৃভাষাৰ জ্ঞান থাকে তেওঁ কেৱল ইংৰাজীয়েই নহয়, পৃথিৱীৰ যিকোনো ভাষাই তুলনামূলকভাৱে সহজতে শিকিব পাৰে৷ এই কথা পুনৰ প্ৰমাণ হ’ল শচীন গগৈৰ ক্ষেত্ৰত৷ বিবিচিত যোগদান কৰাৰ পূৰ্বে প্ৰায় ১৩ বছৰ মাৰ্কিন দূতাৱাসত ভাৰতৰ মুখ্য সংবাদ বিশেষজ্ঞৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বত আছিল শচীন গগৈ৷ ২০১৯ চনত মাৰ্কিন দূতাৱাসৰ চাকৰিৰ পৰা স্বেচ্ছাই অব্যাহতি লৈ শচীন গগৈয়ে যোগ দিয়ে বিবিচিত৷ প্ৰায় আঢ়ৈ বছৰ পূৰ্বে শিৱসাগৰৰ শচীন গগৈ বিবিচিৰ গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হোৱাৰ সূত্ৰেই অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বহু জ্বলন্ত সমস্যা আৰু ঘটনাই বিবিচিৰ বাতৰিৰ তালিকাত স্থান পাইছে৷ আনকি আন্তঃৰাষ্ট˜ীয় বাতৰিৰ শিতানতো অন্তৰ্ভুক্ত হৈছে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বহু ঘটনা-পৰিঘটনা৷ ভাৰতবৰ্ষৰ আন ঠাইতকৈ অসমত ‘কা’ৰ বিৰুদ্ধে চলা আন্দোলন যে বহুখিনি পৃথক আৰু অনন্য আছিল, সেই প্ৰসংগয়ো শচীন গগৈৰ বাবেই স্থান পাইছিল বিবিচিৰ গুৰুত্বপূৰ্ণ বাতৰিৰ তালিকাত৷ বাঘজানৰ তৈলখাদৰ ভয়ংকৰ অগ্নিকাণ্ড, অসমৰ বান আৰু খহনীয়া সমস্যা, অসমৰ বিদেশী সমস্যা, ৰাষ্ট˜ীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰসংগ, নিবনুৱা সমস্যা আৰু বিদ্ৰোহী সমস্যা সন্দৰ্ভতো বিবিচিত অধিক গুৰুত্বসহকাৰে আৰু বিস্তৃত ৰূপত বাতৰি পৰিৱেশন পাবলৈ ধৰিলে– শচীন গগৈৰ যোগদানৰ পাছত৷ লিভাৰপুল বিশ্ববিদ্যালয়, এমিটী বিশ্ববিদ্যালয়, চণ্ডীগড় গ্ৰুপ অৱ কলেজেছ, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি পৃথিৱীৰ বিভিন্ন ঠাইৰ শিক্ষানুষ্ঠানত গুৰুত্বপূৰ্ণ বিষয়ত, বিশেষকৈ গণসংযোগ আৰু আন্তৰ্জাতিক পৰিক্ৰমা বিষয়ক বক্তৃতা প্ৰদান কৰিছে শচীন গগৈয়ে৷ এসময়ত প্ৰতিষ্ঠিত সংবাদ সংস্থা ইউএনআইৰ মেঘালয়ৰ ৰাজ্যিক সংবাদদাতা, ইণ্ডো-এছিয়ান নিউজ ছাৰ্ভিচত ৰিপ’ৰ্টাৰ আৰু উপ-সম্পাদক, পিটিআইত ট্ৰেইনী জাৰ্নেলিষ্টৰূপেও কৰ্মৰত আছিল শচীন গগৈ৷ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতা আৰু গণসংযোগ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা শচীন গগৈয়ে কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল৷ কলকাতাৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টতো [আইআইএম] অধ্যয়ন কৰিছিল শচীন গগৈয়ে৷ অসম আৰু অসমীয়াৰ প্ৰতি বিশেষভাৱে দায়বদ্ধতা প্ৰদৰ্শন কৰা শচীন গগৈয়ে সম্প্ৰতি ইংৰাজী ভাষাত এখন উপন্যাস লিখাৰ কামত ব্যস্ত হৈ আছে৷ এই নাতিদীৰ্ঘ উপন্যাসখনৰ প্ৰধান বিষয় অসম আৰু অসমীয়াৰ গৌৰৱোজ্জ্বল ইতিহাস৷ উপন্যাসখন প্ৰকাশ পালে বিশ্ব দৰবাৰত অসম আৰু অসমীয়াই এক সুকীয়া পৰিচয় পাবলৈ সক্ষম হ’ব বুলি সকলো আশাবাদী৷