Logo
image

মডেলৰ ৰূপত ৰেম্পত লাভলীনা

আমাৰ অসম, ৯জানুৱাৰীঃ বক্সিং ৰিঙত নহয়, এইবাৰ মডেলৰ ৰূপত ৰেম্পত কেট্‌ৱাক কৰি চমক সৃষ্টি কৰিলে ৰিঙৰ ৰাণী লাভলীনা বৰগোহাঁয়ে৷ অলিম্পিক পদক জয়ী লাভলীনাই ৰেম্পত লয়লাস ভংগীমাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ বক্সিং ৰাণী লাভলীনা বৰগোহাঁয়ে ডিজাইনাৰৰ মুগাৰ সাজেৰে সৌন্দৰ্যৰ ৰাণীৰ বেশত নৰ্থ ইষ্ট ফেষ্টিভেলৰ ৰেম্পত খোদ দি শনিবাৰে দৰ্শকৰ সন্মুখত নতুন ৰূপত ধৰা দিলে৷ যুৱ ক্ৰীড়াবিদগৰাকীৰ সৈতে ৰেম্পত প্ৰসিদ্ধ অভিনেতা তথা অসম সন্তান আদিল হুছেইনকো দেখা যায়৷ শুকুৰবাৰৰে পৰা গুৱাহাটীত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ফেষ্টিভেলত উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে শনিবাৰে সন্ধিয়া যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে সংগীতানুষ্ঠান পৰিৱেশন কৰে৷ মহোৎসৱত অসম তথা উত্তৰ-পূৰ্বৰ জলপথৰ সম্ভাৱনা বিষয়ত  অনুষ্ঠিত এখন কনক্লেভত কেন্দ্ৰীয় বন্দৰ, জাহাজ, পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশ লয়৷ ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়–যাত্ৰী আৰু মালবাহী জাহাজৰ মসৃণ পৰিবহণৰ বাবে নদীখন উপযুক্ত কৰি তোলাৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত ড্ৰেজিং এক গুৰুত্বপূৰ্ণ পদক্ষেপ৷ এই ক্ষেত্ৰত ইতিমধ্যে কাম আৰম্ভ হৈছে৷ উত্তৰ-পূবৰ উদ্যোগীসকলে আন্তঃৰাষ্ট্ৰীয় বজাৰ, বিশেষকৈ দক্ষিণ-পূব এছিয়া অঞ্চলত প্ৰৱেশাধিকাৰ লাভ কৰিবলৈ বাংলাদেশ হৈ পশ্চিম বংগৰ হলদিয়া বন্দৰলৈ এই জলপথচোৱা ব্যৱহাৰ কৰি  উৎপাদিত সামগ্ৰী যাতে পৰিবহণ কৰিবলৈ সক্ষম হ’ব পাৰে, তাৰ বাবে বিশেষ ব্যৱস্থা লোৱা হৈছে৷ চৰকাৰৰ এক্ট ইষ্ট নীতিয়ে উত্তৰ-পূব অঞ্চলত বাণিজ্যৰ সমৃদ্ধিৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰিব পাৰিছে৷