Logo
image

মাজুলীত ৰাম মন্দিৰ! অভিনৱ ৰূপত ভেলাঘৰ

আমাৰ অসম, ১২ জানুৱাৰীঃ অযোধ্যাত নহয়, মাজুলীত নিৰ্মাণ হ’ল ৰাম মন্দিৰ৷ ভাৰতৰ উত্তৰ প্ৰদেশৰ অযোধ্যাত শ্ৰীৰাম চন্দ্ৰৰ পৱিত্ৰ জন্মভূমিৰ তীৰ্থস্থানত নিৰ্মাণ কৰি থকা ৰাম মন্দিৰ সম্পূৰ্ণ হ’বলৈ এতিয়াও বহু বাকী৷ ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ শ্ৰীৰাম চন্দ্ৰৰ জন্মস্থানত নিৰ্মাণৰত অৱস্থাত থকা ৰাম মন্দিৰৰ বিপৰীতে মাজুলীত নিৰ্মাণ কৰা ৰাম মন্দিৰৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈছে৷ অৱশ্যে অযোধ্যাত নিৰ্মাণ কৰা ৰাম মন্দিৰ নিৰ্মাণত ব্যৱহাৰ কৰা তামৰ প্লেট আৰু ইটাৰ বিপৰীতে মাজুলীত নিৰ্মাণ কৰা ৰাম মন্দিৰ নিৰ্মাণত ব্যৱহাৰ কৰা হৈছে বাঁহ-বেত আৰু নৰা৷  অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ ভেলাঘৰ এইবাৰ ৰাম মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে৷ মাজুলীৰ চিলাকলা গাঁৱৰ পাঁচশটা পৰিয়ালে সমূহীয়াকৈ উদ্‌যাপন কৰিব ভোগালী উৎসৱ৷ সমূহ ৰাইজ একত্ৰিত হৈ ঘৰে ঘৰে বাঁহ-বেত তুলি, পথাৰৰ নৰা কাটি গাঁৱৰ ডেকাসকলে আটকধুনীয়াকৈ নিৰ্মাণ কৰিছে এই ভেলাঘৰ৷ পুহৰ প্ৰথম সপ্তাহৰ পৰাই সমূহীয়া প্ৰচেষ্টাৰে নিৰ্মাণকাৰ্য আৰম্ভ কৰি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে ৰাম মন্দিৰৰ আৰ্হিৰ এই ভেলাঘৰ৷ মাজুলীৰ চিলাকলা গাঁৱত নিৰ্মাণ হোৱা এই ৰাম মন্দিৰ এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷