Logo
image

১১ দিন আইচিইউত লতা

আমাৰ অসম, ২১জানুৱাৰীঃ ক’ভিডত আক্ৰান্ত হৈ জটিল অৱস্থাত একেৰাহে এঘাৰ দিন ধৰি আইচিইউত চিকিৎসাধীন হৈ থকাত ভাৰতীয় সংগীতৰ সম্ৰাজ্ঞী লতা মংগেশকাৰৰ স্বাস্থ্যক লৈ উদ্বিগ্ন হৈ পৰিছে দেশবাসী৷ কেৱল ক’ভিডেই নহয়, সুৰৰ সম্ৰাজ্ঞী লতা মংগেশকাৰ বিগত ছদিন ধৰি নিউমেনিয়াতো আক্ৰান্ত হৈ আছে৷ সেয়ে তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ যথেষ্ট অৱনতি ঘটিছে৷ যোৱা  ৮ জানুৱাৰীত লতা মংগেশকাৰ ক’ভিডত আক্ৰান্ত  হোৱা বুলি ধৰা পৰিছিল৷ তেওঁৰ ঘৰত কাম কৰা এজন সহায়কৰ শৰীৰৰ পৰা ক’ভিডৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি পৰিয়ালে জনাইছিল৷ ইতিপূৰ্বে ৯২ বছৰ অতিক্ৰম কৰা লতা মংগেশকাৰৰ বয়সৰ প্ৰতি লক্ষ্য ৰাখি পৰিয়ালে তেওঁক দৌৰাদৌৰিকৈ ব্ৰীছ কেণ্ডি হাস্পতালত ভৰ্তি কৰিছিল৷ চিকিৎসকে কেইঘণ্টামান পৰ্যবেক্ষণৰ পাছতে তেওঁক আইচিইউত ভৰ্তি কৰে৷ সেইদিন ধৰি লতা মংগেশকাৰ আজি পৰ্যন্ত আইচিইউতে আছে৷ লতা মংগেশকাৰৰ আৰোগ্য কামনা কৰি গুৱাহাটীৰ কামাখ্যা মন্দিৰকে ধৰি দেশৰ বিভিন্ন স্থানত অনুৰাগীয়ে প্ৰাৰ্থনা সভাৰ আয়োজন কৰিছে৷ পিছে তেওঁৰ স্বাস্থ্যৰ জটিলতাৰ এতিয়াও অৱসান ঘটা নাই৷ অৱশ্যে পৰিয়ালৰ সদস্যই জনোৱা অনুসৰি লতা মংগেশকাৰৰ স্বাস্থ্যৰ অৱস্থা এতিয়া সুস্থিৰ, সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি অৱনতি ঘটা নাই৷ কিন্তু কেইদিনমান পূৰ্বেই ব্ৰীছ কেণ্ডি হাস্পতালৰ চিকিৎসকে লতা মংগেশকাৰৰ আৰোগ্যৰ বাবে অনুৰাগীক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাইছিল৷ মুৰব্বী চিকিৎসকজনৰ সেই বক্তব্যৰ বাবেই তেওঁৰ অনুৰাগীসকল উদ্বিগ্ন হৈ পৰিছিল৷ এতিয়া একেৰাহে এঘাৰ দিন ধৰি লতা মংগেশকাৰ আইচিইউতে চিকিৎসাধীন হৈ থকাত সকলোৰে উদ্বিগ্নতাৰ মাত্ৰা স্বাভাৱিকভাৱেই বৃদ্ধি পাইছে৷ ঘাইকৈ তেওঁৰ বাঢ়ি অহা বয়সৰ বাবেই সকলোৰে উদ্বিগ্নতা বাঢ়িছে৷