ভিটামিন ‘বি-১২ৰ অভাৱ পূৰণৰ বাবে কি কি খাব
ভিটামিন বি-১২এ শৰীৰক অনেক বিপজ্জনক ৰোগৰ পৰা ৰক্ষা কৰে৷ যদি ভিটামিন বি-১২ৰ অভাৱ হয় তেতিয়া ডিমেনছিয়া, ৰক্তহীনতা আৰু হাৰৰ ৰোগত ভুগিব পাৰে৷ ভিটামিন বি-১২ৰ অভাৱ হ’লে মস্তিষ্ক আৰু স্নায়ুতন্ত্ৰতো প্ৰভাৱ পৰিব পাৰে৷ তেজত লোহিত ৰক্ত কণিকা বৃদ্ধিৰ বাবে বি-১২ গুৰুত্বপূৰ্ণ৷ আনহাতে ভিটামিন বি-১২এ শৰীৰত ফলিক এছিদ যোগানত সহায় কৰে৷
ভিটামিন বি-১২ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে?
◾ক্লান্তি অনুভৱঃ সুষম খাদ্য গ্ৰহণৰ পাছতো যদি শৰীৰ ভাগৰুৱা যেন অনুভৱ হয় তেতিয়া বি-১২ ভিটামিনৰ অভাৱৰ বাবে হ’ব পাৰে৷
◾ছালৰ ওপৰত প্ৰভাৱঃ ভিটামিন বি-১২অভাৱৰ বাবে ছালে হালধীয়া বৰণ ল’ব পাৰে৷ আনহাতে জিভা ৰঙা হোৱাটো বি-১২ৰ অভাৱৰ লক্ষণ৷ যাৰ বাবে মুখত ঘাঁ আদি হ’ব পাৰে৷
◾দৃষ্টিশক্তিৰ ওপৰত প্ৰভাৱঃ বি-১২ৰ অভাৱৰ বাবে দৃষ্টিশক্তি হ্ৰাস পাব পাৰে আৰু চকু অন্য ৰোগতো আক্ৰান্ত হ’ব পাৰে৷
◾হতাশা আৰু দুৰ্বলতাঃ হতাশা-দুৰ্বলতা আৰু অলসভাৱ ভিটামিন বি-১২ৰ অভাৱৰ বাবে হ’ব পাৰে৷ ইয়াৰ ফলত শ্বাসকষ্টও হ’ব পাৰে৷
◾মূৰৰ বিষঃ মূৰ-কাণ আদিৰ বিষৰ কাৰণ ভিটামিন বি-১২ৰ অভাৱৰ বাবে হ’ব পাৰে৷
বি বি-১২ৰ অভাৱ পূৰণৰ বাবে কি কি খাব?
◾কণীঃ কণীত প্ৰচুৰ পৰিমাণে থাকে বি-১২৷ প্ৰতিদিনে দুটাকৈ কণী খালে এই অভাৱ পূৰণ হয়৷ কণী খোৱাৰ জৰিয়তে শৰীৰৰ ভিটামিন বি-১২ৰ দৈনিক চাহিদাৰ ৪৬ শতাংশ পূৰণ কৰিব পাৰি৷
◾ছয়াবিনঃ ছয়াবিনত প্ৰচুৰ পৰিমাণে বি-১২ থাকে৷ সেইবাবে ছয়াবিনযুক্ত খাদ্য খোৱাৰ অভ্যাস কৰিব লাগে৷
◾দৈঃ দৈত বি-২, বি-ৰ আৰু বি-১২ প্ৰচুৰ পৰিমাণে পোৱা যায়৷ সেইবাবে ভিটামিনৰ অভাৱ পূৰণ কৰিবৰ বাবে কম চৰ্বিযুক্ত দৈ খোৱা উচিত৷
◾ওটছঃ ওটছত প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু ভিটামিন থাকে৷ সেয়েহে ভিটামিনৰ অভাৱ পূৰণ কৰিবৰ বাবে ওটছ খোৱা উচিত৷
◾গাখীৰ আৰু পনিৰঃ ভিটামিন বি-১২ৰ অভাৱ পূৰণৰ বাবে গাখীৰ আৰু পনীৰ খোৱাটো প্ৰয়োজন৷
◾ব্ৰক্লিঃ ব্ৰকলিত ভিটামিন বি-১২ উপলব্ধ৷ সেইবাবে খাদ্য তালিকাত ব্ৰকলি অন্তৰ্ভুক্ত কৰাটো প্ৰয়োজন৷
◾মাছ আৰু মুৰ্গীৰ মাংসঃ ভিটামিন বি-১২ৰ অভাৱ দূৰ কৰিবৰ বাবে মাছ আৰু মুৰ্গীৰ মাংস খোৱাটো অতি প্ৰয়োজন৷






