Logo
image

বিজেপিমুখী বিধায়ক ৰাজদ্বীপ ৰুমীক কংগ্ৰেছৰ পৰা নিলম্বন

আমাৰ অসম, ১০ অক্টোবৰঃ দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰা হৈছে বিধায়ক ৰাজদ্বীপ গোৱালা আৰু প্ৰাক্তন বিধায়ক ডাঃ ৰুমী নাথক৷ আজি দুটা পৃথক নিৰ্দেশ যোগে দুয়োজন কংগ্ৰেছ নেতাক ছয় বছৰৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰা হৈছে৷ শিলচৰ জিলা কংগ্ৰেছ আৰু কেবাখনো ব্লক কংগ্ৰেছ কমিটীৰ অভিযোগৰ ভিত্তিত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে এক নিদেৰ্শযোগে বিধায়ক ৰাজদ্বীপ গোৱালাক দলৰ পৰা বহিষ্কাৰ কৰিছে৷ আনহাতে শিলচৰ কংগ্ৰেছ, বৰখোলা ব্লক কংগ্ৰেছ আদি কেবাখনো কংগ্ৰেছ কমিটীয়ে প্ৰাক্তন বিধায়ক ডাঃ ৰুমী নাথৰ বিৰুদ্ধে দল-বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছ কমিটীক দাখিল কৰিছিল৷ উক্ত অভিযোগ পোৱাৰ পিছত ২৮ আগষ্টত প্ৰদেশ কংগ্ৰেছে প্ৰাক্তন বিধায়কগৰাকীক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল৷ কিন্তু প্ৰাক্তন বিধায়কগৰাকীয়ে দিয়া উত্তৰত সন্তুষ্ট নহ’ল প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব৷ ফলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই বৃহস্পতিবাৰে এক নিৰ্দেশযোগে ডাঃ ৰুমী নাথক ছয়বছৰৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰে৷ ইপিনে, প্ৰদেশ কংগ্ৰেছৰ এটা কতৃৰ্ত্বশীল সূত্ৰই সদৰী কৰা মতে, বিধায়ক ৰাজদ্বীপ গোৱালা আৰু প্ৰাক্তন বিধায়ক ডাঃ ৰুমী নাথে দীৰ্ঘদিন ধৰি বিজেপিৰে সু-সম্পৰ্ক ৰক্ষা কৰি আহিছে৷ আনকি আগন্তুক নিৰ্বাচনৰ প্ৰাকক্ষণত দুয়োজনে বিজেপিত যোগদানৰ কথাও ঘনিষ্ঠমহলত প্ৰকাশ কৰিছিল৷ এনেধৰণৰ বহু অভিযোগেই স্থানীয় নেতা-কৰ্মীসকলে দীৰ্ঘদিন ধৰি উত্থাপন কৰি আহিছে৷ যিবোৰৰ কোনো সদুত্তৰ দুয়োজনেই দিব নোৱাৰিলে৷