Logo
image

অসমৰ দীৰ্ঘতম উৰণীয়া সেতুঁৰ আধাৰশিলা স্থাপন

আমাৰ অসম, ১১ অক্টোবৰঃ অসমৰ যাতায়াত-যোগাযোগ ব্যৱস্থাত অন্য এক নৱ সংযোজন। দেওবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত মালিগাঁৱৰপৰা কামাখ্যা গেট অভিমুখী আৰু মালিগাঁৱৰপৰা পাণ্ডু সংযোগী উৰণীয়া সেতুৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে। ৰাজ্য চৰকাৰৰ ২০২০-২১ বৰ্ষৰ স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজি (SOPD)ৰ অধীনত ৪২০.৭৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ'বলগীয়া ২৯৯২ মিটাৰ দৈৰ্ঘ্যৰ এই সেতুখন অসমৰ দীৰ্ঘতম উৰণীয়া সেতু হিচাপে পৰিগণিত হ'ব। সেতুখনে গুৱাহাটীৰ যান-জঁটৰ সমস্যা যথেষ্ট হ্ৰাস কৰাৰ লগতে জনসাধাৰণৰ সুচল যাতায়াতত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সোণোৱালে। এই মাংগলিক অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, সাংসদ শ্ৰী বিশ্বজিত দৈমাৰী প্ৰমুখ্যে উচ্চপদস্থ বিষয়াবৰ্গ উপস্থিত থাকে।