Logo
image

সৰিয়হৰ তেলৰ ব্যৱহাৰে প্ৰতিৰোধ কৰে কৰ্কটৰ দৰে জটিল ৰোগ

ভাৰতত সৰিয়হৰ তেল খুবেই জনপ্ৰিয়৷ ৰন্ধনকে ধৰি ছাল আৰু চুলিৰ যতনৰ বাবেও সৰিয়হৰ তেল ব্যৱহাৰ হয়৷ সৰিয়হৰ তেল প্ৰতিজন ভাৰতীয়ৰ ৰান্ধনী ঘৰতে থাকে৷ এইবিধ তেলৰ সোৱাদ অতি কঢ়া যদিও স্বাস্থ্যৰ বাবে ই অতি উপকাৰী৷ বহুতে তেল খোৱাটো ক্ষতিকাৰক বুলি কয়৷ কিন্তু সৰিয়হৰ তেলৰ ক্ষেত্ৰত এই ধাৰণা ভুল বুলি প্ৰমাণিত হৈছে৷ কলম্বিয়াৰ এছিয়া হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক ডাঃ শালিনী গাৰভিন ব্লিছৰ মতে সৰিয়হৰ তেলত মানৱ দেহৰ বাবে উপকাৰী প্ৰতিটো উপাদানেই থাকে৷ এইবিধ তেলত উপকাৰী ফেটি এচিড, ওমেগা-৩, লিনোলিক এচিডৰ দৰে উপাদান থাকে৷ সেয়ে বজাৰত পোৱা যিকোনো তেলতকৈ সৰিয়হৰ তেল অতি উপকাৰী৷

সৰিয়হৰ তেলৰ এণ্টি ইন্‌ফ্লেমেট’ৰী বৈশিষ্ট্যই মধুমেহত আক্ৰান্ত সকলক উপকৃত কৰে৷ উল্লেখ কৰা হ’ল সৰিয়হৰ তেলৰ পৰা পাব পৰা বিভিন্ন উপকাৰসমূহ–

[১] সৰিয়হৰ তেলত ক্ষতিকাৰক ফেটি এচিডতকৈ স্বাস্থ্যৰ বাবে উপকাৰী ফেটি এচিড থাকে৷ সেয়ে এই তেলৰ নিয়মিত ব্যৱহাৰে হৃদপিণ্ডক সুস্থ কৰি ৰাখে৷ হৃদৰোগৰ সমস্যাত ভোগাসকলে নিতৌ সৰিয়হৰ তেল ব্যৱহাৰ কৰা উচিত৷

[২] সৰিয়হৰ তেলে দেহত বেয়া কলেষ্টেৰ’লৰ মাত্ৰা কমায়৷ ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷

[৩] চৰ্দি, কাহ বা অন্যান্য এলাৰ্জিজনিত সমস্যা থাকিলে সৰিয়হৰ তেল ব্যৱহাৰ কৰক৷

[৪] সৰিয়হৰ তেলে এণ্টিবায়’টিক হিচাপেও কাম কৰে৷ এই তেলত কৰ্কটৰ দৰে মাৰাত্মক ৰোগ প্ৰতিৰোধ কৰা উপাদান প্ৰচুৰ পৰিমাণে থাকে৷

[৫] তেজত আৰ বি চিৰ ভাৰসাম্যতা বজাই ৰখাত সহায় কৰে সৰিয়হৰ তেলে৷

[৬] শিশুক সৰিয়হৰ তেলেৰে মালিচ কৰিলে হাড় মজবুত হয়৷ একেদৰে দাঁতৰ মাৰিও সৰিয়হৰ তেলেৰে পৰিষ্কাৰ কৰিলে দাঁতৰ বিভিন্ন সমস্যা হ্ৰাস পায়৷

[৭] চুলি আৰু ছালৰ বাবেও সৰিয়হৰ তেল অত্যন্ত উপকাৰী৷ নিতৌ সৰিয়হৰ তেলেৰে চুলি মালিচ কৰিলে চুলি বৃদ্ধি হয় আৰু উফিৰ সমস্যা হ্ৰাস পায়৷

অৱশ্যে সৰিয়হৰ তেলৰ উপকাৰিতাৰ লগতে ইয়াৰ পাশ্বৰ্ প্ৰতিক্ৰিয়াও নথকা নহয়৷ গৰ্ভৱতী মহিলাই সৰিয়হৰ তেল খোৱা অনুচিত৷ তদুপৰি এই তেল প্ৰয়োজনতকৈ বেছি খালে অসুস্থ হ’ব পাৰে৷ সেয়ে ৰন্ধনৰ সময়ত প্ৰয়োজনতকৈ কম বা বেছি পৰিমাণৰ তেল ব্যৱহাৰ নকৰিব৷ আপুনি যদি স্বাস্থ্যৰ প্ৰতি সচেতন, তেন্তে এতিয়াৰে পৰা নিতৌ সৰিয়হৰ তেল ব্যৱহাৰ কৰক৷