Logo
image

বিজ্ঞানৰ ভৱিষ্যদ্বাণীতকৈ পঞ্জিকাৰ ভৱিষ্যদ্বাণী গুৰুত্বপূৰ্ণনে

কোনোবা বিখ্যাত লেখকৰ পুথি প্ৰকাশৰ বাতৰি অসমৰ প্ৰতিটো সংবাদ মাধ্যমৰ খবৰ হোৱা কেতিয়াবা দেখিছেনে বা শুনিছেনে? এই ধৰক ড॰ হীৰেন গোহাঁই, শিৱনাথ বৰ্মন, ৰীতা চৌধুৰী, নীলমণি ফুকনজাতীয় কোনোবা সাহিত্যিকে কোনো নতুন পুথি লিখি উলিয়ালে আৰু সেই খবৰটো কাকতৰ প্ৰথম পৃষ্ঠাত বা টিভিৰ শীৰ্ষ বাতৰি হোৱা দেখিছেনে? আমাৰ দৃষ্টিত তেনেকুৱা হোৱা নাই আৰু হোৱাৰো সম্ভাৱনা নাই৷ তেনে লেখকৰ একোটা লেখাই সমাজ জীৱনলৈ বৰঙণি আগবঢ়াব পাৰে যদিও আমি সংবাদ মাধ্যমে সেয়া গুৰুত্বপূৰ্ণ বাতৰি বুলি বিবেচনা নকৰোঁ৷ অৰ্থাৎ কিতাপ প্ৰকাশ কৰাটো কোনো ব্যক্তিৰ একান্ত ব্যক্তিগত প্ৰচেষ্টা বুলিয়ে আমি বিবেচনা কৰোঁ৷ সমাজ জীৱনলৈ তেনে পুথিয়ে কিবা অৰিহণা আগবঢ়োৱাৰ সম্ভাৱনা থাকিলেও সেই পুথিৰ প্ৰচাৰ-প্ৰসাৰ কৰোৱাৰ দায়িত্ব প্ৰকাশক বা লেখকৰ নিজা দায়িত্ব৷ সংবাদ মাধ্যমত এনে এটা ধাৰণা থকাৰ পাছতো অসমৰ সংবাদ মাধ্যমত প্ৰতিবছৰে এটা ব্যতিক্ৰম ঘটনা ঘটে৷ সমাজ গঢ়াত বা চিন্তাৰ খোৰাক যোগাব পৰা যৎকিঞ্চিত উপাদান নথকাৰ পাছতো প্ৰতিবছৰে অসমৰ সংবাদ মাধ্যমে এখন কিতাপ প্ৰকাশ হোৱাৰ খবৰ অতি গুৰুত্বসহকাৰে প্ৰকাশ কৰে৷ সমাজৰ বৈজ্ঞানিক চিন্তাধাৰাক বিপথে পৰিচালিত কৰাৰ ১০০ শতাংশ উপাদান আছে পুথিখনত৷ মই ক’ব খোজা পুথিখন কালপুৰুষ পঞ্জিকা৷ ৰাজ্যৰ মূলসুঁতিৰ এনে কোনো সংবাদ গোষ্ঠী নাথাকে যিয়ে পঞ্জিকা প্ৰকাশ হোৱাৰ খবৰ গৰমে গৰমে প্ৰকাশ নকৰে৷ একমাত্ৰ পঞ্জিকাখন প্ৰকাশ হোৱাৰ খবৰেই নাই– পঞ্জিকাত কি আছে, কোন মন্ত্ৰী প্ৰসংগত কি কৈছে সবিস্তাৰে প্ৰকাশ হয় সংবাদ মাধ্যমত৷ ৰাজ্যৰ সংবাদ মাধ্যমৰ বাবে কেন্দ্ৰীয় বাজেট দাখিলৰ খবৰ যিমান গুৰুত্বপূৰ্ণ, পঞ্জিকা প্ৰকাশৰ খবৰো সমানেই গুৰুত্বপূৰ্ণ৷ অসমৰ প্ৰথমজন উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে নিজৰ আত্মজীৱনী লিখি উলিয়ালে 'Justice For the judge'৷ অসম সন্দৰ্ভত, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ তথা বিতৰ্কিত মন্তব্য আছে 'Justice For the judge'ত৷ সেই বিষয়বোৰ খবৰ হোৱাৰ যোগ্য৷ নিউজ ভেল্যু আছিল তেনে তথ্যৰ৷ আমাৰ প্ৰথমজন উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে পুথিখনৰ যথেষ্ট গুৰুত্ব আছিল অসমীয়াৰ বাবে৷ কিন্তু অসমৰ সংবাদ মাধ্যমে বহু পাছত খবৰ বুটলিলে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পৰা৷ অসমৰ সংবাদ মাধ্যম পঞ্জিকাৰ পাতে পাতে দৌৰাৰ দৰে 'Justice For the judge'ৰ পাতে পাতে নৌদৌৰিল৷ 'Justice For the judge' আত্মজীৱনী হিচাপে কিমান উৎকৃষ্ট সেয়া পঢ়ুৱৈয়ে বিবেচনা কৰিব, কিন্তু এজন অসমীয়া মুখ্য ন্যায়াধীশে কি কৈছে সেয়া জনাৰ বাবে সাংবাদিকসকল অধিক উৎসুক হোৱাটো প্ৰয়োজন আছিল৷ কাৰণ এজন অসমীয়া মুখ্য ন্যায়াধীশে কোনোবা ব্যক্তিবিশেষক লৈ কৰা মন্তব্য নি(য়কৈ খবৰ হোৱাৰ যোগ্য৷ কিন্তু আমাৰ মানসিকতা পঞ্জিকাৰ পাতত৷ যি পঞ্জিকাৰ হয়তো ৯০ শতাংশ ভৱিষ্যদ্বাণীয়ে মিছা৷ যি পঞ্জিকাই মুখ্যমন্ত্ৰী হৈ থকা সময়ছোৱাত সৰ্বানন্দ সোণোৱাল সন্দৰ্ভত ভৱিষ্যদ্বাণী কৰি কৈছিল বিবাহৰ যোগ আহিছিল বুলি৷ সোণোৱালেই মুখ্যমন্ত্ৰী হৈ থাকিব বুলি কৈছিল একেখন পঞ্জিকাই৷ পঞ্জিকাত কৰা মন্তব্যবোৰ সদায়েই সঁচাও নহয়, মিছাও নহয় জাতীয়৷ যেনে ধৰক দেশে কাৰিকৰী শিক্ষা, মহাকাশ গৱেষণাত উন্নতি কৰিব৷ ইয়াতকৈ ধূৰ্তামী কি আছে৷ দেশত মহাকাশ গৱেষণাৰ বাবে ইছৰোৰ দৰে সন্মানীয় অনুষ্ঠান আছে৷ শ শ দক্ষ বিজ্ঞানীয়ে দিন-ৰাতি একাকাৰ কৰি তাত কাম কৰি আছে৷ তেনেস্থলত মহাকাশ গৱেষণাত দেশে উন্নতি নকৰি অধোন্নতি কৰিব নেকি? কাৰিকৰী শিক্ষাৰ বাবে দেশত আই আই টিৰ দৰে বিশ্বপ্ৰসিদ্ধ শিক্ষানুষ্ঠান আছে৷ দেশৰ আটাইতকৈ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰী তেনে অনুষ্ঠানৰ শিক্ষাৰ্থী৷ তেনেবোৰ অনুষ্ঠানততো জ্যোতিষ শাস্ত্ৰ নপঢ়ুৱায়, পঢ়োৱা হয় বিশ্বৰ উন্নতমানৰ কাৰিকৰী শিক্ষা৷ তেনেস্থলত কাৰিকৰী শিক্ষাত আগ নাবাঢ়ি জ্যোতিষ শাস্ত্ৰত আগবাঢ়িব নেকি? প্ৰতিটো বছৰৰ পঞ্জিকাত উল্লেখ থাকে উগ্ৰপন্থী সমস্যা, গোষ্ঠী সংঘৰ্ষই দেশ-ৰাজ্যক মাজে মাজে অশান্ত কৰি তুলিব পাৰে৷ বিশ্বৰ এনে এখন দেশৰ নাম সেইসকল পঞ্জিকা প্ৰণেতাই উল্লেখ কৰকচোন– যিখন দেশত এনেধৰণৰ সমস্যা নাই৷ মুঠৰ ওপৰত ১০০ শতাংশ অবৈজ্ঞানিক চিন্তা-ভাবনাৰে প্ৰতিটো বছৰে যুগুতাই উলিওৱা হয় একোখন পঞ্জিকা৷ আৰু সেই অবৈজ্ঞানিক চিন্তাৰ দলিলখনক লৈ ব্যস্ত হৈ পৰোঁ আমি সংবাদ মাধ্যম৷ সংবাদ মাধ্যম অসমৰ সাধাৰণ জনতাৰ বাবে বিজ্ঞানৰ ভৱিষ্যদ্বাণীতকৈ পঞ্জিকাৰ ভৱিষ্যদ্বাণী ডাঙৰ৷ পঞ্জিকাৰ কিবাকৈ এটা ভৱিষ্যদ্বাণী যদি মিলি গ’ল, সেয়া সংবাদ মাধ্যমৰ বাবে ডাঙৰ খবৰ৷ ধৰি লওক যদি সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকা সময়ছোৱাত বিবাহপাশত আবদ্ধ হ’লহেঁতেন, পঞ্জিকা প্ৰণেতা বা সংবাদ মাধ্যমক কোনে পায়৷ শিৰোনাম দখল কৰি বাতৰি হ’লহেঁতেন পঞ্জিকাই বহু পূৰ্বেই সোণোৱালৰ বিবাহৰ যোগ দেখিছিল আদি৷ কিন্তু ভৱিষ্যদ্বাণী নফলিওৱাক লৈ পঞ্জিকাক দোষী কৰা নহয়৷ যদি বিজ্ঞানে কৰা কোনো ভৱিষ্যদ্বাণী মিছা প্ৰতিপন্ন হয়, সেই লৈ কিন্তু ভীষণ প্ৰতিক্ৰিয়া৷ ধৰক, বতৰ বিজ্ঞান কেন্দ্ৰই কেতিয়াবা ভৱিষ্যদ্বাণী কৰে– এসপ্তাহ ধৰি ধুমুহা-বৰষুণ হ’ব৷ ভৱিষ্যদ্বাণী কৰাধৰণে বৰষুণ হ’ল, কিন্তু ধুমুহা হয়তো নাহিল, সেই লৈও আমাৰ মন্তব্য– কাম নাই বতৰ বিজ্ঞান কেন্দ্ৰৰ৷ এয়াই আমাৰ বৈজ্ঞানিক মানসিকতা৷ দেশ-ৰাজ্যত অন্ধবিশ্বাস বিয়পোৱাত সংবাদ মাধ্যম-ৰাজনীতিবিদ সকলোৱে অৰিহণা যোগাই আহিছোঁ৷ যেনে ৰজা তেনে প্ৰজা৷ ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি বিভাগৰ দায়িত্বত আছে মন্ত্ৰী কেশৱ মহন্ত৷ দহ আঙুলিত দহটা গ্ৰহৰত্ন পিন্ধি যেতিয়া কেশৱ মহন্তই অন্ধবিশ্বাস নিৰ্মূল কৰাৰ ভাষণ দিব, সেই ৰাজ্যত পঞ্জিকাই দেশ-ৰাজ্যৰ ভৱিষ্যৎ নিৰূপণ নকৰিব কিয়?