Logo
image

প্ৰথমবাৰৰ বাবে বগীবিল দলঙৰ ওপৰেৰে ৰাজধানী এক্সপ্ৰেছ…

আমাৰ অসম, ১২ অক্টোবৰঃ ঐতিহাসিক অসম চুক্তিৰ আধাৰত নিৰ্মিত বগীবিল দলঙেৰে সোমবাৰে প্ৰথমবাৰলৈ চলিল ৰাজধানী এক্সপ্ৰেছ৷ এই ৰাজধানী এক্সপ্ৰেছৰ চলাচলে অসম তথা উত্তৰ-পূৰ্বাঞ্চল সংযোগী দেশৰ ৰে'ল যাতায়াত ব্যৱস্থাক এক নতুন গতি প্ৰদান কৰিলে৷ সোমবাৰৰ পৰা প্ৰথমবাৰৰ বাবে সপ্তাহত দুদিনকৈ চলিবলগীয়া উত্তৰ অসম সংযোগী এই অত্যাধুনিক ৰে'লসেৱাই যাত্ৰীসকলক যথেষ্ট উপকৃত কৰিব৷ ডিব্ৰুগড়ৰ পৰা বগীবিল দলঙৰ ওপৰেৰে লক্ষীমপুৰ ৰাঙাপাৰা ৰঙিয়া নিউবঙাইগাও হৈ নতুন দিল্লীলৈ ৰাওনা হ’ব এই বিশেষ ৰাজধানী এক্সপ্ৰেছ৷ সেইদৰে নতুন দিল্লীৰ পৰা ডিব্ৰুগড়লৈও সপ্তাহত দুদিনকৈ এই বিশেষ ৰাজধানী এক্সপ্ৰেছ খন চলাচল কৰিব। ডিব্ৰুগডৰ পৰা দিল্লীলৈ সপ্তাহৰ সোমবাৰ আৰু শুক্ৰবাৰে চলাচল কৰাৰ লগতে নতুন দিল্লীৰ পৰা ডিব্ৰুগড়লৈ বৃহস্পতিবাৰ আৰু দেওঁবাৰে চলাচল কৰিব৷ নতুন পথেৰে যাত্ৰা কৰিবলগীয়া ৰেলখনে প্ৰথম বাৰৰ বাবে উত্তৰ লখিমপুৰ,ৰঙাপাৰা উত্তৰ আদি ৰেল ষ্টেচন সমূহত ৰ’ব৷ দেশৰ ৰাজধানী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মাজৰ ৰে'ল সংযোগীকৰণক শক্তিশালী ৰূপ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰে'লমন্ত্ৰী পীয়ুষ গোয়েল আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷