Logo
image

পিতৃয়ে ক’লে, নিজৰ যোগ্যতাৰেই সকলোখিনি কৰিছে ৰবি কুমাৰে

আমাৰ অসম,৮ ফেব্ৰুৱাৰীঃ পিতৃয়ে দেশৰ সুৰক্ষাৰ বাবে সেৱা আগবঢ়াইছে  আৰু পুত্ৰ ৰবি কুমাৰে অনূধবৰ্-১৯ বিশ্বকাপত ভাৰতৰ খিতাপ জয়ত অবদান আগবঢ়াইছে বিশেষভাৱে৷ প্ৰতিযোগিতাখনৰ ফাইনেলত চাৰিটা উইকেট লোৱা ৰবি কুমাৰৰ পিতৃ চি আৰ পি এফত কৰ্মৰত৷ ওড়িশাৰ মাউবাদী অধ্যুষিত ৰায়গড়ৰ পৰা ৰবি কুমাৰৰ পিতৃ ৰাজেন্দ্ৰ সিঙে  কয়–‘মই সীমান্তত দেশৰ সেৱা কৰিছো আৰু মোৰ পুত্ৰই বলিং কৰি দেশৰ সেৱা কৰিছে৷’ ৰাজেন্দ্ৰ কুমাৰে পুত্ৰ আৰু পৰিয়ালৰ বাবে অনেক স্বাৰ্থ ত্যাগ কৰিছিল৷ পৰিয়ালে যাতে কষ্ট নাপায় তাৰ বাবে নিজৰ আঘাতৰ কথাও তেওঁ লুকাই ৰাখিছিল৷ ২০০৬ চনত কাশ্মীৰৰ শ্ৰীনগৰত কৰ্মৰত আছিল ৰাজেন্দ্ৰ সিং৷ তাতেই তেওঁ সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হয়৷ ৰজেন্দ্ৰই কয়–‘মই সকলো সময়তে পৰিয়ালটো ভালে থকাটো বিচাৰিছো৷ মোৰ কষ্টৰ বিষয়ে তেওঁলোকক জনোৱা নাই৷ গ্ৰেণেড আক্ৰমণত দুই হাত আৰু ভৰিত আঘাত পোৱাৰ পিছতো একো জনোৱা নাছিলো৷ তেওঁলোকে টি ভিৰ পৰাহে মোৰ আঘাতৰ বিষয়ে জানিব পাৰিছিল৷’ নিজৰ পুত্ৰ যে খেলাত ইমান ভাল সেই কথা তেওঁ জনাই নাছিল ইমান দিনে৷ ৰাজেন্দ্ৰই কয়–‘কৰ্মৰ বাবে মই বিভিন্ন স্থানত সেৱা আগবঢ়াব লগা হৈছে৷ সেয়ে ল’ৰাই যে ইমান ভাল ক্ৰিকেট খেলে জনাই নাছিলো৷ ঘৰলৈ গ’লেই তেওঁক খেলা লৈয়ে ব্যস্ত হৈ থকা দেখিছিলো৷ মই কেতিয়াও তেওঁক পঢ়া-শুনাক লৈ চাপ দিয়া নাই৷ সেয়ে হয়তো তেওঁৰ দেশৰ নাম উজ্বল কৰিছে৷’ পিতৃ ৰাজেন্দ্ৰৰ মতে নিজৰ যোগ্যতাৰেই ইমান দূৰ আহিছে পুত্ৰ ৰবি কুমাৰ৷ তেওঁ কয়–‘ৰবিৰ যেতিয়া ১৩-১৪ বছৰ বয়স তেতিয়াৰ পৰাই তেওঁৰ খেলৰ প্ৰতি ভালপোৱাৰ কথা জানিব পাৰো৷ কিন্তু ক্ৰিকেটৰ সামগ্ৰী কিনি দিয়াত বা আন ধৰণে মই বিশেষ সহায় কৰিব পৰা নাছিলো৷ তেওঁ নিজৰ যোগ্যতাৰেই সকলোখিনি কৰিছে৷ আশা কৰো আগন্তুক দিনত তেওঁ অধিক উন্নতি কৰিব৷’