Logo
image

ৰিয়ানৰ বাবে সাত কোটি টকা আগবঢ়াবলৈ সাজু আৰ চি বি

আই পি এল নিলাম

আমাৰ অসম, ৮ ফেব্ৰুৱাৰীঃ আই পি এলৰ আসন্ন নিলামত আটাইতকৈ বেছি ধন লাভ কৰা খেলুৱৈসকলৰ এজন হোৱাৰ সম্ভাৱনা আছে ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অধিনায়ক জেছন হ’ল্ডাৰ৷ এক সূত্ৰই প্ৰকা কৰা মতে নিলামত বিশ্বৰ এই তাৰকা অলৰাউণ্ডাৰ জনৰ বাবে বিশাল পৰিমাণৰ ধন আগবঢ়াবলৈ সাজু  ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ৷ অসম সন্তান ৰিয়ান পৰাগক ক্ৰয় কৰিবলৈও আগ্ৰহী ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ৷ আৰ চি বিৰ গোপন সূত্ৰই প্ৰকাশ কৰা  নিলামৰ ৰণ কৌশল যদি সঁচা হয় তেনেহ’লে জেছন হ’ল্ডাৰৰ বাবে নিলামত ১২ কোটি টকা আগবঢ়াব দলটোৱে৷ ফ্ৰেন্সাইজীটোৱে দলত বাহাল ৰাখিছে বিৰাট কোহলি, গ্লেন মেক্সৱেল আৰু  মহম্মদ ছিৰাজক৷ আৰ চি বিৰ ঘনিষ্ঠ সূত্ৰৰ মতে হ’ল্ডাৰৰ  লগতে আন কেইবাজনো খেলুৱৈক লক্ষ্য কৰি লৈছে ফ্ৰেন্সাইজীটোৱে৷ নিলামত ৫৭ কোটি টকা ব্যয় কৰিব আৰ চি বিয়ে৷ হ’ল্ডাৰ আৰু ৰিয়ান পৰাগৰ লগতে চি এছ কেৰ প্ৰাক্তন বেটাৰ আম্বাতি ৰায়ুডুৰ প্ৰতিও আগ্ৰহী আৰ চি বি৷ ৰাজস্থান ৰয়েলছৰ প্ৰাক্তন খেলুৱৈ ৰিয়ান পৰাগৰ যোৱাটো ছীজনৰ আই পি এলত  কৰা প্ৰদৰ্শন অৱশ্যে আশাপ্ৰদ নাছিল৷ অনুৰাগী আৰু দল কাকোৱেই সন্তুষ্ট কৰিব পৰা নাছিল ৰিয়ানে৷ প্ৰতিযোগিতাখনৰ ২০২০ সংস্কৰণত কৰা প্ৰদৰ্শনেৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল সাহসী ৰিয়ানে৷ সময়ত বলিঙতো তেওঁ ভূমিকা পালন কৰিছিল৷ আৰ চি বিৰ সূত্ৰটোৰ উদ্ধৃতি দি দেশৰ এখন আগশাৰীৰ ইংৰাজী দৈনিকে প্ৰকাশ কৰা মতে ৰয়েল চেলেঞ্জাৰ বাংগালোৰে হ’ল্ডাৰৰ বাবে ১২ কোটি, ৰায়ুডুৰ বাবে আঠ কোটি আৰু ৰিয়ান পৰাগৰ বাবে ৭ কোটি টকা আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে৷ যোৱাটো ছীজনৰ পাছত বিৰাট কোহলিয়ে পদত্যাগ কৰাত  সম্ভাৱ্য অধিনায়কৰ সন্ধানতো আছে আৰ চি বি৷