Logo
image

কি কি নিয়ম মানিব লাগিব দুৰ্গা পূজাত...

আমাৰ অসম, ১৩ অক্টোবৰঃ এইবাৰ কৰ’নাকালত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব দুৰ্গা পূজা। সকলোৱে পূজাৰ সময়ত মানি চলিব লাগিব কেটবোৰ ক’ভিড প্ৰট’কল। মংগলবাৰে জনতা ভৱনত সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। দুৰ্গাপূজাৰ বাবে নীতি-নিৰ্দেশনা সম্পৰ্কে ৰাজ্য চৰকাৰ তৰফৰ পৰা জাৰি কৰা হৈছে SOP। পূজা সমিতিৰ কৰ্মকৰ্তা, স্বেচ্ছাসেৱক, পূজাৰী আদি পূজাৰ লগত জড়িত সকলোৱে পূজা আৰম্ভণিৰ সময়ত অৰ্থাৎ পঞ্চমীৰ দিনাখন ক’ভিড টেষ্ট কৰাটো বাধ্যতামুলক। লগতে দেৱী বিসৰ্জনৰ দিনাও পুনৰ ক’ভিড পৰীক্ষা কৰিব লাগিব। নীতি-নিয়ম অনুযায়ী আবদ্ধকৈ পেণ্ডেল সাজিব নোৱাৰিব, খোলা অৰ্থ্যাৎ মুকলিকৈ ৰাখিব লাগিব পেণ্ডেল। পেণ্ডেলৰ প্ৰৱেশ-প্ৰস্থানৰ পথ পৃথক হ’ব লাগিব৷ মাস্ক আৰু হেণ্ড ছেনিটাইজাৰ পূজা মণ্ডপত সোমোৱাৰ সময়ত সকলোৱে ব্যৱহাৰ কৰাটো বাঞ্চনীয়৷ এই ক্ষেত্ৰত নজৰ দিব লাগিব পূজা কমিটী সমূহে৷ নিশা দহ বজাৰ পিছত বন্ধ কৰিব লাগিব পূজা মণ্ডপ। পূজাত কোনো সাংস্কৃতিক অনুষ্ঠান, প্ৰতিযোগিতা পাতিব নোৱাৰিব। অৱশ্যে আৰতি কৰিব পাৰিব। পূজাৰ দিন কেইটাত দুজন পুৰুষে একেলগে বাইকত যাব নোৱাৰিব। মহিলা আৰু শিশুৰ ক্ষেত্ৰত তেনে বাধা নাই। নিশা ৯ বজাত বন্ধ কৰিব লাগিব ৰেষ্টুৰেণ্ট৷ আনহাতে দেৱী বিসৰ্জনৰ সময়ত শোভাযাত্ৰা লগতে বহু লোকৰ সমাগমৰ কৰিব নোৱাৰিব৷

https://www.facebook.com/aamarasomofficial/videos/678750549686993