Logo
image

চীনৰ ওচৰত পুনৰ কাশ্মীৰ বিষয়টো উত্থাপন ইমৰান খানৰ

উইঘুৰ মুছলমানৰ ওপৰত চলা অত্যাচাৰক সমৰ্থন ইমৰান খানৰ

আমাৰ অসম, ৮ ফেব্ৰুৱাৰীঃ ৪ দিনীয়া সূচীৰে চীন ভ্ৰমণ কৰা পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে দেওবাৰে দেশখনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সৈতে আলোচনাত বহে৷ এই আলোচনাতে ইমৰান খানে কাশ্মীৰ বিষয়টো উত্থাপন কৰে৷ আলোচনাৰ পাছত চীন আৰু পাকিস্তানে যুটীয়া বিবৃতি জাৰি কৰে আৰু এই বিবৃতিটোত কাশ্মীৰ বিষয়টোৱে স্থান লাভ কৰে৷ বিবৃতিত চীনে পাকিস্তানক আহ৩ান জনায় কাশ্মীৰ বিষয়টোত শান্তিপূৰ্ণ আলোচনাৰে সমাধান কৰিবলৈ৷ পৰিস্থিতি জটিল কৰিবলৈ একপক্ষীয় কাৰ্যব্যৱস্থাৰ বিৰোধিতা কৰে চীনে৷ এই বাতৰি লিখা পৰলৈকে ভাৰতে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কাশ্মীৰৰ বৰ্তমান স্থিতিৰ সন্দৰ্ভত চীনৰ ৰাষ্ট˜পতি জিনপিঙক অৱগত কৰায়৷ উল্লেখ্য, ইয়াৰ পূৰ্বেও পাকিস্তানে চীনৰ ওচৰত কাশ্মীৰ বিষয়টো উত্থাপন কৰি আহিছিল আৰু ভাৰতে ইয়াৰ বিৰোধিতা কৰিছিল৷ ইপিনে, এই কথা পোহৰলৈ আহিছে যে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে শ্বিনজিয়াঙত সংখ্যালঘু মুছলমানৰ ওপৰত চীনে কৰি অহা অমানুষিক অত্যাচাৰক সমৰ্থন কৰে৷ ইমৰান খানে বন্ধুত্বৰ স্বাৰ্থতে আৰু চীনৰ পৰা লাভ কৰা সাহায্যৰ স্বাৰ্থতে এনে কৰা বুলি অভিযোগ কৰিছে৷ যি ইমৰান খানে কাশ্মীৰ আৰু ভাৰতৰ আন স্থানত মুছলমানৰ ওপৰত অত্যাচাৰ চলা বুলি বিৰোধিতা কৰি আহিছে, সেইজন ইমৰান খানে কেনেকৈ চীনৰ উইঘুৰ মুছলমানৰ দুখ-বেদনা বুজিব নোৱৰিলে, সেই কথাটোৱেও সকলোকে আচৰিত কৰি তুলিছে৷