Logo
image

হেলমেট পিন্ধি অস্ত্ৰ লৈ আহিছিল অণু-হত্যাকাৰী

আমাৰ অসম, ৯ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ কালাপাহাৰৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ নতুন মোৰ৷ ধন-সম্পত্তিৰ বাবেই বৃদ্ধাগৰাকীক পৰিকল্পিতভাৱে হত্যাৰ সন্দেহ৷ ইতিমধ্যে নিঃসংগ অনু হাজৰিকাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ চি চি টিভিৰ ফুটেজ মহানগৰ আৰক্ষীৰ হাতত আহি পৰিছে৷ দুজন যুৱকে হেলমেট পৰিধান কৰি হাতত মাৰণাস্ত্ৰ লৈ নিশাৰ ভাগত অনু হাজৰিকাৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ দৃশ্য চি চি টিভিত আবদ্ধ হৈ আছে৷ নিজৰ পৰিচয়  লুকুৱাবলৈ হেলমেট পৰিধান কৰা যুৱক দুজনৰ ফুটেজ সংগ্ৰহ কৰি আৰক্ষীয়ে তন্ন তন্নকৈ পৰীক্ষা-নিৰীক্ষা চলাই আছে৷ ইতিমধ্যে আৰক্ষীয়ে চাঞ্চল্যকৰ হত্যাকাণ্ডৰ বহু গুৰুত্বপূৰ্ণ ক্লু লাভ কৰা বুলি শীৰ্ষ আৰক্ষী বিষয়াই দাবী কৰিছে৷ ধন-সম্পত্তিৰ বাবেই দুষ্কৃতিকাৰীয়ে হত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে৷ আনহাতে, মৃত অনু হাজৰিকাৰ গাণনিক বিষয়া অক্ষয় কুমাৰ শৰ্মাই ফটাশিল আমবাৰী থানাত আত্মসমৰ্পণ কৰে৷ আৰক্ষীয়ে অক্ষয় কুমাৰ শৰ্মাক দিনটো মাৰাথন জেৰা কৰি সন্ধিয়া মুকলি কৰি দিয়ে৷ আনহাতে, আৰক্ষীয়ে কেয়াৰটেকাৰ জিণ্টু কুমাৰ শৰ্মা আৰু গাড়ী চালক প্ৰাণজিৎক মাৰাথন জেৰা চলাই আছে৷ উল্লেখ্য যে  উক্ত কমপ্লেক্সৰ প্ৰথম মহলাত থকা অনু হাজৰিকা [৬০]ক নৃশংসভাৱে হত্যা কৰি বিছনাৰ তলত সুমুৱাই থৈ যায়৷ কালি দিনৰ প্ৰায় ১১ বজাত এই ঘটনা পোহৰলৈ অহাৰ পাছতে বৃহত্তৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ অকলশৰীয়া মহিলাগৰাকীক কোনে কিদৰে হত্যা কৰিলে সেই লৈ বৃহত্তৰ অঞ্চলটোৰ বাসিন্দাসকলৰ মাজত নানান প্ৰশ্ন উত্থাপন হৈছে৷ মহিলাগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ বাবে বহু লোক ওলাই আহিল৷ তেনে সময়তে উপস্থিত হোৱা ফটাশিল আমবাৰী আৰক্ষীয়ে অনু হাজৰিকাক কেয়াৰটেকাৰ জিণ্টু শৰ্মা আৰু গাড়ী চালক প্ৰাণজিতক আটক কৰি থানালৈ লৈ যায়৷ বাতৰি লিখা পৰলৈ দুয়োজনকে আৰক্ষীয়ে সোধা-পোছা চলাই থকা বুলি জানিব পৰা গৈছে৷ ফটাশিল আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰামতে মহিলাগৰাকীৰ অট্টালিকাটোৰ তলৰ মহলাত গেষ্ট হাউছ আছে৷ তেওঁ প্ৰথম মহলাত অকলশৰে বাস কৰে৷ তেওঁৰ গেষ্ট হাউছৰ লগতে টকা পইচাৰ হিচাপ-নিকাচ ৰাখে অক্ষয় নামৰ এজন যুৱকে৷ উক্ত অট্টালিকাটোৰ দ্বিতীয় মহলাত তৰ্জা-টিনপাটৰ ঘৰত অক্ষয়ৰ লগতে হ্লজিণ্টু আৰু প্ৰাণজিতো থাকে৷ কিন্তু কালিৰে পৰা অক্ষয়ই অট্টালিকাটোত নাছিল৷ ইফালে নলবাৰী নিবাসী জিণ্টু আৰু প্ৰাণজিতো যোৱা প্ত ফেব্ৰুৱাৰীত ঘৰলৈ গৈছিল৷ এনে সময়তে কালি পুৱাৰ ভাগত অক্ষয়ে মহিলাগৰাকীক ম’বাইলত নাপাই জিণ্টু আৰু প্ৰাণজিতলৈ ফোন কৰে৷ লগতে দুয়োজনকে মহিলাগৰাকীৰ খবৰ ল’বলৈ কয়৷ অক্ষয়ৰ ফোন পোৱাৰ পিচতে দুয়োজন যুৱকে অনু হাজৰিকাৰ গৃহত প্ৰৱেশ কৰে৷ তেওঁলোকে বাউদেউ বাইদেউ বুলি চিঞৰে যদিও মহিলাগৰাকীক বিচাৰি নাপালে৷ লগে লগে ১০০ত ডাইল কৰি বিষয়টো আৰক্ষীক অৱগত কৰে৷ কিছু সময়ৰ ভিতৰতে আৰক্ষী উপস্থিত হয় যদিও মহিলাগৰাকীক বিচাৰি উলিয়াব নোৱাৰি উভতি যায়৷ কিন্তু কিছু সময় পিচত পুনৰ ঘটনাস্থলীত ফটাশিল আমবাৰী থানাৰ উচ্ছপদস্থ বিষয়াসহ আৰক্ষীৰ জোৱান উপস্থিত হৈ মহিলাগৰাকীৰ বিচাৰ-খোঁচাৰ আৰম্ভ কৰে৷ তেনে সময়তে জিণ্টু আৰু প্ৰাণজিতে এখন বিছনাৰ তলত মহিলাগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰে৷ তেওঁলোকে মৃতদেহটো আৰক্ষীক দেখুৱাই দিয়ে৷ আৰক্ষীয়ে হাত-ভৰি বন্ধা, মুখত টয়লেট পেপাৰ সুমুৱাই দি টেপ লগাই থোৱা অৱস্থাত উদ্ধাৰ কৰা মৃতদেহটো পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে৷ এই ঘটনাৰ পিচতে ঘটনাস্থলীত উপস্থিত হোৱা মহিলাগৰাকীৰ সম্পৰ্কীয় লোকে অনু হাজৰিকাক সম্পত্তিৰ বাবে কোনোৱে হত্যা কৰিছে বুলি কয়৷ তেওঁলোকে এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক শীঘ্ৰে কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন কৰে৷ উল্লেখযোগ্য যে তাৰাহিৰা কমপ্লেক্সৰ প্ৰথম মহলাত ৭ টা কোঠাৰ বাসগৃহটোত মহিলাগৰাকীয়ে অকলশৰে বাস কৰিছিল৷ প্ৰায় পাঁচ বছৰ পূৰ্বে তেওঁৰ স্বামীৰ মৃত্যু হয়৷ ইয়াৰ পিচৰে পৰা মহিলাগৰাকীয়ে তেওঁৰ গৃহৰ তলৰ মহলা গেষ্ট হাউচ হিচাপে ব্যৱহাৰ কৰি ব্যৱসায় কৰি আছিল৷ এই গেষ্ট হাউছ চোৱাচিতাৰ দায়িত্ব অক্ষয় নামৰ যুৱকজনক দিয়া হৈছিল৷ তদুপৰি মহিলাগৰাকী আত্মনিৰ্ভৰ -নামৰ এটা স্বেচ্ছাসেবী সংগঠনৰ সৈতেও জড়িত আছিল৷ মাজে-সময়ে -এই স্বেচ্ছাসেবী সংগঠনটোৰ কাম-কাজ জিণ্টু আৰু প্ৰাণজিতেও কৰিছিল৷ সেই সূত্ৰে তেওঁলোক মহিলাগৰাকীৰ আপোন হৈছিল৷ ইফালে, মহিলাগৰাকীয়ে স্বামীৰ সূত্ৰে শংকৰপুৰত কেইবাকোটি টকাৰ সম্পত্তি লাভ কৰিছিল৷ তেওঁৰ চৌহদত ভাড়াতীয়া হিচাপে আছে গাড়ী বিক্ৰী প্ৰতিষ্ঠান মুকেশ ওজাই৷ তেওঁ মুকেশ ওজাইৰ পৰা মাহেকত ভাড়াব বাবদ মোটা অংকৰ ধন পাইছিল৷ ইফালে, মহিলাগৰাকীয়ে গেষ্ট হাউছৰ পৰাও ধন লাভ কৰিছিল৷ সম্পত্তিৰ লোভতে মহিলাগৰাকীক কোনোৱে হত্যা কৰি বিছনাৰ তলত সুমুৱাই থৈ যোৱা বুলি আৰক্ষীয়ে প্ৰাথমিক তদন্তত সন্দেহ প্ৰকাশ কৰিছে৷ হত্যাকাৰীয়ে ঘৰটোৰ পৰা ওলাই যোৱাৰ সময়ত দুৱাৰখন আধা খোলা অবস্থাতে থাকে৷ তদুপৰি মহিলাগৰাকীৰ মৃতদেহটো শোৱনি কোঠাত নাছিল৷ আন এটা ভি আই পি কোঠাৰ বিছনাৰ তলত আছিল৷ মহিলাগৰাকীৰ নৃশংস হত্যাকাণ্ডক কেন্দ্ৰ কৰি বৃহত্তৰ অঞ্চলটোত সৃষ্টি হোৱা তীব্ৰ চাঞ্চল্যৰ মাজতে বিভিন্নজনে মহানগৰ আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ সুৰুঙাৰ বাবে এই ঘটনা সংঘটিত হ’বলৈ পালে বুলি মন্তব্য কৰিছে৷ ৰাইজৰ মতে ঘটনাস্থলীৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰত আছে ফটাশিল আমবাৰী আৰক্ষী থানা৷ আকৌ বিৰুবাৰী আৰক্ষী চকীলৈ দূৰত্বও ২৫০ মিটাৰৰ অধিক নহ’ব৷ আনফালে পল্টন বজাৰ থানাও আছে৷ তদুপৰি তাৰাহিৰা কমপ্লেক্সৰ সন্মুখতে আছে আৰক্ষীৰ তালাচী চকী৷ ইমানৰ পিচতো আৰক্ষীৰ নিৰপত্তা বেহু  ফালি নিশা দুৰ্বৃত্তই মহিলাগৰাকীক নৃশংসভাৱে হত্যা কৰি বীৰদৰ্পে আঁতৰি যাবলৈ সক্ষম হোৱাটোৱে মহানগৰ আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ উদঙাইছে বুলি ৰাইজে মন্তব্য কৰিছে৷ ইপিনে, গুৱাহাটীৰ কালাপাহাৰস্থিত বাসগৃহত মৃতদেহ উদ্ধাৰ হোৱা অনু হাজৰিকাক সম্পত্তিৰ বাবে কোনো লোকে হত্যা কৰাৰ সন্দেহ কৰিছে মহিলাগৰাকীৰ লখিমপুৰ নগৰৰ পিতৃ গৃহৰ পৰিয়ালে৷ লখিমপুৰ লোকসভা সমষ্টিৰ অগপৰ প্ৰাক্তন সাংসদ প্ৰয়াত গকুল শইকীয়াৰ জ্যেষ্ঠ ভগ্নী অনু শইকীয়া ডিগবৈ নিবাসী অতুল হাজৰিকাৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ বিয়াৰ সাত বছৰমান পিচত অতুল হাজৰিকাৰ পথ দুৰ্ঘটনাত মৃত্যু হয়৷ তেওঁলোকৰ একমাত্ৰ সন্তান ‘বাবা’ৰো দিল্লীত অধ্যয়ন কৰি থকা অৱস্থাতে মৃত্যু হয়৷  গুৱাহাটীস্থিত এটা বেংকৰ শাখা কাৰ্যালয়ত বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা অনু হাজৰিকা পুনৰ শংকৰপুৰ নিবাসী কল্যাণ ডেকা নামৰ এজন ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁৰো প্ত বছৰ পূৰ্বে মৃত্যু হয়৷ বিগত প্ৰায় পাঁচ বছৰমানৰ পৰা বৃদ্ধা গৰাকীয়ে অকলশৰে আছিল৷ মহিলাগৰাকী বিশাল সম্পত্তিৰ অধিকাৰী আছিল৷ সেয়ে সম্পত্তিৰ লোভতে কোনোৱে তেওঁক হত্যা কৰা বুলি পিতৃ গৃহৰ পৰিয়ালে সন্দেহ প্ৰকাশ কৰিছে৷