Logo
image

চান্দা অবিহনে বিহু অসম্ভৱ! ফাটবিহু সমিতি

 জুবিন আৱেগিক হৈছেঃ বৰষা

আমাৰ অসম, ৯ ফেব্ৰুৱাৰীঃ নিজস্ব, একক আৰু ব্যতিক্ৰমী উদ্‌যাপনৰ বাবে অসম বিখ্যাত,  সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰস্বৰূপ তথা ঢকুৱাখনাৰ স্বাভিমান ঐতিহাসিক ফাটবিহু৷ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনৰ পৰাই উদ্‌যাপন কৰা বুলি ঐতিহাসিক সমল থকা ঢকুৱাখনাৰ এই ফাটবিহুৰ মূল সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰী ড॰  হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিৰ হিয়াৰ আমঠু, প্ৰাণস্পন্দন ব’হাগ বিহু ব’হাগ মাহৰ প্ৰথম   সপ্তাহত উদ্‌যাপন কৰিব লাগিব আৰু চান্দা উঠাব নোৱাৰিব বুলি কৰা ঘোষণাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ ফাটবিহু সমিতিৰ সম্পাদক নৰ গগৈয়ে ‘আমাৰ অসম’ৰ আগত মুখ্যমন্ত্ৰীৰ ঘোষণাত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ঢকুৱাখনাবাসীয়ে জাতি, ধৰ্ম আৰু বৰ্ণ নিৰ্বিশেষে আহোম ৰজাৰ দিনৰ পৰা ঢকুৱাখনাৰ মাজেৰে প্ৰবাহিত চাৰিকড়ীয়া নদীৰ ফাটত ব’হাগ মাহৰ শেষৰ ফালে ফাটবিহু উদ্‌যাপন কৰি আহিছে৷ ইফালে ফাটবিহু সমিতিয়ে সংবিধান গ্ৰহণ কৰাৰ পাছত বিগত চাৰিটা দশক ধৰি ৰাইজৰ লগতে বিভিন্ন স্থানৰ বিহু দলবোৰৰ সুবিধাৰ বাবে ব’হাগ মাহৰ শেষৰ সপ্তাহৰ শুকুৰ, শনি আৰু দেওবাৰে ফাটবিহু উদ্‌যাপন কৰি অহা হৈছে৷ বৃহত্তৰ ঢকুৱাখনাৰ বিভিন্ন অঞ্চলত বাস কৰা চুতীয়া, আহোম, কোচ, কলিতা, সূত, বামুণ, গোসাঁই, কৈৱৰ্ত, নেপালী, মিচিং, দেউৰী, কছাৰী, চাহ জনগোষ্ঠী, মাৰোৱাৰী, বিহাৰী, বাঙালী আদি নানা জাতি-জনগোষ্ঠীৰ লোকসকলে নিজ নিজ অঞ্চলত বিহু উদ্‌যাপন কৰাৰ পাছত ফাটবিহুত অংশগ্ৰহণ কৰি ফাটবিহুক মহীয়ান কৰি তোলে৷ এনেকুৱা পৰিৱেশ- পৰিস্থিতি এৰাই চলি আৰু পৰম্পৰা ভংগ কৰি ব’হাগৰ প্ৰথম সপ্তাহত ফাটবিহু উদ্‌যাপন কৰাটো একপ্ৰকাৰ অসম্ভৱ৷ ইফালে অসমৰ গ্ৰাম্য সমাজে ব’হাগ বিহুত হুঁচৰি গাই উঠোৱা পুঁজিৰে নামঘৰ, বিদ্যালয়, পুথিভঁৰাল, যুৱ সংঘ আদি নিৰ্মাণ কৰে৷ এয়া জোৰ-জুলুম কৰি উঠোৱা চান্দাৰ ভিতৰত নপৰে৷ ৰাইজৰ বৰঙণি অবিহনে সুচাৰুৰূপে বিহু পতাটো সম্ভৱ নহয়৷ হুঁচৰি গোৱাটো অসমীয়া জাতীয় সংস্কৃতিৰ এক অংগ৷ আনহাতে, চান্দা সংস্কৃতি বন্ধ কৰিবৰ বাবে মুখ্যমন্ত্ৰীৰ পদক্ষেপক আদৰণি জনাই ফাটবিহু সমিতিৰ সম্পাদকজনে কয় যে ঢকুৱাখনাবাসীৰ তেওঁলোকৰ স্বাভিমানৰ প্ৰতীক ফাটবিহু উদ্‌যাপনৰ বাবে কিছু অৰ্থ সুকীয়াকৈ ৰাখি থয়৷ চান্দা-বৰঙণি তুলি ফাটবিহু সমিতি আৰু উদ্‌যাপন সমিতিয়ে আজিপৰ্যন্ত জুৰ-জুলুম ক’তো কাকো কৰা নাই৷  গৃহস্থৰ আমন্ত্ৰণমৰ্মে ঘৰত হুঁচৰি গাইহে ফাটবিহুৰ পুঁজি গঠন কৰা হয়৷ একেদৰে ফাটবিহুত শিল্পীক আমন্ত্ৰণ জনাই নিশা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা নহয়৷ আনহাতে, চৰকাৰে অনুদান হিচাবে দিব লগা ডেৰলাখ টকাৰে শতাধিক বিহুদলে অংশগ্ৰহণ কৰা ফাটবিহু অনুষ্ঠিত কৰিব পৰা নাযায়৷ কিন্তু সৰু সৰু বিহু অনুষ্ঠানৰ বাবে ডেৰলাখ টকাৰ অনুদান যথেষ্ট৷ এইয়া চৰকাৰৰ আদৰণীয় পদক্ষেপ বুলি ফাটবিহু সমিতিয়ে মন্তব্য কৰে৷

জুবিন আবেগিক হৈছেঃ বৰষা

আমাৰ অসমঃ ব’হাগ বিহুক লৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দুদিন পূৰ্বে ঘোষণা কৰা কেতবোৰ সিদ্ধান্তক কেন্দ্ৰ কৰি ৰাজ্যৰ সৰ্বত্ৰতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ বিশেষকৈ বলপূৰ্বক চান্দা সংগ্ৰহ কৰি বিহু অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে বৰ্তমানৰ চৰকাৰখনে৷ ইয়াৰ পৰিৱৰ্তে ১০ বছৰ পুৰণি যিবিলাক বিহু কমিটীয়ে ১১ পৰা ৭ ব’হাগৰ ভিতৰত বিহু অনুষ্ঠিত কৰি আহিছে সেই বিহু কমিটীক ডেৰ লাখ টকাৰ অৰ্থ সাহায্য চৰকাৰে প্ৰদান কৰিব বুলিও ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে৷ ইয়াৰ পাছতে ৰাজ্যৰ সৰ্বত্ৰতে মুখ্যমন্ত্ৰীৰ বিহুকেন্দ্ৰিক ঘোষণাক কেন্দ্ৰ কৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ একাংশই বলপূৰ্বক চান্দা সংগ্ৰহৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিক মুকলি সমৰ্থন কৰাৰ বিপৰীতে একাংশই চান্দা অবিহনে বিহু অনুষ্ঠিত কৰাটো সম্ভৱ নহয় বুলি স্পষ্ট কৰি দিছে৷ বহুতেই বিহু সমিতিক চৰকাৰে ডেৰ লাখ টকাৰ সাহাৰ্য দি ইয়াক ৰজাঘৰীয়া কৰিব বিচৰা বুলি আশংকা প্ৰকাশ কৰিছে৷ ইয়াৰ মাজতে জনপ্ৰিয় গায়ক জুবিন গাৰ্গে ঘোষণা কৰিছে যে তেওঁ অহা বছৰৰ পৰা বিহু ফাংচনত আৰু গান নাগায়৷ জুবিন গাৰ্গৰ এই সিদ্ধান্তত ম্ৰিয়মান হৈ পৰিছে তেওঁৰ অগণন গুণমুগ্ধ৷ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই মঙলবাৰে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– শিল্পীসকল যিহেতু ৰাইজে বনাইছে, সেয়ে ৰাইজে যিটো বিচাৰিছে সেইটোৱে হ’ব৷ ৰাইজে যদি বিচাৰে জুবিন গাৰ্গ ২০ বছৰলৈ গান গাই থাকক, তেতিয়া তেওঁ নি(য় গান গাই যাব৷ সকলো ৰাইজৰ ওপৰত কথা৷ বিহু কিছুমান পৰম্পৰাক লৈ চলি আছে৷ গৰু বিহু, মানুহ বিহু, গোসাঁই বিহু, চেৰা বিহুকে ধৰি সাতদিনীয়াকৈ ব’হাগ বিহু আমি পালন কৰোঁ৷

মুখ্যমন্ত্ৰীৰ মন্তব্য গ্ৰহণযোগ্য নহয়ঃ যুৱ-ছাত্ৰ

আমাৰ অসমঃ মুখ্যমন্ত্ৰী ড॰  হিমন্ত বিশ্ব শৰ্মাই বিহু সন্মিলন আৰু চান্দা সংস্কৃতিক লৈ সোমবাৰৰ সংবাদ মেলত কৰা মন্তব্যক লৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে তীব্ৰ¸ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে দহ বছৰ সম্পূৰ্ণ কৰা বিহু সন্মিলনসমূহলৈ ডেৰ লাখ টকাকৈ অৰ্থসাহায্য আগবঢ়োৱাৰ বিপৰীতে চান্দা সংস্কৃতি বন্ধ কৰা আৰু ৰঙালী বিহু সাত দিনৰ ভিতৰত সামৰিব লাগিব বুলি যি মন্তব্য আগবঢ়াইছে সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি সংগঠনটোৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি ৰামচন্দ্ৰ দত্তই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ উল্লেখ্য যে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰাণ আঞ্চলিক সমিতিয়ে অনুষ্ঠিত কৰি অহা ৰঙালী বিহু সন্মিলনে ইতিমধ্যে ডেৰকুৰি বৰ্ষ পূৰ্ণ কৰিছে৷ ইমান বছৰ ধৰি কোনোধৰণৰ চৰকাৰী অনুদান নোহোৱাকৈ বিহু উদ্‌যাপন কৰি আহিছে আৰু এতিয়াও কোনো চৰকাৰী ধনৰ প্ৰয়োজন নাই৷ ৰাইজে বিহু পতাৰ ক্ষেত্ৰত আন্তৰিকতাৰে হাত উজান দি আহিছে আৰু দি যাব৷  ৰাইজৰ দান-বৰঙণিৰ সলনি কেৱল চৰকাৰে দিয়া ডেৰলাখ টকাৰে কি কি বস্তু কিনিব পাৰিব তাৰ এখন তালিকা প্ৰস্তুত কৰি দিব লাগিব৷ লগতে সভাপতিয়ে আৰু কয় যে মুখ্যমন্ত্ৰীয়ে বিহু পাতিবলৈ ধন দিয়াতকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰক আৰু ইয়াতহে তেওঁৰ দক্ষতা প্ৰকাশ পাব৷ বিহু পাতিবলৈ আগবঢ়াব খোজা ধন মুখ্যমন্ত্ৰীয়ে দৰিদ্ৰজনলৈ আগবঢ়াওক বুলি মন্তব্য কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমীয়া বাপতিসাহোন ৰঙালী বিহুটো মাহজুৰি পালন কৰাৰ পোষকতা কৰে৷